২৯ ফেব্ৰুৱাৰীৰ পিছত Paytm সেৱা বন্ধ কৰাৰ নিৰ্দেশ RBIৰ; শ্বেয়াৰত খহনীয়া

ৰিজাৰ্ভ বেংকে পেটিএম পেমেণ্টছ বেংক লিমিটেডে নতুন গ্ৰাহকৰ পৰা জমা ধন তৎকালীনভাৱে কাৰ্যকৰী হোৱা বন্ধ কৰিবলৈ নিৰ্দেশ দিছে। ২৯ ফেব্ৰুৱাৰীৰ পিছত আৰু কোনো ধন জমা ল’ব নোৱাৰিব।

এক প্ৰেছ বিবৃতিত আৰ বি আইয়ে কয় যে পেটিএমৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে অমান্যতাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

সেয়ে, ২৯ ফেব্ৰুৱাৰীৰ পিছত পিছত কোনেও গ্ৰাহকৰ একাউণ্ট, ৱালেট বা ফাষ্টটেগত কোনো ধৰণৰ ধন জমা কৰিব নোৱাৰে বা ক্ৰেডিট লেনদেন কৰিব নোৱাৰে।

লগতে পঢ়কঃ Interim Budget 2024: বাজেটত কৃষি মন্ত্ৰালয়ৰ বাবে আৱণ্টন সৰ্বনিম্ন ১.২৭ লাখ কোটি টকা; সাংসদ-মন্ত্ৰীৰ দৰমহাৰ বাবে কিমান?

বুধবাৰে আৰ বি আইৰ নিৰ্দেশৰ পিছতে পেটিএমৰ শ্বেয়াৰত ধুমুহাৰ সৃষ্টি হয়। বৃহস্পতিবাৰে একবাৰতে পেটিএমৰ শ্বেয়াৰৰ মূল্য ২০ শতাংশ হ্ৰাস পায়। বৃহস্পতিবাৰে পুৱা শ্বেয়াৰ মূল্য ৬০৯ টকালৈ হ্ৰাস পায়।