কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পুজিৰ খেলিমেলি: মুখ্য বন্যপ্ৰাণী সংৰক্ষক পদৰ পৰা অপসাৰণ এম কে যাদৱক

এম কে যাদৱ। ফাইল ফটো।

অসমৰ প্ৰধান মুখ্য বন সংৰক্ষক (পিচিচিএফ) আৰু বন বাহিনীৰ মুৰব্বী এম কে যাদৱক মুখ্য বন্যপ্ৰাণী সংৰক্ষক (CWLW) পদৰ পৰা অপসাৰণ কৰা হৈছে।

প্ৰধান মুখ্য বন সংৰক্ষক আৰু জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সমিতি অসম প্ৰকল্পৰ  (বন্যপ্ৰাণী আৰু জৈৱ বৈচিত্ৰ্য) প্ৰকল্প সঞ্চালক সন্দীপ কুমাৰক শনিবাৰৰ পৰা কাৰ্যকৰী হোৱাকৈ মুখ্য বন্যপ্ৰাণী সংৰক্ষকৰ দায়িত্ব দিয়া হৈছে।

শনিবাৰে জাৰি কৰা এক নিৰ্দেশনাত কোৱা হৈছে যে মুখ্য বন্যপ্ৰাণী সংৰক্ষকৰ (CWLW) অতিৰিক্ত দায়িত্বত থকা পি চি চি এফ আৰু অসম বন বাহিনীৰ মুৰব্বী মহেন্দ্ৰ কুমাৰ যাদৱে সন্দীপ কুমাৰক তাৎক্ষণিকভাৱে দায়িত্ব অৰ্পণ কৰিব।

লগতে পঢ়ক: প্ৰাক্তন ৰাষ্ট্ৰপতিৰ ভ্ৰমণৰ বাবে ব্যৱহাৰ কৰা হৈছিল কাজিৰঙাৰ ব্যাঘ্ৰ সংৰক্ষণৰ পুঁজিৰ ধন

সন্দীপ কুমাৰে বন আৰু জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সমিতি অসম প্ৰকল্পৰ প্ৰকল্প সঞ্চালকৰ দায়িত্ব অব্যাহত ৰাখিব বুলিও নিৰ্দেশনাটোত উল্লেখ কৰা হৈছে।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বাঘ্ৰ সংৰক্ষণ পুঁজি (টিচিএফ) নিৰ্বিচাৰে ব্যয় কৰা বুলি প্ৰকাশ পোৱাৰ পিছতে ১৯৮৯ বৰ্ষৰ ভাৰতীয় বনসেৱাৰ বিষয়া পিচিচিএফ এম কে যাদৱ সমস্যা পৰে।

কেৱল সংৰক্ষণৰ বাবে ব্যৱহাৰ কৰিবলগীয়া বাঘ্ৰ সংৰক্ষণৰ পুঁজি পিচিচিএফ এম কে যাদৱৰ নিৰ্দেশত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত অনুমোদিত নোহোৱা কামৰ বাবে নিৰ্বিচাৰে ব্যয় কৰা হৈছে।

তথ্যৰ অধিকাৰ (আৰ টি আই)ৰ এক প্ৰশ্নৰ উত্তৰ অনুসৰি যোৱা বছৰৰ ফেব্ৰুৱাৰী মাহত প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণত প্ৰায় ১.১ কোটি টকা ব্যয় কৰা হৈছিল।

লগতে পঢ়ক:টকা খৰচ কৰি গাড়ী কিনিব পাৰে, টোল টেক্স দিওতেহে সমস্যা হয় : ভৱেশ কলিতাৰ বচন

বাঘ্ৰে সংৰক্ষণৰ বাবে ব্যৱহাৰ কৰিবলৈ নিৰ্ধাৰিত পুজিৰ পৰাই এই ধন ব্যয় কৰা হৈছিল। বন্যপ্ৰাণী কৰ্মী ৰোহিত চৌধুৰীয়ে আৰ টি আইৰ আবেদনখন দাখিল কৰিছিল।

পিচিচিএফ যাদৱৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছিল যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড়ৰ লোকপিয়লৰ পৰিসংখ্যা একেৰাহে কেইবছৰ গড়মিল কৰা হৈছিল।

কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ে ২০২২ চনৰ মাৰ্চ মাহত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু বাঘ্ৰে সংৰক্ষিত বনাঞ্চলত কৰা গঁড়ৰ জনসংখ্যা গণনাৰ ওপৰত “তথ্য প্ৰতিবেদন” বিচাৰিছিল।

লগতে পঢ়ক: ধোনীৰ ধমক! হাৰ্ডিকৰ হাতত পৰাস্ত হৈ খং খাই উঠিল মাহী

মুখ্য বন্যপ্ৰাণী সংৰক্ষক হিচাপে যাদৱৰ কাৰ্যকালত বন্দী হাতীৰ ব্যাপক সৰবৰাহৰো বাতৰি পোৱা গৈছিল।

মাইক্ৰ’চিপ অবিহনে, বা সদ্য স্থাপন কৰা মাইক্ৰ’চিপ লৈ প্ৰাপ্তবয়স্ক হাতী পৰিবহণ কৰাৰ কেইটামান গোচৰ শেহতীয়াকৈ পোহৰলৈ আহিছিল।