অৱশেষত বড়ো নিষিদ্ধ সশস্ত্ৰ সংগঠন এন ডি এফ বি (এচ) ভাৰত চৰকাৰৰ সৈতে আলোচনাৰ মেজলৈ অহাৰ সম্ভাৱনাই দেখা দিছে।
চৰকাৰ আৰু সংগঠনটোৰ মাজত আলোচনাৰ “উদ্যোগ” লোৱাৰ বাবে পীপলছ দে’মক্ৰেতিক মুভমেন্ত ফৰ বড়োলেণ্ড (PDMB)ৰ অধ্যক্ষ জেব্ৰাৰাম মুছাহাৰীয়ে প্ৰকাশ কৰা আগ্ৰহে বহন কৰিছে এই ইংগিত।
“ভাৰত চৰকাৰ আৰু এন দি এফ বি (এচ)এ যদি সঠিক বুলি ভাবে তেন্তে পি দি এম বিয়ে আনন্দেৰে তেওঁলোকৰ মাজত শান্তি উদ্যোগৰ ব্যৱস্থা গ্ৰহণ কৰিব,” কোকৰাঝাৰত শনিবাৰে সংবাদমেলযোগে এই ঘোষণা মুচাহাৰীৰ।
পি দি এম বিৰ আগ্ৰহৰ বিপৰীতে অৱশ্যে এই সম্পৰ্কত এতিয়ালৈকে স্থিতি ৰাজহুৱা কৰা নাই নিষিদ্ধ সংগঠনটোৱে।
বড়োলেণ্ড বিষয়টোৰ চিৰদিনীয়া শান্তিপূৰ্ণ সমাধানৰ বাবে আন সকলো সংগঠনৰ লগতে এন দি এফ বিৰ সকলো গোটকে আলোচনা প্ৰক্ৰিয়াটোত জৰিত কৰাৰ বাবে ভাৰত চৰকাৰে “সক্ৰিয়” ভূমিকা ল’ব লাগে বুলিও মত প্ৰকাশ কৰিছে মুচাহাৰীয়ে।
এন দি এফ বিৰ দুটা গোটৰ সৈতে ভাৰত চৰকাৰৰ আলোচনা চলি থকাৰ বিপৰীতে শেহতীয়াকৈ অসম আৰু অৰুণাচল প্ৰদেশৰ বিভিন্ন স্থানত প্ৰায় নৈমিত্তিকভাৱে নিৰাপত্তা বাহিনীয়ে গ্ৰেপ্তাৰ কৰিছে এতিয়াও আলোচনালৈ নহা সংবিজিত পন্থীৰ বহুসংখ্যক সদস্য।
“বড়োলেণ্ড”ক লৈ যোৱা ২৫ জুনত প্ৰথমবাৰৰ বাবে ভাৰত চৰকাৰৰ সৈতে একেলগে আলোচনাত বহিছিল বড়ো বিদ্ৰোহী সংগঠন এন দি এফ বি (পি) আৰু (আৰ) গোট। মধ্যস্থতাকাৰী, ভাৰতীয় চোৰাংচোৱা সংস্থা ‘ৰ’ৰ প্ৰাক্তন বিষয়া এ বি মাথুৰৰ উদ্যোগত তিনি বছৰৰ বিৰতিত পুনৰ আৰম্ভ হোৱা আলোচনাত আলোচনাকাৰী সংগঠনসমূহৰ লগতে বড়ো ৰাইজে আনন্দ প্ৰকাশ কৰিছিল।
এন দি এফ বিৰ সৈতে দীৰ্ঘদিন ধৰি স্থগিত থকা আলোচনা পুনৰ আৰম্ভ কৰাৰ বাবে শেহতীয়াকৈ ভাৰত চৰকাৰে লোৱা উদ্যোগক আদৰণি জনাইছে পি দি এম বিৰ নেতা মুচাহাৰীয়ে।
লগতে পঢ়ক– ঐতিহাসিক : কেন্দ্ৰীয় চৰকাৰৰ মধ্যস্থতাকাৰীৰ সৈতে একেলগে বহিল এন ডি এফ বিৰ দুই গোট
“পি দি এম বিয়ে আৰম্ভণিৰে পৰাই এন দি এফ বি (প্ৰগ্ৰেচিভ) আৰু এন দি এফ বি (ৰঞ্জন)ৰ সৈতে চলিত চৰকাৰৰ আলোচনাক সমৰ্থন জনাই আহিছে আৰু দীৰ্ঘদিনীয়া বড়োলেণ্ড সমস্যাৰ সহমতৰ সৈতে সমাধানৰ ক্ষেত্ৰত কেন্দ্ৰৰ মনোবৃত্তি মনোযোগেৰে লক্ষ্য কৰি আহিছে,” মন্তব্য সংগঠনটোৰ অধ্যক্ষজনৰ।
তেওঁ লগতে কয় যে সকলো সংগঠনৰে সহমত লৈ সমাধানত উপনীত হ’লেহে অঞ্চলটোত স্থায়ী শান্তি স্থাপন হ’ব।