• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আহি আছে এন ডি এফ বি (এচ)?

Rinoy Basumatary ৰিনয় বসুমতাৰী
কোকৰাঝাৰ , December 8, 2018 7:06 pm

2 min read

NDFB-S-picture-750x375

প্ৰতীকী ছবি। ইণ্টাৰনেটৰ সৌজন্যত।

2.4k
VIEWS
Share on FacebookShare on Twitter

অৱশেষত বড়ো নিষিদ্ধ সশস্ত্ৰ সংগঠন এন ডি এফ বি (এচ) ভাৰত চৰকাৰৰ সৈতে আলোচনাৰ মেজলৈ অহাৰ সম্ভাৱনাই দেখা দিছে।

চৰকাৰ আৰু সংগঠনটোৰ মাজত আলোচনাৰ “উদ্যোগ” লোৱাৰ বাবে পীপলছ দে’মক্ৰেতিক মুভমেন্ত ফৰ বড়োলেণ্ড (PDMB)ৰ অধ্যক্ষ জেব্ৰাৰাম মুছাহাৰীয়ে প্ৰকাশ কৰা আগ্ৰহে বহন কৰিছে এই ইংগিত।

“ভাৰত চৰকাৰ আৰু এন দি এফ বি (এচ)এ যদি সঠিক বুলি ভাবে তেন্তে পি দি এম বিয়ে আনন্দেৰে তেওঁলোকৰ মাজত শান্তি উদ্যোগৰ ব্যৱস্থা গ্ৰহণ কৰিব,” কোকৰাঝাৰত শনিবাৰে সংবাদমেলযোগে এই ঘোষণা মুচাহাৰীৰ।

পি দি এম বিৰ আগ্ৰহৰ বিপৰীতে অৱশ্যে এই সম্পৰ্কত এতিয়ালৈকে স্থিতি ৰাজহুৱা কৰা নাই নিষিদ্ধ সংগঠনটোৱে।

বড়োলেণ্ড বিষয়টোৰ চিৰদিনীয়া শান্তিপূৰ্ণ সমাধানৰ বাবে আন সকলো সংগঠনৰ লগতে এন দি এফ বিৰ সকলো গোটকে আলোচনা প্ৰক্ৰিয়াটোত জৰিত কৰাৰ বাবে ভাৰত চৰকাৰে “সক্ৰিয়” ভূমিকা ল’ব লাগে বুলিও মত প্ৰকাশ কৰিছে মুচাহাৰীয়ে।

এন দি এফ বিৰ দুটা গোটৰ সৈতে ভাৰত চৰকাৰৰ আলোচনা চলি থকাৰ বিপৰীতে শেহতীয়াকৈ অসম আৰু অৰুণাচল প্ৰদেশৰ বিভিন্ন স্থানত প্ৰায় নৈমিত্তিকভাৱে নিৰাপত্তা বাহিনীয়ে গ্ৰেপ্তাৰ কৰিছে এতিয়াও আলোচনালৈ নহা সংবিজিত পন্থীৰ বহুসংখ্যক সদস্য।

“বড়োলেণ্ড”ক লৈ যোৱা ২৫ জুনত প্ৰথমবাৰৰ বাবে ভাৰত চৰকাৰৰ সৈতে একেলগে আলোচনাত বহিছিল বড়ো বিদ্ৰোহী সংগঠন এন দি এফ বি (পি) আৰু (আৰ) গোট। মধ্যস্থতাকাৰী, ভাৰতীয় চোৰাংচোৱা সংস্থা ‘ৰ’ৰ প্ৰাক্তন বিষয়া এ বি মাথুৰৰ উদ্যোগত তিনি বছৰৰ বিৰতিত পুনৰ আৰম্ভ হোৱা আলোচনাত আলোচনাকাৰী সংগঠনসমূহৰ লগতে বড়ো ৰাইজে আনন্দ প্ৰকাশ কৰিছিল।

এন দি এফ বিৰ সৈতে দীৰ্ঘদিন ধৰি স্থগিত থকা আলোচনা পুনৰ আৰম্ভ কৰাৰ বাবে শেহতীয়াকৈ ভাৰত চৰকাৰে লোৱা উদ্যোগক আদৰণি জনাইছে পি দি এম বিৰ নেতা মুচাহাৰীয়ে।

লগতে পঢ়ক– ঐতিহাসিক : কেন্দ্ৰীয় চৰকাৰৰ মধ্যস্থতাকাৰীৰ সৈতে একেলগে বহিল এন ডি এফ বিৰ দুই গোট

“পি দি এম বিয়ে আৰম্ভণিৰে পৰাই এন দি এফ বি (প্ৰগ্ৰেচিভ) আৰু এন দি এফ বি (ৰঞ্জন)ৰ সৈতে চলিত চৰকাৰৰ  আলোচনাক সমৰ্থন জনাই আহিছে আৰু দীৰ্ঘদিনীয়া বড়োলেণ্ড সমস্যাৰ সহমতৰ সৈতে সমাধানৰ ক্ষেত্ৰত কেন্দ্ৰৰ মনোবৃত্তি মনোযোগেৰে লক্ষ্য কৰি আহিছে,” মন্তব্য সংগঠনটোৰ অধ্যক্ষজনৰ।

তেওঁ লগতে কয় যে সকলো সংগঠনৰে সহমত লৈ সমাধানত উপনীত হ’লেহে অঞ্চলটোত স্থায়ী শান্তি স্থাপন হ’ব।

Recent News

“সকলো বিৰোধী ৰাজনৈতিক শক্তি মূল শত্ৰু বিজেপিৰ বিৰুদ্ধে একত্ৰিত হ’ব লাগে” : দেৱব্ৰত শইকীয়া

“সকলো বিৰোধী ৰাজনৈতিক শক্তি মূল শত্ৰু বিজেপিৰ বিৰুদ্ধে একত্ৰিত হ’ব লাগে” : দেৱব্ৰত শইকীয়া

a black t

চাপৰত উপস্থিত হৈ মন্ত্ৰী পীযুষ হাজৰিকাই বিলালে ১৫ হাজাৰকৈ টকা, কাক দিলে এই ধন?

boat capsize

নাৱৰ পৰা পৰি তিনি শিশু, এগৰাকী মহিলাসহ পাঁচগৰাকী পৰ্যটকৰ হ্ৰদত সলিল সমাধি : ১৫ জন আহত

a black t

বিটিচিৰ স্বাস্থ্য বিভাগৰ বহু কৰ্মচাৰীয়ে আজি ফোনতে শুনিবলগীয়া হ’ল ধমক, কোনে দিলে কৰ্মচাৰীক ধমক?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd