NORTHEAST NOW (Assamese)

বঙাইগাঁও ৰে’ল ষ্টেচনত ফুট অভাৰ ব্ৰীজৰ অভাৱত জনতাৰ দুৰ্ভোগ, শীঘ্ৰে নিৰ্মাণৰ দাবীত প্ৰতিবাদী সমদল

August 4, 2022 7:47 am · প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

বঙাইগাঁও ৰে’লৱে ষ্টেচনত থকা ফুট অভাৰ ব্ৰীজখন ৰে’লৱে বিভাগে ভাঙি দিয়াৰ ফলত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে বৃহত্তৰ অঞ্চলৰ ৰাইজৰ লগতে ছাত্ৰ-ছাত্ৰী সকলৰ মাজত৷ ফুট অভাৰ ব্ৰীজখন ভাঙি দিয়াৰ ফলত পালপাৰা , বাবুপাৰা , নেতাজী নগৰ , খাৰিজা দোলাইগাঁও , কৃষাণ বজাৰকে ধৰি বৃহত্তৰ অঞ্চলৰ ৰাইজ তথা ছাত্ৰ-ছাত্ৰীসকল যাতায়াতৰ ক্ষেত্ৰত এক ডাঙৰ সমস্যাত ভুগিবলগীয়া হৈছে ৷

কাৰণ এই ফুট অভাৰ ব্ৰীজখনৰ জৰিয়তে চহৰখনৰ দুই মেৰু উত্তৰ আৰু দক্ষিণৰ দিশৰ অতি সহজ যোগাযোগৰ ব্যৱস্থা আছিল ৷ কিন্তু ফুট অভাৰ ব্ৰীজখন ভাঙি দিয়াৰ ফলত বন্ধ হৈ পৰিল এই সহজ যোগাযোগ ব্যৱস্থা ৷ ফলত এতিয়া কেবা কিলোমিটাৰ ঘূৰি উত্তৰ পাৰৰ বৃহৎ অঞ্চলৰ ৰাইজ তথা ছাত্ৰ-ছাত্ৰীয়ে যাব লগীয়া হৈছে দক্ষিণ পাৰলৈ ৷

ফুট অভাৰ ব্ৰীজখন পুনৰ নিৰ্মাণৰ দাবীত সৰৱ হৈ উঠিছে বিভিন্ন দল – সংগঠন৷ ফুট অভাৰ ব্ৰীজখন পুনৰ নিৰ্মাণৰ দাবীত বঙাইগাঁৱত উলিওৱা হয় এক প্ৰতিবাদী সমদল ৷

বঙাইগাঁও নাগৰিকৰ হৈ উলিওৱা এই প্ৰতিবাদী সমদলটো বঙাইগাঁও ৰে’ল ষ্টেচনৰ পৰা জিলা উপায়ুক্ত কাৰ্যালয়লৈ যায় ৷ প্ৰতিবাদকাৰীসকলে ফুট অভাৰব্ৰীজখন পুনৰ নিৰ্মাণৰ দাবীত জিলা উপায়ুক্তক এখন স্মাৰকপত্ৰ প্ৰদান কৰে ৷

স্মাৰকপত্ৰৰ প্ৰতিলিপি এনএফ ৰে’লৱেৰ মালিগাঁৱস্থিত মহাপ্ৰৱন্ধক আৰু ৰঙিয়া সংমণ্ডলৰ প্ৰৱন্ধকলৈ প্ৰেৰণ কৰে৷

Related News