শিলঘাট সমবায় মৰাপাট কলৰ দ্বিতীয় য়ুনিট স্থাপনক লৈ ৰাজহুৱা সভা; ত্ৰিপাক্ষিক বৈঠকৰ পোষকতা

Jute mill

প্ৰতিনিধিত্বমূলক চিত্ৰ

শিলঘাটৰ অসম সমবায় মৰাপাট কলৰ দ্বিতীয় য়ুনিট স্থাপনক কেন্দ্ৰ কৰি অঞ্চলটোত আজিও অব্যাহত আছে প্ৰতিক্ৰিয়া।২৬ ডিচেম্বৰত বিহদুবি অঞ্চলৰ সমীপৱৰ্তী কেইবাখনো গাঁৱৰ ৰাইজ একত্ৰিত হৈ শিলঘাটৰ সমীপৰ বিহদুবিতে মৰাপাট কলৰ দ্বিতীয় য়ুনিটতো স্থাপন কৰাৰ দাবী জনায়।

বিহদুবি মধ্য ইংৰাজী বিদ্যালয়ত অনুষ্ঠিত হোৱা ৰাজহুৱা সভাখনত এই দাবী উত্থাপন কৰা হয়। জাৱনি, বালিদুৱাৰ, গাখীৰখাটি, বাঘৰচুক, দেউৰী চিলাবন্ধা, শেনছোৱা, বালিটিকা, চামধৰা, শিলঘাট গাঁৱকে ধৰি কেইবাখনো গাঁৱৰ ৰাইজৰ উপস্থিতিত শিক্ষাবিদ শৈলেন্দ্ৰ প্ৰসাদ দল বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত সভাই মৰাপাট কলৰ দ্বিতীয় য়ুনিট স্থাপন কৰাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা অচলাৱস্থা দুৰ কৰাৰ বাবে এক প্ৰস্তাৱ গ্ৰহণ কৰা হয়।

প্ৰস্তাৱ অনুসৰি, অসম সমবায় মৰাপাট কল কৰ্তৃপক্ষ, মৰাপাট কল কৰ্মী পৰিষদ আৰু আজি সমবেত হোৱা ৰাইজৰ প্ৰতিনিধিৰ মাজত শীঘ্ৰে ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লয়। সভাই সংশ্লিষ্ট সকলো পক্ষকে ঐক্যমতৰ ভিত্তিত মৰাপাট কলৰ দ্বিতীয় য়ুনিট স্থাপন কৰাৰ সপক্ষে মত পোষণ কৰে।

সভাত অংশগ্ৰহণ কৰা কেইবাগৰাকী ব্যক্তিয়ে বৃহত্তৰ বিহদুবি অঞ্চলৰ উন্নয়নৰ স্বাৰ্থত বিহদুবিতে মৰাপাট কলৰ দ্বিতীয় য়ুনিট স্থাপন কৰাৰ বাবে মত পোষণ কৰে। সভাত শিক্ষাবিদ প্ৰশান্ত শইকীয়া, ভূপেন শৰ্মা, ভাৰতী গগৈ, সমাজকৰ্মী যোগেন শইকীয়া, সত্যপ্ৰসাদ ৰাজখোৱা, হৰেন হাজৰিকা আদিয়ে অংশগ্ৰহণ কৰে।

উল্লেখ্য যে অসম সমবায় মৰাপাট কল পুনৰ উজ্জীৱিত কৰাৰ বাবে মৰাপাট কল কৰ্তৃপক্ষই চৰকাৰৰ ওচৰত এক প্ৰকল্প প্ৰতিবেদন প্ৰস্তুত কৰি বিহদুবিৰ বয়ন প্ৰকল্পৰ গৃহতে দ্বিতীয় য়ুনিট স্থাপনৰ বাবে আহ্বান জনাইছে। ইয়াৰ ভিত্তিততেই ১৭ ডিচেম্বৰত অসম চৰকাৰৰ কেবিনেট বৈঠকে মৰাপাট কলটোৰ দ্বিতীয় য়ুনিটৰ বাবে ৩২.৭২ কোটি টকাৰ ঋণৰ প্ৰস্তাৱত অনুমোদন জনাইছিল। এই বিষয়টো সদৰী হোৱাৰ লগে লগে শিলঘাটকে ধৰি কলিয়াবৰ অঞ্চলত প্ৰতিক্ৰিয়া সৃষ্টি হয়।

মৰাপাট কলৰ শ্ৰমিক য়ুনিয়ন কৰ্মী পৰিষদে শিলঘাটৰ অসম সমবায় মৰাপাট কলৰ চৌহদতে দ্বিতীয় য়ুনিট স্থাপনৰ দাবী জনাই আহিছে। ইপিনে উল্লেখিত গাঁওসমূহৰ ৰাইজে বিহদুবিতে য়ুনিটটো স্থাপনৰ দাবী জনাই আহিছে। এই দুয়োপক্ষৰ যুযুধান স্থিতিত য়ুনিটটো স্থাপনক লৈ এক অচলাৱস্থাৰ সৃষ্টি হয়।