১ অক্টোবৰৰ পৰাই কাৰ্যকৰী; অধিক বিদ্যুতৰ বিল পৰিশোধ কৰিব লাগিব অসমৰ গ্ৰাহকে

অসমৰ জন সাধাৰণে ১অক্টোবৰৰ পৰাই বিদ্যুৎ ব্যৱহাৰৰ বাবে অধিক বিদ্যুতৰ বিল পৰিশোধ কৰিব লাগিব।

ৰাজ্যত অসম বিদ্যুৎ বিতৰণ কোম্পানী লিমিটেডে (এপিডিচিএল) বিদ্যুতৰ মাচুল বৃদ্ধি কৰিছে।

১ অক্টোবৰৰ পৰাই এই নতুন বিদ্যুত মাচুল কাৰ্যকৰী হ’ব।

এপিডিচিএলে গ্ৰাহকসকলক এক জাননী জাৰি কৰিছে, য’ত সংশোধিত ইন্ধন আৰু শক্তি ক্ৰয় মূল্য সালসলনিৰ (এফপিপিপিএ)ৰ হাৰ উল্লেখ কৰা হৈছে।

বিদ্যুৎ মাচুলৰ এই ‘নিৰ্দ্ধাৰণ’ ২০২৩ চনৰ ছেপ্টেম্বৰ মাহত ব্যৱহাৰ কৰা বিদ্যুতৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব, আৰু পৰৱৰ্তী পৰিৱৰ্তন নোহোৱালৈকে চলি থাকিব।

ঘৰুৱা গ্ৰাহকৰ মাচুল বৃদ্ধি

অন্যান্য (বাণিজ্যিক, উদ্যোগিক ইত্যাদি)

স্মাৰ্ট প্ৰি-পেইড গ্ৰাহকৰ বাবে ২০২৩ চনৰ ছেপ্টেম্বৰৰ ভিতৰত ব্যৱহাৰ কৰা শক্তিৰ বাবে প্ৰযোজ্য এফপিপিপিএ চাৰ্জ ২০২৩ চনৰ ১ অক্টোবৰৰ পৰা ২০২৩ চনৰ ৩১ ডিচেম্বৰলৈকে ৯২টা সমান দৈনিক কিস্তিত সম্প্ৰসাৰিত কৰা হ’ব।