সত্ৰ নগৰী, সাংস্কৃতিক নগৰী আখ্যা পোৱা মাজুলীত স্থাপন কৰিব লগীয়া সাংস্কৃতিক বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য্য হিচাপে এজন নিকা চৰিত্ৰৰ ব্যক্তিক বিচাৰে মাজুলীবাসীয়ে।
গতিকে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন প্ৰধ্যাপক তথা নিজৰ ছাত্ৰীক যৌন নিৰ্য্যাতনত অভিযুক্ত ড০ ডম্বৰুধৰ নাথক উপাচাৰ্য্য হোৱাটো কামনা নকৰে বুলি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক সংবাদ মাধ্যমযোগে জনাইছে নদীদ্বীপ জিলাখনৰ বহুতো সচেতন ব্যক্তিয়ে।
বিৰোধিতা কৰাসকলৰ ভিতৰত আছে গড়মূৰ সত্ৰৰ সত্ৰাধিকাৰ, মাজুলী সাংস্কৃতিক মহাবিদ্যালয়ৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ ভূঞা আদি। নিউজ এইটটীন নামৰ ব্যক্তিগত খণ্ডৰ নিউজ চেনেলটোৰ আগত অধ্যক্ষ ভূঞাৰ দাবী, “প্ৰথমে কলংক মোচন কৰক, কলংক মোচন নোহোৱালৈকে তেওঁ পদ লোৱাৰ বাবে আগ নবঢ়া ভাল”।
ইতিমধ্যে ৰাজ্যৰ শৈক্ষিক আৰু বৌদ্ধিক জগতত তোলপাৰ লগাইছে ড০ নাথৰ যৌন কেলেংকাৰিটোৰ বাতৰিটোৱে। যৌন নিৰ্য্যাতিত ছাত্ৰীগৰাকীক এতিয়াও ন্যায় দিব নোৱৰাৰ বিপৰীতে চৰকাৰে অভিযুক্তক উপাচাৰ্য্য পদেৰে দিলে “পুৰস্কাৰ”।
ইপিনে ভুক্তভোগী ছাত্ৰীগৰাকীয়ে আজি সংবাদ মাধ্যমৰ আগত ঘটনাটোৰ কেতবোৰ চাঞ্চল্যকৰ তথ্য সদৰী কৰিছে। সেই সময়ত বিশ্ববিদ্যালয়খনৰ বুৰঞ্জী বিভাগৰ প্ৰথম ষান্মাসিকত পঢ়ি থকা ছাত্ৰীগৰাকীয়ে কেনেকৈ তেওঁক বিভাগটোৰ অধ্যাপক ড০ ডম্বৰুধৰ নাথে পৰীক্ষাত ভাল নম্বৰৰ প্ৰলোভনেৰে যৌন চিকাৰ কৰিব খুজিছিল নিজ মুখে বিৱৰি কয়।
ছাত্ৰীগৰাকীয়ে আজি সংবাদ মাধ্যমত দিয়া ভাষ্য অনুসৰি ক্লাছ শেষ হোৱাৰ পিছত তেওঁক অধ্যাপক ড০ নাথে নিজৰ চেম্বাৰলৈ মাতি কৈছিল, “এতিয়া ক্লাছ শেষ হ’ল, এতিয়া মৰম কৰিবলৈ মন গৈছে”।
“তোমাক কিবা সহায় লাগিলে ক’বা… তুমি মোক মাত্ৰ অলপ সময় দিবা। মোৰ চেম্বাৰলৈ আহিবা। তোমাৰ কোৱেশ্যন-আনছাৰ নাচাওঁ, কিন্তু তেনেকুৱাকৈয়ে তুমি মাষ্টাৰ ডিগ্ৰী ভাল মাৰ্কছীট এখন পাবা, আৰু লগতে এম ফিল, পি এইচ্চ ডিও কৰি একেলগে গোটেইকেইটা ডিগ্ৰী লৈ ইয়াৰ পৰা ওলাই যাব পাৰিবা।” সংবাদ মাধ্যমৰ আগত ভুক্তভোগী ছাত্ৰীগৰাকীয়ে কয়।
বিশ্ববিদ্যালয়খনৰ পৰা ন্যায় নাপালে বুলিও আক্ষেপ কৰে ছাত্ৰীগৰাকীয়ে। আনহাতে অধ্যাপকজনৰ এই অনৈতিক আচৰণৰ প্ৰতিবাদ কৰাৰ পিছতে তেওঁৰ ওপৰত মানসিক নিৰ্য্যাতন বৃদ্ধি পোৱা বাবে তেওঁ বিশ্ববিদ্যালয়খন এৰিব লগীয়া হ’ল আৰু এটা শৈক্ষিক বছৰ লোকচান কৰি আন এখন বিশ্ববিদ্যালয়লৈ আহিব লগীয়া হ’ল, জনালে ছাত্ৰীগৰাকীয়ে।
অধ্যাপক ড০ নাথৰ বিৰুদ্ধে সোণাৰি থানাত গোচৰ ৰুজু ভুক্তভোগী ছাত্ৰীগৰাকীৰ
ইপিনে আজি নিৰ্য্যাতিতা ছাত্ৰীগৰাকীয়ে তেওঁক নিৰ্য্যাতন কৰা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক ড০ ডম্বৰুধৰ নাথৰ বিৰুদ্ধে সোণাৰি থানাত এটা গোচৰ দিয়ে। অশ্লীল প্ৰস্তাৱ দিয়াৰ অভিযোগ আনি এজাহাৰ দাখিল কৰে ছাত্ৰীগৰাকীয়ে। অভিযোগৰ ভিত্তিত থানাই ড০ নাথৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে বুলি জানিব পৰা গৈছে। আনহাতে ডিব্ৰুগড় বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ঘটনাটো গাপ দিয়াৰো অভিযোগ আনিছে ছাত্ৰীগৰাকীয়ে।