• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সাংস্কৃতিক বিশ্ববিদ্যালয়ত ড০ ডম্বৰুধৰ নাথক উপাচাৰ্য্য নিবিচাৰে মাজুলীবাসীয়ে

অধ্যাপক ড০ নাথৰ বিৰুদ্ধে সোণাৰি থানাত গোচৰ ৰুজু ভুক্তভোগী ছাত্ৰীগৰাকীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 5, 2019 10:38 pm
Dambaru Nath And Complain
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সত্ৰ নগৰী, সাংস্কৃতিক নগৰী আখ্যা পোৱা মাজুলীত স্থাপন কৰিব লগীয়া সাংস্কৃতিক বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য্য হিচাপে এজন নিকা চৰিত্ৰৰ ব্যক্তিক বিচাৰে মাজুলীবাসীয়ে।

গতিকে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন প্ৰধ্যাপক তথা নিজৰ ছাত্ৰীক যৌন নিৰ্য্যাতনত অভিযুক্ত ড০ ডম্বৰুধৰ নাথক উপাচাৰ্য্য হোৱাটো কামনা নকৰে বুলি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক সংবাদ মাধ্যমযোগে জনাইছে নদীদ্বীপ জিলাখনৰ বহুতো সচেতন ব্যক্তিয়ে।

Apply Now

বিৰোধিতা কৰাসকলৰ ভিতৰত আছে গড়মূৰ সত্ৰৰ সত্ৰাধিকাৰ, মাজুলী সাংস্কৃতিক মহাবিদ্যালয়ৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ ভূঞা আদি। নিউজ এইটটীন নামৰ ব্যক্তিগত খণ্ডৰ নিউজ চেনেলটোৰ আগত অধ্যক্ষ ভূঞাৰ দাবী, “প্ৰথমে কলংক মোচন কৰক, কলংক মোচন নোহোৱালৈকে তেওঁ পদ লোৱাৰ বাবে আগ নবঢ়া ভাল”।

ইতিমধ্যে ৰাজ্যৰ শৈক্ষিক আৰু বৌদ্ধিক জগতত তোলপাৰ লগাইছে ড০ নাথৰ যৌন কেলেংকাৰিটোৰ বাতৰিটোৱে। যৌন নিৰ্য্যাতিত ছাত্ৰীগৰাকীক এতিয়াও ন্যায় দিব নোৱৰাৰ বিপৰীতে চৰকাৰে অভিযুক্তক উপাচাৰ্য্য পদেৰে দিলে “পুৰস্কাৰ”।

ইপিনে ভুক্তভোগী ছাত্ৰীগৰাকীয়ে আজি সংবাদ মাধ্যমৰ আগত ঘটনাটোৰ কেতবোৰ চাঞ্চল্যকৰ তথ্য সদৰী কৰিছে। সেই সময়ত বিশ্ববিদ্যালয়খনৰ বুৰঞ্জী বিভাগৰ প্ৰথম ষান্মাসিকত পঢ়ি থকা ছাত্ৰীগৰাকীয়ে কেনেকৈ তেওঁক বিভাগটোৰ অধ্যাপক ড০ ডম্বৰুধৰ নাথে পৰীক্ষাত ভাল নম্বৰৰ প্ৰলোভনেৰে যৌন চিকাৰ কৰিব খুজিছিল নিজ মুখে বিৱৰি কয়।

ছাত্ৰীগৰাকীয়ে আজি সংবাদ মাধ্যমত দিয়া ভাষ্য অনুসৰি ক্লাছ শেষ হোৱাৰ পিছত তেওঁক অধ্যাপক ড০ নাথে নিজৰ চেম্বাৰলৈ মাতি কৈছিল, “এতিয়া ক্লাছ শেষ হ’ল, এতিয়া মৰম কৰিবলৈ মন গৈছে”।

“তোমাক কিবা সহায় লাগিলে ক’বা… তুমি মোক মাত্ৰ অলপ সময় দিবা। মোৰ চেম্বাৰলৈ আহিবা। তোমাৰ কোৱেশ্যন-আনছাৰ নাচাওঁ, কিন্তু তেনেকুৱাকৈয়ে তুমি মাষ্টাৰ ডিগ্ৰী ভাল মাৰ্কছীট এখন পাবা, আৰু লগতে এম ফিল, পি এইচ্চ ডিও কৰি একেলগে গোটেইকেইটা ডিগ্ৰী লৈ ইয়াৰ পৰা ওলাই যাব পাৰিবা।” সংবাদ মাধ্যমৰ আগত ভুক্তভোগী ছাত্ৰীগৰাকীয়ে কয়।

বিশ্ববিদ্যালয়খনৰ পৰা ন্যায় নাপালে বুলিও আক্ষেপ কৰে ছাত্ৰীগৰাকীয়ে। আনহাতে অধ্যাপকজনৰ এই অনৈতিক আচৰণৰ প্ৰতিবাদ কৰাৰ পিছতে তেওঁৰ ওপৰত মানসিক নিৰ্য্যাতন বৃদ্ধি পোৱা বাবে তেওঁ বিশ্ববিদ্যালয়খন এৰিব লগীয়া হ’ল আৰু এটা শৈক্ষিক বছৰ লোকচান কৰি আন এখন বিশ্ববিদ্যালয়লৈ আহিব লগীয়া হ’ল, জনালে ছাত্ৰীগৰাকীয়ে।

অধ্যাপক ড০ নাথৰ বিৰুদ্ধে সোণাৰি থানাত গোচৰ ৰুজু ভুক্তভোগী ছাত্ৰীগৰাকীৰ

ইপিনে আজি নিৰ্য্যাতিতা ছাত্ৰীগৰাকীয়ে তেওঁক নিৰ্য্যাতন কৰা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক ড০ ডম্বৰুধৰ নাথৰ বিৰুদ্ধে সোণাৰি থানাত এটা  গোচৰ দিয়ে। অশ্লীল প্ৰস্তাৱ দিয়াৰ অভিযোগ আনি এজাহাৰ দাখিল কৰে ছাত্ৰীগৰাকীয়ে। অভিযোগৰ ভিত্তিত থানাই ড০ নাথৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে বুলি জানিব পৰা গৈছে। আনহাতে ডিব্ৰুগড়  বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ঘটনাটো গাপ দিয়াৰো অভিযোগ আনিছে ছাত্ৰীগৰাকীয়ে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শলঠেকত তৃণমূল ত্যাগী ২০ জন সাংসদ! সদস্যপদ বচাবলৈ অধ্যক্ষৰ পৰা বিচাৰিলে অতিৰিক্ত সময়

শলঠেকত তৃণমূল ত্যাগী ২০ জন সাংসদ! সদস্যপদ বচাবলৈ অধ্যক্ষৰ পৰা বিচাৰিলে অতিৰিক্ত সময়

September 3, 2026 11:34 am
ভাৰতৰ স্থিতি দেখি ভয় খালে নেকি পাকিস্তানে? সিন্ধু জলচুক্তিক লৈ নিজেই বিচাৰিলে আলোচনা

ভাৰতৰ স্থিতি দেখি ভয় খালে নেকি পাকিস্তানে? সিন্ধু জলচুক্তিক লৈ নিজেই বিচাৰিলে আলোচনা

September 3, 2026 9:53 am
প্ৰতি ৪৫ ঘণ্টাত এজন শ্ৰমিকৰ কৰুণ মৃত্যু: হাতেৰে মল চাফা কৰা বৰ্বৰ প্ৰথা বন্ধৰ দাবীত দিল্লীত প্ৰতিবাদ

প্ৰতি ৪৫ ঘণ্টাত এজন শ্ৰমিকৰ কৰুণ মৃত্যু: হাতেৰে মল চাফা কৰা বৰ্বৰ প্ৰথা বন্ধৰ দাবীত দিল্লীত প্ৰতিবাদ

September 3, 2026 9:08 am
ঘামৰ গোন্ধতেই বাঢ়ে প্ৰেম? গা নোধোৱাকৈ ডেটলৈ যোৱাৰ নতুন ট্ৰেণ্ড, সঁচাকৈয়ে কাম কৰে নে কেৱল ভুল ধাৰণা?

ঘামৰ গোন্ধতেই বাঢ়ে প্ৰেম? গা নোধোৱাকৈ ডেটলৈ যোৱাৰ নতুন ট্ৰেণ্ড, সঁচাকৈয়ে কাম কৰে নে কেৱল ভুল ধাৰণা?

September 3, 2026 7:00 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শলঠেকত তৃণমূল ত্যাগী ২০ জন সাংসদ! সদস্যপদ বচাবলৈ অধ্যক্ষৰ পৰা বিচাৰিলে অতিৰিক্ত সময়

শলঠেকত তৃণমূল ত্যাগী ২০ জন সাংসদ! সদস্যপদ বচাবলৈ অধ্যক্ষৰ পৰা বিচাৰিলে অতিৰিক্ত সময়

September 3, 2026 11:34 am
ভাৰতৰ স্থিতি দেখি ভয় খালে নেকি পাকিস্তানে? সিন্ধু জলচুক্তিক লৈ নিজেই বিচাৰিলে আলোচনা

ভাৰতৰ স্থিতি দেখি ভয় খালে নেকি পাকিস্তানে? সিন্ধু জলচুক্তিক লৈ নিজেই বিচাৰিলে আলোচনা

September 3, 2026 9:53 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd