NORTHEAST NOW (Assamese)

পুৰণিগুদামত উলহমালহৰ মাজেৰে পৰম্পৰাগত বোকা ভাওনা উৎসৱ উদযাপন

August 26, 2019 9:24 pm · ভাৰ্গব হাজৰিকা
নগাঁও জিলাৰ পুৰণিগুদামৰ ভেৰভেৰী দেউৰিগাঁও আৰু ভীমৰ গাঁৱত বিগত বৰ্ষ সমূহৰ দৰে পৰম্পৰাগত ভাৱে অনুষ্ঠিত কৰি অহা “বোকা ভাওনা অথবা পঙ্কোৎসৱ” এইবাৰো সোমাবাৰে হৰ্ষোৎল্লাহৰ মাজেৰে গাঁও দুখনৰ ৰাইজে পালন কৰে।
পুৰণিগুদামৰ ভেৰভেৰী দেউৰিগাঁও আৰু ভীমৰগাঁৱত নন্দোৎসৱৰ লগত সংগতি ৰাখি গাঁও দুখনত পৃথকে-পৃথকে অনুষ্ঠিত হোৱা বোকা ভাওনা সমগ্ৰ অঞ্চলৰ ৰাইজৰ বাবে এক এৰিব নোৱাৰা আকৰ্ষনীয় অনুষ্ঠান।
কৃষ্ণ জন্মাষ্টমীৰ পিছৰ একাদশীৰ তিথিত প্ৰতিবছৰে উলহ-মালহেৰে গাঁওবাসীয়ে বিগত বহু বছৰ ধৰি পঙ্কোৎসৱ ভাগ পৰম্পৰাগতভাৱে পাতি আহিছে।
পুৱা খোল প্ৰসঙ্গৰে আৰম্ভ হোৱা দিনযোৰা কাৰ্য্যসূচীত গাঁৱৰ সকলো ৰাইজে অংশগ্ৰহণ কৰে। নাম প্ৰসঙ্গৰ অন্তত বিয়লি বোকা ভাওনাৰ বাবে নিৰ্দিষ্ট কৰা ঠাইখনলৈ গোসাঁইলৈ আগবঢ়োৱা এখনি শৰাই শোভাযাত্ৰা কৰি আনি পূৰ্বৰে পৰা বোকা ভাওনাৰ বাবে প্ৰস্তুত কৰি থোৱা এটা বোকাময় খালত সেই শৰাই ভাগ নীতি-নিয়মৰ মাজেৰে বিসৰ্জন দিয়ে।
তাৰ পিছতেই বহু কেইজোপা কলগছৰে আবৃত্ত বোকাময় পুখুৰীটোৰ চাৰিওফালে গাঁৱৰ যুৱকসকলে সাৰিপাতি বহি গায়ন-বায়নৰ সহযোগত নাম-প্ৰসঙ্গ কৰে আৰু বোকাত নামি লুটুৰি-পুতুৰি হৈ বোকা খেলে আৰু ইজনে সিজনলৈ বোকা ছতিয়াই ধেমালি কৰি মনৰ আনন্দ প্ৰকাশ কৰে।

আনহাতে আজিৰ অনুষ্ঠানটোৰ মাজতে দেউৰীগাঁৱৰ নামঘৰলৈ হালোৱাগাঁও গাঁও পঞ্চায়তৰ তৰফৰ পৰা সভাপতি বিক্ৰমজিৎ সিং আৰু আঞ্চলিক পঞ্চায়তৰ সদস্য আদিত্য শইকীয়াই এটা গেছ ষ্টো’ভ আৰু চিলিণ্ডাৰ প্ৰদান কৰি ভক্তপ্ৰাণ ৰাইজৰ আশীষ লয়।

Related News