মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে পানী সংৰক্ষণ আৰু পানীৰ সুৰক্ষাৰ বাবে ‘জলশক্তি’ অভিযানক এক জনমুখী অভিযান হিচাপে গ্ৰহণ কৰিবলৈ আহ্বান জনায়।
ৰাজ্যখনৰ বহনক্ষম নগৰৰ পানী ব্যৱস্থাপনা সম্পৰ্কত আজি অসম প্ৰশাসনীয় পদাধিকাৰ মহাবিদ্যালয়ত ইয়াৰ অংশীদাৰী সকলৰ এক আলোচনা চক্ৰত ভাষণ প্ৰদান কৰি সোণোৱালে জলশক্তি অভিযানক সফলতালৈ নিয়াৰ বাবে সাধাৰণ জনতাক জড়িত কৰাৰ বাবেও আহ্বান জনায়।
মুখ্য মন্ত্ৰী সোণোৱালে কয় যে জলশক্তি অভিযানক এক আন্দোলনলৈ ৰূপান্তৰ কৰিব লাগিব। পানী সংৰক্ষণৰ এই প্ৰয়াসত জনসাধাৰণক জড়িত কৰিব পাৰিলে সুফল লাভ কৰিব পৰা যাব বুলিও মুখ্য মন্ত্ৰীয়ে কয়।
জলশক্তি অভিযানৰ অধীনত ৰাজ্য চৰকাৰে প্ৰতিটো পৰিয়াললৈ পানী যোগান নিশ্চিত কৰাৰ বাবে দায়বদ্ধ বুলিও সোণোৱালে মন্তব্য কৰে।
সকলো শক্তিৰে উৎস পানী বুলি উল্লেখ কৰি তেওঁ কয় যে অসমত প্ৰচুৰ পৰিমাণে জলসম্পদ মজুত আছে। ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ ১২১ খন উপনৈ আৰু বৰাক আৰু ইয়াৰ ১১ খন উপনৈয়ে জলসম্পদত আমাৰ ৰাজ্যখনক চহকী কৰি তুলিছে বুলি উল্লেখ কৰি সোণোৱালে কয় যে খৰালি কালত হোৱা পানীৰ নাটনিৰ জোৰা মাৰিব পৰাকৈ বৰষুণৰ পানী সংৰক্ষণৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব।
পানী সংৰক্ষণৰ ক্ষেত্ৰত বাস্তৱসন্মত পদক্ষেপ লোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰি মুখ্য মন্ত্ৰী সোণোৱালে কয় যে ৰাজ্যখনৰ ছাত্ৰ-ছাত্ৰীসকলক এই ক্ষেত্ৰত সজাগ সচেতন কৰি তুলিব লাগিব।
মুখ্যমন্ত্ৰীয়ে লগতে কয় যে শিক্ষক-শিক্ষয়ত্ৰী আৰু অভিভাৱকসকলে ছাত্ৰ-ছাত্ৰীসকলক সজাগ-সচেতন কৰাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিব লাগিব যাতে বৰষুণৰ পানী সংৰক্ষণৰ সম্পৰ্কত তেওঁলোকক জ্ঞান প্ৰদান কৰিব পৰা যায়।
অসম নগৰ পানী যোগান আৰু পয়ঃপ্ৰণালী পৰিষদে আয়োজন কৰা অনুষ্ঠানত ভাষণ প্ৰদান কৰি নগৰ উন্নয়ন বিভাগৰ ৰাজ্যিক মন্ত্ৰী পীযুষ হাজৰিকাই কয় যে আধুনিক বিশ্বত পানীৰ নাটনি এটা বৃহৎ প্ৰত্যাহ্বান হিচাপে দেখা দিছে।এই সমস্যা সমাধানৰ বাবে বৰষুণৰ পানি সংৰক্ষণৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰিব লাগিব।
অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে অসম নগৰ পানী যোগান আৰু পয়ঃপ্ৰণালী পৰিষদৰ বাৰ্ষিক প্ৰতিবেদনখন মুকলি কৰে।
অনুষ্ঠানত অসম নগৰ পানী যোগান আৰু পয়ঃপ্ৰণালী পৰিষদৰ অধ্যক্ষ নোমল মমিন, পৰিচালন সঞ্চালক ৰঞ্জিত হাজৰিকাই ভাষণ প্ৰদান কৰে।