অসমৰ প্ৰথমজন চহিদ সাংবাদিক কমলা শইকীয়ালৈ শিৱসাগৰবাসীৰ শ্ৰদ্ধাঞ্জলি

FB_IMG_1565379916026

চহিদ সাংবাদিক কমলা শইকীয়াৰ আৱক্ষ মূৰ্তি। ফটো : নৰ্থইষ্ট নাও

অসমৰ প্ৰথমজন চহিদ সাংবাদিক কমলা শইকীয়াৰ ২৮ সংখ্যক মৃত্যু দিৱসৰ দিনা তেখেতৰ গৃহ জিলা শিৱসাগৰৰ বিভিন্ন স্থানত শ্ৰদ্ধাঞ্জলি জনেৱা হয়।

বিগত বৰ্ষৰ দৰে এইবাৰো কমলা শইকীয়া স্মৃতি ৰক্ষা সমিতি, দিখৌমুখ আঞ্চলিক ছাত্ৰ সন্থা, দিখৌমুখ প্ৰেছ ক্লাৱ আৰু দিখৌমুখবাসীৰ সহযোগত শুকুৰবাৰে দিখৌমুখ ভৰলুৱা তিনি আলিৰ স্বাস্থ্য কেন্দ্ৰৰ সন্মুখত থকা চহিদ সাংবাদিক কমলা শইকীয়াৰ অৱক্ষয় প্ৰতিমূৰ্তিত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়েজন কৰা হয়।

কমলা শইকীয়া স্মৃতি ৰক্ষা সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ বিকাশ শইকীয়াই আঁত ধৰা অনুষ্ঠানটোত চহিদ সাংবাদিক গৰাকীৰ মূৰ্তিত পুষ্পমাল্য অৰ্পণ কৰে কমলা শইকীয়া স্মৃতি ৰক্ষা সমিতিৰ সভাপতি গণেশ শইকীয়াই।

অনুষ্ঠানটোত উপস্থিত থাকে আছুৰ শিক্ষা সম্পাদক শৰৎ হাজৰিকাকে ধৰি বহু গণ্য মান্য ব্যক্তিৰ লগতে অঞ্চলটোৰ বহুকেইথন বিদ্যালয়,মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী তথা স্থানীয় ৰাইজে।

উল্লেখ্য যে ১৯৯১ চনৰ ৯ আগষ্টৰ দিনা আততায়ীয়ে অতি নিৰ্মমভাৱে অত্যাচাৰ কৰি আমগুৰিৰ ৰাজপথত গুলিয়াই হত্যা কৰিছিল চহিদ সাংবাদিক গৰাকীক।

এইজনা সৎ, সাহসী সাংবাদিকৰ নেতৃত্বতেই দিখৌমুখ অঞ্চলৰ ৰাইজে অঞ্চলটোত পোহৰৰ সন্ধান পোৱাৰ লগতে বিদ্যালয়, মহাবিদ্যালয়, চিকিৎসালয়, পানী যোগান আঁচনি, পকী ৰাস্তা ঘাট আৰু পৰিবহণ ব্যৱস্থাৰ মুখ দেখিবলৈ সক্ষম হৈছিল।

সেইবাবেই সমগ্ৰ দিখৌমুখবাসীয়ে  চহিদ কমলা শইকীয়াক আজিও আধুনিক দিখৌমুখৰ নিৰ্মাতা বুলি শ্ৰদ্ধাৰে সুঁৱৰি আহিছে।

ইপিনে,পৰিয়ালৰ লোকে সুদীৰ্ঘ ২৮ বছৰ ধৰি তেওঁৰ হত্যাকাৰীক চিনাক্ত কৰি উপযুক্ত শাস্তিৰ বাবে আইনী প্ৰক্ৰিয়াৰে যুঁজি আছে যদিও আজি পৰ্যন্ত ন্যায় পোৱা নাই।

কমলা শইকীয়া স্মৃতি ৰক্ষা সমিতি, স্থানীয় দল সংগঠন তথা ৰাইজে হত্যাকাৰীক চিনাক্ত কৰি উপযুক্ত শাস্তি প্ৰদান কৰি পৰিয়ালটোক ন্যায় দিবৰ বাবে এই আৱক্ষ মূৰ্তিৰ সন্মুখৰ পৰাই দাবী জনায়।

আনহাতে, শিৱসাগৰ চহৰৰ অন্যতম সাংস্কৃতিক অনুষ্ঠান ঐক্যৰ উদ্যোগত আৰু শিৱসাগৰ জিলা সাংবাদিক সন্থাৰ সহযোগত চহৰৰ মুক্তিনাথ চাৰিআলিত বন্তি প্ৰজ্বলনৰ এক অনুষ্ঠানৰ আয়োজন কৰা হয়।

সাংবাদিক জামালউদ্দিন আহমেদে আঁত ধৰা অনুষ্ঠানটোত জ্যেষ্ঠ সাংবাদিক সুমেশ ডেকা, মনোজ বৰঠাকুৰ, শিৱসাগৰ প্ৰেছ ক্লাৱৰ সম্পাদক ইনামূল হাজৰিকাৰ লগতে চহিদ সাংবাদিক গৰাকীৰ বহু গুণমুগ্ধৰ লগতে পৰিয়ালৰ লোকেও তেখেতৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে।