অভিশপ্ত ৩০ অক্টোবৰ! ধাৰাবাহিক বিস্ফোৰণৰ ভয়াবহ স্মৃতি সুঁৱৰিছে ৰাজ্যৰ শান্তিকামী জনতাই

ফাইল ফটোঃ সংগ্ৰহীত।

আজি ৩০ অক্টোবৰ। ২০০৮ চনৰ ৩০ অক্টোবৰত সংঘটিত ধাৰাবাহিক বিস্ফোৰণৰ ঘটনাই আজি ১৫বছৰ সম্পূৰ্ণ কৰিলে। শিশুকে ধৰি ৮০জনতকৈয়ো অধিক লোকৰ প্ৰাণ লোৱা এই নিৰ্বিচাৰ হত্যালীলাৰ স্মৃতিয়ে আজিও ভুক্তভোগী পৰিয়ালৰ লগতে ৰাজ্যৰ প্ৰতিজন শান্তিকামী লোকৰ অন্তৰ জোকাৰি যায়।

উল্লেখ্য যে ২০০৮ চনৰ ৩০ অক্টোবৰৰ পুৱা বিদ্ৰোহী সংগঠন এনডিএফবি (ৰঞ্জন দৈমাৰী গোট)-য়ে গুৱাহাটীৰ গণেশগুৰি, পাণবজাৰ, কাছাৰীসহ ৰাজ্যৰ ভিন্ন প্ৰান্তত সংঘটিত কৰিছিল এলানি ধাৰাবাহিক বিস্ফোৰণ।

প্ৰতিবছৰে ৩০ অক্টোবৰৰ দিনটোত বিস্ফোৰণত নিহত হোৱা এই নিৰীহ লোকসকলৰ স্মৃতি সুঁৱৰি অসমৰ শান্তিকামী জনসাধাৰণে বন্তি প্ৰজ্বলন কৰি তেওঁলোকৰ আত্মাৰ সদ্গতিৰ বাবে প্ৰাৰ্থনা জনাই আহিছে।

সেইদৰে, ২০০৮ চনৰ ৩০ অক্টোবৰত গুৱাহাটীকে ধৰি কোকৰাঝাৰ, বৰপেটাৰোড, বঙাইগাঁৱত সন্ত্ৰাসবাদীৰ বোমা বিস্ফোৰণত নিহত হোৱাসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই ৰাজ্যখনৰ বিভিন্ন সংগঠনেও বিভিন্ন স্থানত সন্ধিয়া বন্তি প্ৰজ্বলনকে ধৰি বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰি আহিছে।

ৰাজ্যৰ বিভিন্ন প্ৰান্তত ২০০৮ চনত হোৱা ধাৰাবাহিক বোমা বিস্ফোৰণৰ গোচৰৰ মূল অভিযুক্ত নেচনেল ডেমক্ৰেটিক ফ্ৰণ্ট অৱ বড়োলেণ্ডৰ (এনডিএফবি-আৰ) মুৰব্বী ৰঞ্জন দৈমাৰীৰ যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি যোৱা ২০২২ চনৰ ছেপ্টম্বৰত গুৱাহাটী উচ্চ ন্যায়ালয়ে বাহাল ৰাখিছে।

২০০৮ চনৰ ৩০ অক্টোবৰত ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটীৰ গণেশগুৰি, পাণবজাৰ আৰু ফাঁচিবজাৰৰ লগতে কোকৰাঝাৰ, বঙাইগাঁও আৰু বৰপেটা জিলাত বিদ্ৰোহী গোট এন ডি এফ বিৰ দ্বাৰা সংঘটিত ধাৰাবাহিক বিস্ফোৰণত প্ৰায় ৮৮ গৰাকী লোক নিহত হোৱাৰ লগতে পাঁচ শতাধিক লোক আহত হৈছিল।

এই ভয়াৱহ বিস্ফোৰণৰ মূল অভিযুক্ত তথা এনডিএফবিৰ মুৰব্বী ৰঞ্জন দৈমাৰীক ইয়াৰ পূৰ্বে ২০১৯ চনত গুৱাহাটীৰ চিবিআইৰ এখন বিশেষ আদালতে যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তিৰে দণ্ডিত কৰিছিল।

চিবিআই আদালতে ২০১৯ চনৰ ২৮ জানুৱাৰীত গোচৰটোৰ শুনানি গ্ৰহণ কৰি ভাৰতীয় দণ্ডবিধিৰ বিভিন্ন ধাৰাৰ অধীনত দৈমাৰীকে ধৰি আন ১৪ গৰাকী অভিযুক্তক দোষী সাব্যস্ত কৰিছিল।

চিবিআইৰ বিশেষ আদালতে ৰঞ্জন দৈমাৰীৰ উপৰি আন ৯ গৰাকী অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছিল। তদুপৰি, অভিযুক্ত আন ৪ গৰাকীক ৫ বছৰকৈ কাৰাদণ্ডৰ লগতে ৩ হাজাৰকৈ টকাৰ জৰিমনা বিহা হৈছিল। ৫ বছৰ কাৰাদণ্ডৰ শাস্তিৰ সন্মুখীন হোৱা নীলিম দৈমাৰীয়ে অৱশ্যে কাৰাগাৰৰ ভিতৰত ৭ টা বছৰ ইতিপূৰ্বেই কটোৱাৰ বাবে তেওঁক কাৰাবাসৰ পৰা মুক্তি দিয়া হৈছিল।

ইয়াৰ পিছতে ২০২০ চনত দৈমাৰীক কেন্দ্ৰীয় চৰকাৰৰ সৈতে শান্তি আলোচনাত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰৰ পৰা মুকলি কৰা হৈছিল।

আনহাতে, অসম চৰকাৰে আদালতত দৈমাৰীৰ জামিন আবেদনৰ বিৰোধিতা নকৰাৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ে চাৰি সপ্তাহৰ বাবে অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰিছিল।