বন্যহস্তীৰ সন্ত্ৰাসৰ পৰা পৰিত্ৰাণ বিচাৰি নাম-কীৰ্তন দক্ষিণপাট আশ্ৰমী সত্ৰৰ সত্ৰাধিকাৰৰ

Screenshot_2019-12-07-10-29-32_1

বন্যহস্তীৰ উপদ্ৰৱৰ পৰা পৰিত্ৰাণ বিচাৰি চটাইত সত্ৰাধিকাৰৰ নেতৃত্বত ৰাইজৰ নাম-কীৰ্তন। ফটো: নৰ্থইষ্ট নাও

বিগত কিছুদিনৰ পৰা গিবন অভায়াৰণ্যৰ দাঁতিকাষৰীয়া যোৰহাট জিলাৰ টীয়কৰ মেলং, চটাই আদি অঞ্চলত বনৰীয়া হাতীয়ে নিশা সন্ত্ৰাস চলাই আহিছে।

বন্যহস্তীয়ে ঘৰ-দুৱাৰ ভঙা তথা খেতি-বাতি নষ্ট কৰাৰ ফলত এতিয়া সমগ্ৰ অঞ্চলবাসীয়ে আতংকৰ মাজত বিনিদ্ৰ ৰজনী পাৰ কৰিবলগীয়া অৱস্থা আহি পৰিছে।

পথাৰৰ সোণগুটি চপোৱাৰ এই সময়ত আৰু ছাত্ৰ-ছাত্ৰীসকলৰ পৰীক্ষাৰ এই সময়ছোৱাত বন্য হস্তীৰ উপদ্ৰপৰ পৰা পৰিত্ৰাণ পাবলৈ অঞ্চলটোৰ ৰাইজ আকুল হৈ পৰিছে।

শুকুৰবাৰে সন্ধিয়া চটাইস্থিত দক্ষিণপাট আশ্ৰমী সত্ৰৰ সত্ৰাধিকাৰ জগন্নাথ দেৱ গোস্বামীৰ নেতৃত্বত অঞ্চলটোৰ সমূহ ৰাইজ একত্ৰিত হৈ হাতী অহা যোৱা কৰাৰ পথত ধূপ,চাকি জ্বলোৱাৰ লগতে এখনি শৰাই-নৈবেদ্য নেদেখাজনৰ ওচৰত আগবঢ়াই প্ৰাৰ্থনা তথা নাম-কীৰ্তন কৰি ইষ্টজনক সেৱা জনায়।

উল্লেখযোগ্য যে বিগত প্ৰায় এসপ্তাহ এই হাতীৰ জাকটোৱে নিশা ঘৰ-বাৰী তচনচ কৰাৰ লগতে মেলং অঞ্চলৰ এজন ব্যক্তি শুই থকা অৱস্থাতে হাতীৰ গচকত নিহত হৈছিল।

আনহাতে, বন বিভাগে পহৰাৰ ব্যৱস্থা কৰিছে যদিও অঞ্চলটোৰ পৰা হাতীৰ জাকটো সম্পূৰ্ণভাৱে আঁতৰাই নিবলৈ এই পৰ্যন্ত সক্ষম হোৱা নাই।