নাগ্ৰীজুলিৰ কাউলীত বিদ্যুৎ বিভাগৰ বিৰুদ্ধে ক্ষুদ্ধ ৰাইজ, শক্তিমন্ত্ৰীৰ বিৰুদ্ধে উজাৰিলে ক্ষোভ

nagg

তামুলপুৰ মহকুমাৰ নাগ্ৰীজুলিৰ কাউলীত বিদ্যুৎ বিভাগৰ হেমহিৰ বাবে বিভাগটোৰ ওপৰত ক্ষুদ্ধ হৈ পৰিছে অঞ্চলটোৰ স্থানীয় ৰাইজ।

বৃহত্তৰ কাউলীৰ উত্তৰাঞ্চলত বিগত বহু দিন ধৰি বিদ্যুতৰ লুকা-ভাকুত অতিষ্ঠ হৈ আজি আবেলি কাউলী বজাৰ প্ৰাংগনত স্থানীয় একাংশ লোকে কভিড বিধি মানি শক্তি মন্ত্ৰী বিমল বৰাৰ প্ৰতিচ্ছবি আগত ৰাখি ৰাইজে ধূপ, চাকি জ্বলোৱা পৰিলক্ষিত হৈছে।

শক্তি মন্ত্ৰী বিমল বৰাৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ এনে পদক্ষেপ গ্ৰহণ কৰে অঞ্চলবাসীয়ে।

বৃহত্তৰ কাউলীৰ, বিভিন্ন স্থানত বিদ্যুৎ সৰবৰাহ ঠিকেই থকাৰ সময়তে ৰহস্যজনক ভাৱে কাউলীৰ তৰুণগাঁও, চন্দ্ৰনগৰ, বিষ্ণুপুৰ, হৰিণচৰা, পাহাৰপুৰ আদি গাওঁত ঘনে ঘনে বিদ্যুত কৰ্তন হোৱাৰ ওপৰিও প্ৰতি নিশা অঞ্চলটোৰ বিদ্যুৎ সৰবৰাহ বন্ধ হৈ পৰাত শক্তি মন্ত্ৰী গৰাকীৰ প্ৰতিচ্ছবি আগত ৰাখি শীঘ্ৰেই অঞ্চলটোৰ এই সমস্যা সমাধান কৰাৰ বাবে দাবী জনাই অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে।

তেওঁলোকে অভিযোগ কৰি কয় যে, অঞ্চলটোৰ এই সমস্যা সম্পৰ্কে বিদ্যুৎ বিভাগৰ লোকক অৱগত কৰাৰ পিছতো কোনো সুফল বা ইয়াৰ সমাধান উলিয়াব পৰা নাই।

যি সময়ত শক্তি মন্ত্ৰী বিমল বৰাই বিদ্যুতৰ মাচুলৰ ক্ষেত্ৰত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে, প্ৰতিটো অভিযোগৰ বাবে হেল্প লাইন নম্বৰ মুকলি কৰিছে, তেনে সময়ত সৰু সৰু এই সমূহ সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত তেওঁ সম্পূৰ্ণ ৰূপে বিফল হৈছে বুলি অভিহিত কৰে স্থানীয় একাংশ লোকে।

স্থানীয় বিদ্যুৎ বিভাগৰ লোকে এই সমস্যা সমাধান কৰিব নোৱাৰিলে বিদ্যুৎ বিভাগৰ বিশেষ কাৰিকৰী লোকৰ দ্বাৰা এই সমস্যা ৰোধ কৰাৰ অনুৰোধ কৰিছে স্থানীয় ৰাইজে।