৩১ ডিচেম্বৰ SOP মুক্ত; উৰুকাৰ ভোজৰ নিশা ১০ বজালৈকে; সাধাৰণ লোকে ক্ষোভ উজাৰিলে ফেচবুকত

ওলাল নতুন SOP; কোভিডক লৈ চৰকাৰৰ নতুন SOP

ৰাইজৰ ভীষণ চিন্তা; SOP য়ে পণ্ড কৰিলে ভোগালীৰ উৰুকাৰ আমেজ ।

ক্ষোভ উজৰাৰ স্থান বিচাৰি ল’লে ছ’চিয়েল মেডিয়াত।

চৰকাৰৰ SOP য়ে যেন ভোগালীৰ উত্তাপ নাইকিয়া কৰিলে।

বৰঞ্চ অসমবাসী ৰাইজৰ মনলৈ নামি আহিল শীত।

৩১ ডিচেম্বৰৰ নিশা শিথিল SOP ৰ নিয়ম কিন্তু উৰুকাৰ ভোজ সামৰিব লাগিব নিশা ১০ বজাত।

উৰুকাৰ নিশা ভেলাঘৰত ওৰেটো নিশা ভেলাঘৰত কটোৱাটো অসমীয়াৰ এক পৰম্পৰা। সেই পৰম্পৰা এইবাৰ ম্লান পৰিল। কিয়নো চৰকাৰৰ SOP ৰ নিয়ম।

নিশা ১০ বজাতে ভোজ-ভাত সামৰি ঘৰাঘৰি যাব লাগিব সকলো।

ছ’চিয়েল মেডিয়াত ক্ষোভ উজাৰিছে বিভিন্নজনে। জোনমণি সোণোৱালে লিখিছে যিকেইটাই পৰম্পৰাগতভাৱে বংশ-পৰিয়ালৰ লগতে ওচৰ চুবুৰীয়াৰ লগত মিলি ভেলাঘৰ বনায় পোৱা নাই আৰু উৰুকাৰ ভোজো এনেকৈ লগ লৈ নাখায় মাত্ৰ ডাইনিং টেবুলত খায় সিহঁতে কি বুজিব ভেলাঘৰত উৰুকা নিশা কটোৱা আমেজ।

অমৰজ্যোতি বৰাই লিখিছে বিহুত SOP কঠোৰ ,পূজাত SOP শিথিল

সৌৰভ জ্যোতি বৰাই লিখিছে এই যে বিহুৰ দিনা ৰাতি ১০ টাৰ পাছত কৰ’ণা আহিব, কি যুক্তিত কৈছে কথাষাৰ? ১০ বজাৰ আগত ক’ৰ’ণা শুই থাকে নেকি? বিহু বন্ধ নহয় কৈ থ’লো….

প্ৰশান্ত গোস্বামীয়ে লিখিছে ‘বিহু আহিল লৌতংকী ষ্টাৰ্ট….

ভৱানী কলিতাই লিখিছে আগতে সাঁথৰ আছিল “হাবিত কাঁহে, মাতিলে নাহে” কি??

বৰ্তমানৰ সাঁথৰ “অন্য উৎসৱত নাহে, অকল অসমীয়াৰ জাতীয় উৎসৱত আহে” কি??

চৰকাৰৰ COVID19 SOP ৰ তীব্ৰ বিৰোধিতা শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ।

“মাঘ বিহুৰ ওপৰত কোনো বাধা নিষেধ মানি লোৱা নহ’ব” : অখিল গগৈৰ স্পষ্ট মন্তব্য।

এনেদৰেই এতিয়া ৰাজ্য চৰকাৰে SOP ৰ নিয়ম অনুসৰি ভোগালীৰ উৰুকা উদযাপন কৰিবলৈ কোৱাৰ পাছতে ক্ষোভ উজাৰিছে ছ’চিয়েল মিডিয়াৰ লগতে সাধাৰণ ৰাইজৰ লগতে জন প্ৰতিনিধিয়েও।