NORTHEAST NOW (Assamese)

কৃষ্ণাইতো সামাজিক সংক্ৰমণ! আশুডুবিত ট্ৰেভেল হিষ্ট্ৰী নথকা এজন কোভিড-১৯ পজিটিভ চিনাক্ত

June 14, 2020 7:01 am · নীলমনি শর্মা

সমগ্ৰ ৰাজ্য কোভিড-১৯ৰ আতংকত ত্ৰাসিত হৈ থকাৰ সময়তে পোহৰলৈ আহিছে আন এক সামাজিক সংক্ৰমণৰ বাতৰি ৷

গোৱালপাৰা জিলাত দুলাল সাহা (৪৪) নামৰ এজন ক্ষুদ্ৰ ব্যৱসায়ী কোভিড-১৯ত আক্ৰান্ত হৈছে।

গোৱালপাৰা জিলাৰ কৃষ্ণাই আশুডুবিৰ দুলাল সাহা নামৰ এই কেন্সাৰ ৰোগীজনে চিকিৎসাৰ বাবে এসপ্তাহ পূৰ্বে জিএমচিএইচলৈ গৈছিল ৷

চিকিৎসালয় খনত গৈ সাহাই স্বাৱ দি ঘৰলৈ উভতিছিল ৷

শনিবাৰে সেই পৰীক্ষাৰ ফলাফল পজিটিভ ওলোৱাত সমগ্ৰ কৃষ্ণাই অঞ্চলত আতংকই বিৰাজ কৰিছে ৷

ইপিনে, লোকজনক গুৱাহাটীলৈ লৈ যোৱা বাহনখনৰ চালক আৰু লোকজনৰ পৰিয়ালৰ আন সদস্যসকল ইতিমধ্যে বিভিন্নজনৰ সংস্পৰ্শলৈ আহিছিল৷

সেয়েহে, অঞ্চলটোত অধিক লোকৰ সংক্ৰমণৰ আশংকাই দেখা দিছে।

এনে ঘটনাত এতিয়া গোৱালপাৰাবাসী আতংকিত হৈ পৰিছে।

Related News