তিৱা স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; ক্ষমতাৰ যুঁজত ভোটাৰ ৰাইজে বিচাৰি পাবনে সুশাসন?

WhatsApp Image 2020-12-06 at 9.38.25 AM

প্ৰতিনিধিত্বমূলক ফটো।

আৰু প্ৰায় দহদিনৰ পিছতে মধ্য অসমত তিৱা স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন। ক্ষমতাৰ খকত  বিয়াগোম নেতাসকল আকৌ পৰিষদীয় নিৰ্বাচনত একোগৰাকীকৈ সুনিপুন যোদ্ধাৰ বেশত ৰাজনীতিৰ পথাৰত অৱৰ্তীৰ্ণ হৈছে।

বিড়াল তপস্বী সেইসকল যোদ্ধাই আকৌ পূর্বৰ পৰিষদখনৰে মুখ্য পুজাৰী আছিল। শাসন আৰু ক্ষমতাৰ ৰাগিত সেই নেতাসকলে তিৱা জনজাতীয় লোকসকলৰ মান, স্বাভিমানৰ প্ৰতীক পৰিষদখনৰ জড়িয়তে পৰিষদৰ এলেকাধীন ৰাইজৰ সামগ্ৰিক বিকাশৰ বাবে আৱণ্টিত সকলো ধন গো-গ্ৰাসে হজম কৰি ধব্বংসস্তুপত পৰিণত কৰিছিল।

এক প্ৰকাৰ স্থবিৰ কৰি তোলা পৰিষদখনলৈ আনকি চৰকাৰৰ পৰা আগবঢ়োৱা কোটি কোটি টকা অনুদানৰ ধন বিভিন্ন উপায়েৰে সীমাহীন দুৰ্নীতি কেলেংকাৰিত নিমজ্জিত হৈ উন্নয়ণৰ ধনসমূহ আত্মসাৎ কৰিলে।

পুনৰ একেই চিনাকী মুখৰ ঠগবাজ, ভণ্ড তথাকথিত নেতাসকলে আগন্তুক তিৱা স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বী। এই লৈ এতিয়া ডিচেম্বৰ মাহৰ হাড় কঁপোৱা শীতকো নেওচি সমষ্টিসমূহত ৰাজনৈতিক পৰিৱেশ সৃষ্টি কৰি উত্তপ্ত কৰি তুলিছে নিৰ্বাচনৰ প্ৰাৰ্থীত্বপ্ৰত্যাশিসকলে।

একেই আভূৱা ভাঁৰা প্ৰতিশ্ৰুতিৰে পৰিষদৰ ক্ষমতা দখলৰ লালসাৰে প্ৰাৰ্থীসকলে ভোটাৰক আকৃষ্ট কৰাৰ বাবে সমষ্টিয়ে সমষ্টিয়ে জয়ী হোৱাৰ  যোগ-বিয়োগৰ সমীকৰণত ব্যস্ত হৈ পৰিছে।

এনে  নিৰ্বাচনী পৰিৱেশৰ সময়তে পৰিষদখনৰ ভৱিষ্যত  সম্পৰ্কত  মৰিগাঁও জিলাৰ সচেতন মহলৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া।

কিয়নো,১৯৯৩ চনতে ভূমিপুত্ৰ তিৱা জনগোষ্ঠী আৰু পৰিষদৰ অন্তৰ্ভূক্ত অ-তিৱা জনসাধাৰণৰ সম বিকাশ আৰু সম উন্নয়ণৰ স্বাৰ্থত গঠিত পৰিষদখনৰ আভ্যন্তৰীণ অন্তঃকলহৰ বাবে জীয়াতো ভোগ কৰি আহিছে পৰিষদৰ অন্তৰ্ভূক্ত সাধাৰণ ৰাইজ।

অসমৰ অন্য জাতি-জনগোষ্ঠীৰ তুলনাত সামগ্ৰিকভাৱে পিছপৰি থকা তিৱা পৰিষদখনৰ যোগেদি যথেষ্ট পৰিৱৰ্তনৰ থল  আছিল। নিকা,স্বচ্ছ আৰু এখন বলিষ্ঠ পৰিষদৰ যোগে তিৱা জনগোষ্ঠীয় ৰাইজক দিব পৰা সকলো সমল পৰিষদত বিদ্যমান। মাথোঁ পৰিষদখন সুচাৰুৰূপে পৰিচালনা কৰিব নোৱাৰা বাবে এতিয়া পৰিষদখনলৈ প্ৰত্যাহ্বান  নামি আহিছে।

সেয়ে অহা ১৭  ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া জিলাখনৰ ৩৬ টা সমষ্টিৰ জনসাধাৰণে ভোটদান কৰি কাক জনাদেশ দিব? প্ৰশ্ন হয়, কুৰুকি কুৰুকি পৰিষদখনক খাই নিঃশেষ কৰা লোকসকলেই আকৌ ধনবল, বাহুবল প্ৰয়োগ কৰি শাসন আৰু ক্ষমতাৰ বাঘজৰী ন’লয়টো!

ক্ষমতা দখলৰ ইপ্সিত লালসাত ইতিমধ্যে শাসকীয় দলৰ প্ৰাৰ্থীসকলে ভোটাৰক আকৃষ্ট কৰিবলৈ চৰকাৰৰ অনুদানৰ সামগ্ৰীকে বিতৰণ কৰিছে।তেনেস্থলত এখন স্বচ্ছ আৰু নিকা ৱা মৰ্যাদাসম্পন্ন শাসিত পৰিষদ গঠনৰ প্ৰাসংগিকতা বৰ্তি থাকিবনে বুলি  মধ্য অসমৰ সাধাৰণ ভোটাৰৰ মনত এটি ডাঙৰ প্ৰশ্নৰ উদয় হৈছে।