অখিল গগৈক কাৰাৰুদ্ধ কৰি ৰখাৰ প্ৰতিবাদত অংকিত দেৱাল চিত্ৰ এখনক কেন্দ্ৰ কৰি ১৯ নৱেম্বৰ তাৰিখে অসম চৰকাৰ তথা পুলিচ প্ৰশাসনৰ ফেচিষ্ট আচৰণ পুনৰ এবাৰ ৰাইজৰ সমুখলৈ আহিল।
অংগ আৰ্ট কালেক্টিভৰ সদস্য ধ্ৰুৱজিত শৰ্মা, ৰাহুল লাহন, কুলদীপ শৰ্মা, সহযোগী শিল্পী বুলবুল দাস আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সদস্য প্ৰাঞ্জল কলিতাক অখিল গগৈৰ প্ৰতিচ্ছবি অংকন কৰি থকা অৱস্থাৰ পৰা বশিষ্ঠ থানালৈ উঠাই নি আটকাধীন কৰি ৰখা হয় আৰু অৱশেষত তেওঁলোকক ছবিখন মচি পেলাবলৈ বাধ্য কৰোৱা হয়।
চ’ছিয়েল মিডিয়াৰ জৰিয়তে ইতিমধ্যে ভাইৰেল হৈ পৰা পেইন্টিংখনত কেৱল তুলি ধৰা হৈছিল পুলিচ বেষ্টনীৰ মাজত অখিল গগৈৰ মুখাৱয়ব। টিভি নিউজৰ অসংখ্য ফুটেজত ইতিমধ্যেই এই বাস্তৱতা বহুবাৰ প্ৰতিফলিত হৈ আছে।
ৰাজহুৱা স্থানত ছবি অঁকাৰ ক্ষেত্ৰত অনুমতি বা ৰাজহুৱা সম্পত্তিৰ ক্ষতি ইত্যাদিধৰণৰ প্ৰসংগ যদি শাসক পক্ষই উত্থাপন কৰে, তেন্তে সেয়া অত্যন্ত হাস্যকৰ বুলিয়েই আমি ক’ম। ৰাজহুৱা শৌচাগাৰৰ দৰে অত্যাৱশ্যকীয় স্থানৰ অভাৱত বা আৱৰ্জনা নিস্কাষণৰ যথোচিত ব্যৱস্থাৰ অভাৱত কদাকাৰ-কুৎচিত ৰূপ লোৱা দেৱাল, বজাৰৰ চ’ক আদিয়ে প্ৰশাসনিক দায়িত্ববোধৰ স্বৰূপ আমাৰ আগত অহৰহ দাঙি ধৰিছে। সেয়ে প্ৰশাসনিক অজুহাতৰ বাক-বিতণ্ডালৈ নগৈ আমি দুটামান কথালৈ দৃষ্টি আকৰ্ষণ কৰোঁ।
ৰাজনৈতিক-সামাজিক শ্লোগানেৰে দেৱাল লিখন, পোষ্টাৰ অঁৰাৰ এক দীঘলীয়া পৰম্পৰা অসমত আছে। ৰাজনৈতিক দল, ‘অ-ৰাজনৈতিক’ সংগঠন, প্ৰকৃতি-প্ৰেমৰ পৰা সমাজ-সংস্কাৰলৈকে জড়িত স্বেচ্ছাসেৱী দল-ব্যক্তি ইত্যাদিয়ে দেৱাল লেখনক ব্যৱহাৰ কৰি আহিছে জনসংযোগ আৰু সচেতনতাৰ এক মাধ্যম হিচাপে। ইয়াৰোপৰি আছে চৰকাৰী বাৰ্তা প্ৰচাৰৰ বাবে পোষ্টাৰ-বিজ্ঞাপন।
আনহাতে, শেহতীয়াকৈ এচাম যুৱ শিল্পীয়ে গুৱাহাটীকে ধৰি অসমৰ কেইখনমান চহৰত ৱাল পেইন্টিং, গ্ৰাফিটি আদি নিৰ্মাণ কৰি ‘পাব্লিক আৰ্ট’ৰ চৰ্চা কৰিবলৈ লোৱা দেখা গৈছে। চৰকাৰী বা প্ৰাতিষ্ঠানিক প্ৰচেষ্টাত আদখনীয়াকৈ সৌন্দৰ্যবৰ্ধনৰ নামত চেগা-চোৰোকাকৈ কৰা কামবোৰৰ পৰিৱৰ্তে এনে কামবোৰত শিল্পীৰ নিজৰ অৱস্থান, শিল্পবোধ, আৰু চাওঁতাৰ শিল্পৰ সৈতে সম্পৰ্ক আদি গুৰুত্বপূৰ্ণ প্ৰসংগ হৈ উঠিছে।
অংগ আৰ্ট কালেক্টিভেও ইয়াৰ পূৰ্বে গয়া, ভেন গঘ আদি শিল্পীৰ সৃষ্টিকৰ্ম ৰাজহুৱা স্থানত পুনৰ্নিৰ্মাণ কৰি এনে চিন্তা-চৰ্চাত অংশগ্ৰহণ কৰিছে। দেৱালৰ তথা ৰাজহুৱা স্থানৰ visual ৰ এনেবোৰ ইতিহাস আৰু সাম্প্ৰতিকতাই এই প্ৰশ্নও আমাৰ সমুখলৈ আনে যে ‘ৰাজহুৱা স্থান’ৰ অধিকাৰস্বত্ব কাৰ?
ৰাজহুৱা ঠাইৰ চুক-কোণ ঢাকি তুলি ধৰা বিৰাট বিৰাট বিজ্ঞাপনৰ হৰ্ডিংবোৰৰ বাবে ৰাইজৰ মতামত লোৱা হয় নে? আৰু বিশাল বিশাল বহুজাতিক কোম্পানীৰ হাতত নদীবোৰ, খেতিয়কৰ মাটিবোৰ গতাই দিওঁতে ক’ত হেৰায় ‘ৰাজহুৱা সম্পদ’ৰ ধাৰণা? অথচ, ৰাইজৰ নামত অধিষ্ঠিত চৰকাৰখনে ‘ৰাজহুৱা স্থান’ৰ ওপৰত ৰাইজৰ অধিকাৰকেই স্বেচ্ছাচাৰীভাৱে খৰ্ব কৰি নেথাকে নে? দেৱালত আমি কি লিখিম, কি আঁকিম তাৰ ওপৰত আমাৰ অধিকাৰৰ প্ৰসংগৰে, পাব্লিক আৰ্টৰ প্ৰসংগৰে আমাৰ সমুখত এনেবোৰ প্ৰশ্নই উপস্থিত হয়।
এই প্ৰশ্নবোৰৰ সৈতে ওতপ্ৰোত:ভাৱে জড়িত হৈ আছে সামাজিক গণতান্ত্ৰিক পৰিৱেশ আৰু সমাজৰ সকলো স্তৰৰ লোকৰ মত প্ৰকাশৰ, চিন্তাৰ স্বাধীনতা।
সেইবাবে অখিল গগৈ নামৰ এজন মাত্ৰ ব্যক্তিৰ সুদীৰ্ঘ বন্দিত্ব অথবা কেৱল এমুঠি শিল্পীৰ ব্যক্তি স্বাধীনতাৰ প্ৰসংগ বুলি আমি সমগ্ৰ ঘটনাৰাজি আওকাণ কৰিব নোৱাৰোঁ। সামাজিক পৰিসৰত সুকৌশলৰে আৰু প্ৰশাসনিক-ৰাজনৈতিক ব্যৱস্থাপনাৰে এনে এক বাতাৱৰণৰ সৃষ্টি কৰা হৈছে যি সমাজৰ সৰ্বস্তৰৰ জনসাধাৰণৰ বাকস্বাধীনতা আৰু সমাজজীৱনৰ গণতান্ত্ৰিকতা তৰপে তৰপে খহাই নিয়াৰ উপক্ৰম কৰিছে।
সমাজৰ প্ৰকাশভংগী আৰু ব্যক্তিৰ মনন-চিন্তা উভয়কে আধিপত্যশীল শক্তিয়ে পদানত কৰিবলৈ উন্মত্ত হৈ পৰিছে। অখিল গগৈৰ কুশল কামনা কৰি নামঘৰত চাকি-বন্তি জ্বলালে ৰাইজক এই প্ৰশাসনে অপমান কৰে; এচাম যুৱকে দেৱাল অংকণ কৰিলে তাত পুলিচী পদ্ধতিৰে বাধা দিয়া হয়। মাফিয়া, ৰাজনৈতি-আৰ্থিকভাৱে বলৱান লোকৰ হাতত সাংবাদিক নিগৃহীত হোৱাৰ সঘন বাতৰি আহে; শাসকীয় পক্ষৰ পালিনেতা, স্থানীয় গুণ্ডাৰ নৈৰাজ্যৰ খবৰ অহৰহ আমাৰ কাষ চাপে।
আনহাতে, খাদ্যাভ্যাসৰ পৰা প্ৰেমলৈকে জীৱনশৈলীৰ প্ৰত্যেকটো দিশত হুমকি জাৰি কৰাত ব্যস্ত এচাম প্ৰতিক্ৰিয়াশীল দল-সংগঠন, ব্যক্তি। এই কোনোটো কথায়েই এটাৰ পৰা আনটো বিচ্ছিন্ন নহয়। যিবোৰ শক্তিয়ে দশক দশকজুৰি বিতৰ্কৰ নামত শিল্পী-সাহিত্যিকৰ স্বাধীনতা হৰণৰে সমাজৰ আঁহে আঁহে বিভাজনকামিতা সুমুৱাই আহিছিল, সেই শক্তিয়ে এতিয়া সমাজৰ গণতান্ত্ৰিক চৰিত্ৰ সমূলি নাশ কৰিবলৈ সাজু হৈছে।
ৰাজনৈতিক-প্ৰশাসনিক ব্যৱস্থাৰ নিৰেপক্ষতাৰ স্বৰূপ উদঙাই দি এফালে গণতান্ত্ৰিক প্ৰতিবাদৰ বাবে ৰাজহুৱা স্থানৰ পৰিসৰ সংকুচিত কৰি অনা হৈছে; অথচ চিৰিয়াখানাৰ বাঘৰ গো-মাংসৰ বিৰুদ্ধে ‘প্ৰতিবাদ’ৰ দৰে ফটুৱামিৰে ৰাজপথ জব্দ কৰি সাম্প্ৰদায়িকতাবাদ প্ৰসাৰিত কৰাৰ প্ৰচেষ্টাৰ সময়ত চকু মুদা কুলিৰ ভূমিকা লোৱা হৈছে। সমগ্ৰ সমাজখনক সংখ্যাগৰিষ্ঠতাবাদী ফেচিষ্ট মতাদৰ্শৰে চেপি অনা হৈছে আৰু এক ধৰ্মীয় স্তৰীকৰণ কটকটীয়া কৰিবলৈ চেষ্টা কৰা হৈছে।
একেসময়তে ‘ৰাজহুৱা সম্পদ আৰু স্থান’ৰ ওপৰত চৰকাৰী স্বত্বাধিকাৰ প্ৰয়োগ কৰি জনসাধাৰণকেই তাৰ পৰা বহিস্কৃত কৰিবলৈ শক্তি প্ৰয়োগ কৰা হৈছে। ‘ৰাজহুৱা’ৰ ওপৰত অধিকাৰ, নিয়ন্ত্ৰণ আৰোপ কৰিবলৈ বিচৰা হৈছে পূঁজি আৰু শ্ৰেণী-বৰ্ণগত বৈষম্যৰ জৰিয়তে। এই সাম্প্ৰতিক পৰিস্থিতিত ফেচিবাদী প্ৰৱণতা আৰু অধিষ্ঠানক পৰাস্ত কৰি মুক্তিকামী ৰাজনৈতিক প্ৰকল্প প্ৰতিষ্ঠা কৰিবলৈ হ’লে আমি ব্যক্তিৰ মত প্ৰকাশৰ স্বাধীনতা কেৱল এক বিমূৰ্ত সংজ্ঞা বুলি দোহাৰি থাকিব নোৱাৰোঁ; ব্যক্তি-স্বাধীনতাৰ সৈতে ওতপ্ৰোতঃভাৱে জড়িত সামাজিক-ৰাজহুৱা পৰিসৰবোৰত আৰু ৰাজহুৱা সম্পদৰ ওপৰত ৰাইজৰ অধিকাৰ ষোল-অনাই সাব্যস্ত কৰাৰ পন্থাৰো সন্ধান কৰিব লাগিব।
অসমৰ সৰ্বস্তৰৰ ফেচিবাদবিৰোধী জনগণ এই সন্দৰ্ভত নানান চিন্তা-চৰ্চাৰে, সম্পৰীক্ষাৰে এক সুদীৰ্ঘ সংগ্ৰামৰ বাবে প্ৰস্তুত বুলি আমি আশাবাদী। আৰু আমি এই বিষয়ে নি:সন্দেহ যে আমাৰ চৌদিশে গঢ় লৈ উঠা সামাজিক-ৰাজনৈতিক নিস্পেষণমূলক ব্যৱস্থাৰ বিৰুদ্ধে ক্ষোভিত জনসাধাৰণ সকলো সময়তে নিশ্চুপ হৈ নেথাকে।
শেষত আমি আকৌ এবাৰ দাবী জনাওঁ
১) অন্যায়ভাৱে কাৰাৰুদ্ধ কৰি ৰখা কৃষক নেতা অখিল গগৈক অচিৰেই মুক্তি দিয়ক।
২) ন্যায়িক ব্যৱস্থাই সমাজৰ সকলো শ্ৰেণীৰ লোকৰ ব্যক্তি স্বাধীনতা আৰু সামাজিক গণতান্ত্ৰিক পৰিৱেশ ৰক্ষাৰ প্ৰতি দায়ৱদ্ধ হওক।
৩) শান্তি-শৃংখলা ৰক্ষাত নিয়োজিত আৰু প্ৰশাসনিক দায়িত্ব বহন কৰোতাসকলে পক্ষপাতিত্বমূলক বৈষম্য এৰাই চলি সামাজিক, ধৰ্মীয় বিভাজনকামী অপশক্তিসমূহক নিয়ন্ত্ৰণ কৰক।
হাইদৰ হুছেইন (বিশিষ্ট সাংবাদিক, সমাজকৰ্মী)
অৰূপ বৰবৰা (ৰাজনৈতিক বিশ্লেষক, অধিবক্তা, গুৱাহাটী উচ্চ ন্যায়ালয়)
প্ৰভাত বৰা (বিশিষ্ট সমালোচক)
হলিৰাম টেৰাং (প্ৰাক্তন বিধায়ক, সমাজকৰ্মী)
মৃণাল তালুকদাৰ (জ্যেষ্ঠ সাংবাদিক, গুৱাহাটী)
কৌস্তুভ শইকীয়া (museologist, গুৱাহাটী)
সমুদ্ৰ কাজল শইকীয়া (cultural critic, performance artist, দিল্লী)
অংকুৰ তামুলী ফুকন (ইতিহাস গৱেষক, গুৱাহাটী)
গৌৰৱ ৰাজখোৱা (cultural critic, তেজপুৰ বিশ্ববিদ্যালয়)
বিদ্যুত সাগৰ বৰুৱা (গৱেষক ছাত্ৰ, দিল্লী বিশ্ববিদ্যালয়)
সুপৰ্ণা সেনগুপ্তা (ইতিহাস গৱেষক, Nehru Memorial Museum & Library, দিল্লী)
প্ৰাৰ্থনা দত্ত (গৱেষক ছাত্ৰী, আই আই টি, গুৱাহাটী)
হিমালয় বৰা (গৱেষক ছাত্ৰ, আই আই টি, গুৱাহাটী)
দীপজ্যোতি গগৈ (ছাত্ৰ, যোৰহাট ইঞ্জিনীয়াৰিং কলেজ)
পল্লৱ শইকীয়া (visual artist, অংগ আৰ্ট কালেক্টিভ)
ধৰ্মেন্দ্ৰ প্ৰসাদ (visual artist, অংগ আৰ্ট কালেক্টিভ)
নিখিলেশ্বৰ বৰুৱা (visual artist, গুৱাহাটী)
সুদক্ষণা গগৈ (গৱেষক ছাত্ৰী, ডিব্ৰুগড় বিশ্ববিদ্যালয়)
নয়নজ্যোতি ( গৱেষক ছাত্ৰ, ট্ৰেড ইউনিয়ন কৰ্মী, দিল্লী)