• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

AFSPA: ডিমাপুৰৰ পৰা কোহিমা অভিমুখে পদযাত্ৰা আৰম্ভ

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
January 10, 2022 7:56 pm
AFSPA: ডিমাপুৰৰ পৰা কোহিমা অভিমুখে পদযাত্ৰা আৰম্ভ
100
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইনৰ বিৰুদ্ধে জাগি উঠিছে নাগালেণ্ডৰক জনতা। হঠকাৰী আইন খনৰ বিৰুদ্ধে পুনৰ ৰাজপথলৈ ওলাই আহিছে ৰাজ্য খনৰ বিভিন্ন দল-সংগঠনৰ নেতা-কৰ্মী।

আজি এই আইনৰ বিৰুদ্ধে ডিমাপুৰৰ পৰা কোহিমালৈ উলিওৱা হৈছে এক পদযাত্ৰা।

এই পদযাত্ৰাত ভাগ লৈছে শতাধিক লোকে। আজি পদযাতাকাৰীসকলে নাগালেণ্ডৰ পিফেমাত গৈ উপস্থিত হয়।

কাইলৈ পিফেমাৰ পৰা কোহিমাস্থিত ৰাজভৱনলৈ পদযাত্ৰাকাৰীসকল যাব আৰু আফস্পা বাতিলকে ধৰি সেনাৰ অত্যাচাৰ বন্ধ কৰা, অটিং গণহত্যা আৰু অন্যান্যৰ ভুক্তভোগীসকলৰ বাবে ন্যায় প্ৰাপ্তিৰ দাবীৰে প্ৰতিবাদ সাৱস্ত্য কৰিব।

উল্লেখ্য ৭৫ কিলোমিটাৰ দূৰত্ব অতিক্ৰমি কৰি দুদিনীয়া পদযাত্ৰাৰে প্ৰতিবাদকাৰীসকলে এই প্ৰতিবাদ সাৱস্ত্য কৰিছে। সোমবাৰে  পুৱা ৬ বজাত এই পদযাত্ৰা আৰম্ভ হয়।

পিফেমাত নিশা কটোৱাৰ পিছত, পদযাত্ৰাটো মঙলবাৰে পুৱা ৬ বজাত পুনৰ আৰম্ভ হ’ব আৰু কোহিমা অভিমুখে আগবাঢ়িব।

স্মাৰকপত্ৰ দাখিল কৰিবলৈ ৰাজভৱনলৈ যোৱাৰ আগতে কেইবাজনো স্থানীয় লোক আৰু সংগঠনে পদযাত্ৰাটোত চামিল হ’ব বুলি জানিব পৰা গৈছে।

বহু বিতৰ্কিত সশস্ত্ৰ বাহিনী (বিশেষ) ক্ষমতা আইন বাতিলৰ বাবে নাগালেণ্ডকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ কেইবা খনো ৰাজ্যই দাবী জনাই অহাৰ মাজতে কেন্দ্ৰীয় গৃহ দপ্তৰে অলপতে পুনৰ নাগালেণ্ডত ছমাহৰ বাবে বৃদ্ধি কৰিছে সশস্ত্ৰ বাহিনী (বিশেষ) ক্ষমতা আইনৰ সময়সীমা।

সশস্ত্ৰ বাহিনী (বিশেষ) ক্ষমতা আইনে সামৰিক বাহিনীক “সন্ত্ৰাস বিধ্বস্ত এলেকা” বুলি ঘোষণা কৰা যিকোনো স্থানত মুক্তভাৱে কাম কৰাৰ ব্যাপক ক্ষমতা প্ৰদান কৰি আহিছে।

এই আইনৰ অচিলালৈয়ে শেহতীয়াকৈ ৪ ডিচেম্বৰত নাগালেণ্ডত সেনাৰ পেৰা স্পেচিয়েল ফ’ৰ্চে ১৩ জন নাগৰিকক হত্যা কৰিছিল। যি ঘটনাই সমগ্ৰ দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল। লগে লগে পুনৰ সজোৰে উত্থাপন হৈছিল সশস্ত্ৰ বাহিনী (বিশেষ) ক্ষমতা আইন বাতিলৰ দাবী।

শেহতীয়াকৈ নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ’ই গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে কৰা আলোচনাৰ অন্তত
নাগালেণ্ডৰ পৰা বিতৰ্কিত সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন ১৯৫৮, চমুকৈ আফস্পা বাতিলৰ আশ্বাস দিছিল গৃহমন্ত্ৰীগৰাকীয়ে।

অমিত শ্বাহে কৈছিল যে আইনখন বাতিলৰ সম্পৰ্কত এখন সমিতি গঠন কৰা হ’ব। সমিতিখনে ৪৫ দিনৰ ভিতৰত এটা ৰিপ’ৰ্ট প্ৰদান কৰিব ।

নাগালেণ্ডৰ মন জিলাত সংঘটিত হোৱা নৃশংস হত্যাকাণ্ডটো আফস্পা আইনৰ জৰিয়তেই কৰা হৈছিল। তাৰ পাছৰে আফস্পা বাতিলৰ দাবীত ৰাজ্যখন উত্তাল হৈ আছে। ২০ ডিচেম্বৰত নাগালেণ্ডৰ বিধানসভাতো আফস্পা বাতিলৰ দাবীত এটা প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল।

কিন্তু কেৱল নাগালেণ্ডেই নহয়, মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাইও আফস্পা বাতিলৰ দাবী জনাই আহিছে।
চাংমাই শেহতীয়াকৈ কয় যে উক্ত আইনখনে উত্তৰ পূবত শান্তিৰ পৰিৱেশৰ সলনি অশান্তিকৰ পৰিস্থিতিৰ সূচনা কৰি আহিছে।

নাগালেণ্ড, মেঘালয়ৰ উপৰিও উত্তৰপূবৰ প্ৰায় আটাইকেইখন ৰাজ্যৰ জনসাধাৰণে এই আইন বাতিল কৰিবলৈ দাবী জনায় আহিছে। অসমতো এই আইনৰ ফলত নিৰীহ জনসাধাৰণে সেনাবাহিনীৰ নিৰ্যাতন সহিব লগা হৈছিল।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আজি ভাৰতৰ ৭৯ সংখ্যক স্বাধীনতা দিৱস, দেশবাসীলৈ আন্তৰিক শুভেচ্ছা

আজি ভাৰতৰ ৭৯ সংখ্যক স্বাধীনতা দিৱস, দেশবাসীলৈ আন্তৰিক শুভেচ্ছা

August 15, 2025 6:30 am
৪৫ বছৰ বয়সত গ্ৰেণ্ড শ্লেম খেলিব ভেনাছে; ৪৪ বছৰ পুৰণি অভিলেখ ভংগৰ দিশে ছেৰেনাৰ ভগ্নী!

৪৫ বছৰ বয়সত গ্ৰেণ্ড শ্লেম খেলিব ভেনাছে; ৪৪ বছৰ পুৰণি অভিলেখ ভংগৰ দিশে ছেৰেনাৰ ভগ্নী!

August 14, 2025 9:30 pm
‘গৰু চুৰি-ভোট চুৰিৰ পিছত এইবাৰ মাটি চুৰিত লিপ্ত বিজেপি; হিমন্ত বিশ্ব শৰ্মা জনজাতি বিৰোধী মুখ্যমন্ত্ৰী’-কংগ্ৰেছ

‘গৰু চুৰি-ভোট চুৰিৰ পিছত এইবাৰ মাটি চুৰিত লিপ্ত বিজেপি; হিমন্ত বিশ্ব শৰ্মা জনজাতি বিৰোধী মুখ্যমন্ত্ৰী’-কংগ্ৰেছ

August 14, 2025 8:56 pm
মংগল গ্ৰহত ৰহস্যময় ‘হেলমেট আকৃতিৰ’ শিল বিচাৰি পালে নাছাৰ ৰোভাৰে

মংগল গ্ৰহত ৰহস্যময় ‘হেলমেট আকৃতিৰ’ শিল বিচাৰি পালে নাছাৰ ৰোভাৰে

August 14, 2025 7:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আজি ভাৰতৰ ৭৯ সংখ্যক স্বাধীনতা দিৱস, দেশবাসীলৈ আন্তৰিক শুভেচ্ছা

আজি ভাৰতৰ ৭৯ সংখ্যক স্বাধীনতা দিৱস, দেশবাসীলৈ আন্তৰিক শুভেচ্ছা

August 15, 2025 6:30 am
৪৫ বছৰ বয়সত গ্ৰেণ্ড শ্লেম খেলিব ভেনাছে; ৪৪ বছৰ পুৰণি অভিলেখ ভংগৰ দিশে ছেৰেনাৰ ভগ্নী!

৪৫ বছৰ বয়সত গ্ৰেণ্ড শ্লেম খেলিব ভেনাছে; ৪৪ বছৰ পুৰণি অভিলেখ ভংগৰ দিশে ছেৰেনাৰ ভগ্নী!

August 14, 2025 9:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd