স্বাধীনতাৰ ৭৫ বছৰৰ পিছতো বাঁহৰ দলঙেই যাতায়তৰ মাধ্যম; কেতিয়া হ’ব ‘সবকা সাথ সবকা বিকাশ’?

ফটো: নৰ্থইষ্ট নাও।

সমগ্ৰ দেশজুৰি এইবাৰ উলহ মালহেৰে উৎযাপন কৰা হ’ল আজাদি কা অমৃত মহোৎসৱ। আজাদি কা অমৃত মহোৎসৱৰ উল্লাসে উল্লাসিত কৰিলে সমগ্ৰ দেশবাসীক। ইয়াৰ পিছতো একাংশ গ্ৰাম্যাঞ্চলবাসীক ঢুকি নাপালে এই আজাদি কা অমৃত মহোৎসৱে। স্বাধীনতা ৭৫ বছৰৰ পিছতো এতিয়াও অসমৰ বহু গ্ৰাম্যঞ্চল বিভিন্ন  ক্ষেত্ৰত বঞ্চিত অৱহেলিত হৈ ৰৈছে। তেনে এটি অঞ্চল হৈছে পেঙেৰীৰ টেকেৰী অঞ্চল।

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ ইনথেম গাঁও পঞ্চায়তৰ অন্তৰ্গত টেকেৰী ডুৱাগাওঁ আজিও সকলো দিশতে বঞ্চিত অৱহেলিত। টেকেৰী ডুৱাগাওঁ সংযোগী কুলাজান নৈৰ ওপৰত আজিও হৈ নুঠিল এখন দলং।

লগতে পঢ়ক: এ পি এছ চিৰ অভিযুক্তৰ পক্ষত অৱস্থান লৈছে অসম চৰকাৰেঃ ডি ৱাই এফ আই

দলং নথকাৰ বাবে স্বাধীনতা ৭৫ বছৰৰ পিছতো এক বিপদ সংকুল পথেৰে  নিতৌ যাতায়ত কৰিব লগীয়া হৈছে  অঞ্চলটোৰ সাধাৰণ ৰাইজ। বিদ্যালয়ৰ কণ কণ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে গ্ৰাম্য অঞ্চলটো বজাৰ সমাহ কৰিবলৈ যোৱা লোকসকলৰ লগতে চিকিৎসা কৰিবলৈ যোৱা ৰোগীজনলৈকে প্ৰতিজন লোকেই বাঁহৰ দলঙৰে বিপদ সংকুল ভাবে জীৱটো বুকুত বান্ধি যাতায়ত কৰিব লগীয়া হৈছে।

ফটো: নৰ্থইষ্ট নাও।

দলং নথকাত এম্বুলেঞ্চ আদি বাহনো গাওঁখনত প্ৰৱেশ কৰিব নোৱাৰে। মুঠৰ ওপৰত যাতায়ত ক্ষেত্ৰত অঞ্চলটো লোকসকলে সেই মান্ধাতা যুগৰ বাঁহৰ দলঙৰে আশ্ৰয় লব লগা হৈ আহিছে। বছৰ পিছত বছৰ এনেদৰে পৰিত্যক্ত মৰণ ফাণ্ড সদৃশ দলঙৰ ওপৰেৰে যাতায়ত কৰি আহিছে অঞ্চলটোৰ সৰ্বসাধাৰণ ৰাইজ।

লগতে পঢ়ক: ইউক্ৰেইনত স্বেচ্ছাসেৱক চিকিৎসক হিচাপে কাম কৰি থকা ব্ৰিটিছ নাগৰিক নিহত

ইপিনে, বিজেপি চৰকাৰৰ ‘সবকা সাথ সবকা বিকাশ’-য়ে ঢুকি পোৱা নাই এই অঞ্চল। স্থানীয় অঞ্চলবাসীয়ে যাতায়তৰ সুবিধাৰ্থে এখন পকী দলং নিৰ্মাণ কৰি দিবৰ বাবে স্থানীয় বিধায়ক ভাস্কৰ শৰ্মাৰ লগতে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক কাতৰ আহ্বান জনাইছে।