মহাভিযোগত অপসাৰিত ৰাষ্ট্ৰপতি পেদ্ৰো কাষ্টিলো; পেৰুৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি হ’ল দিনা বোলুয়াৰ্ট

অতি কম সময়ৰ ভিতৰতে দক্ষিণ আমেৰিকাৰ দেশ পেৰুৱে ৰাজনীতিৰ ক্ষেত্ৰত বহু পৰিৱৰ্তন দেখিলে। দেশখনৰ বাওঁপন্থী ৰাষ্ট্ৰপতি পেদ্ৰো কাষ্টিলোৱে সংসদ স্থগিত কৰি আৰু জৰুৰীকালীন অৱস্থা ঘোষণা কৰি চৰকাৰ চলাব বিচাৰিছিল। বুধবাৰে, তেওঁৰ সেই প্ৰচেষ্টা ব্যৰ্থ কৰি সংসদে তেওঁক মহাভিযোগ আনি অপসাৰণ কৰে। আৰক্ষীয়ে তাৰপিছতে তেওঁক গ্ৰেপ্তাৰ কৰে।

স্থানীয় সংবাদ মাধ্যমৰ মতে, মেক্সিকান দূতাবাসত আশ্ৰয় ল’বলৈ চেষ্টা কৰাৰ সময়তে আৰক্ষীয়ে পেদ্ৰো কাষ্টিলোক গ্ৰেপ্তাৰ কৰে।

লগতে পঢ়ক: সলনি হোৱা নাই তালিবান! আফগানিস্তানত পুনৰ ৰাজহুৱাভাৱে দিয়া হ’ল মৃত্যুদণ্ড

বুধবাৰে পেৰুত এজন নতুন ৰাষ্ট্ৰপতি লাভ কৰিছে। উপ ৰাষ্ট্ৰপতি দিনা বোলুয়াৰ্টে ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰে। দিনা পেৰুৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি।

১৮ মাহ আগতে পেদ্ৰো কাষ্টিলো অপ্ৰত্যাশিতভাৱে পেৰুৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হৈছিল। তেওঁ গাঁৱৰ এখন বিদ্যালয়ত শিক্ষকতা কৰিছিল। তাৰ পৰা তেওঁ দেশৰ ৰাজনীতিৰ এক গুৰুত্বপূৰ্ণ ব্যক্তি হৈ পৰিছিল। বুধবাৰে তৃতীয়বাৰৰ বাবে তেওঁক মহাভিযোগত অপসাৰণ কৰাৰ পদক্ষেপেৰ নাটকখন আৰম্ভ হৈছিল।

পেৰুৰ সংসদত বিৰোধীৰ আধিপত্য আছিল। টেলিভিছনত দিয়া এক ভাষণত পেদ্ৰো কাষ্টিলোৱে জনাইছিল যে তেওঁ সংসদ স্থগিত কৰি আৰু সান্ধ্য আইন জাৰি কৰি আৰু ডিক্ৰিৰ দ্বাৰা দেশ শাসন কৰিব বিচাৰে। অৱশ্যে, দেশৰ আইন প্ৰণেতাসকলে ইয়াক গ্ৰহণ কৰা নাছিল। তেওঁলোকে নিৰ্ধাৰিত সময়ৰ আগতে একত্ৰিত হৈছিল আৰু ৰাষ্ট্ৰপতিক মহাভিযোগত অপসাৰণ কৰে। পেদ্ৰো কাষ্টিলোক ১৩০ টাৰ ভিতৰত ১০১ টা ভোটত অপসাৰিত কৰা হয়।

লগতে পঢ়ক: সুৰাৰ নিচাত! অভিনেত্ৰীৰ ভৰি চেলেকিছে ৰাম গোপাল বাৰ্মাই; ইণ্টাৰনেটত ভাইৰেল ‘লজ্জাজনক’ ভিডিঅ’

বাতৰি অনুসৰি পেদ্ৰো কাষ্টিলোক ক্ষমতা প্ৰয়োগত তেওঁৰ “নৈতিক অক্ষমতা”ৰ বাবে মহাভিযোগ অনা হৈছে। তেওঁৰ বিৰুদ্ধে ছয়টা তদন্ত আৰম্ভ কৰা হৈছে, পাঁচবাৰ তেওঁ মন্ত্ৰীসভাৰ সালসলনি কৰিছে। তেওঁৰ শাসনৰ বিৰুদ্ধে দেশত প্ৰতিবাদো হৈছে।