পুনৰবাৰ মাধমাৰ : দেশত পুনৰ ক্ৰমাগতভাৱে দ্বিতীয় দিনাও বৃদ্ধি পালে পেট্ৰল-ডিজেলৰ মূল্য

index.jpgaa

ছটা সপ্তাহৰ পিছত সমগ্ৰ দেশজুৰি পুনৰ ইন্ধজাত সামগ্ৰী পেট্ৰল আৰু ডিজেলৰ মূল্য বৃদ্ধি পাইছে।

কালি অৰ্থাৎ মংগলবাৰে প্ৰতি লিটাৰ পেট্ৰলত ১৫ পইচা আৰু ডিজেলত ১৮ পইচাকৈ বৃদ্ধি পোৱাৰ পিছত আজিও পুনৰ বৃদ্ধি পাইছে পেট্ৰল আৰু ডিজেলৰ মূল্য।

বুধবাৰে সমগ্ৰ দেশতে পুনৰ প্ৰতি লিটাৰ পেট্ৰলত ১৯ পইচা আৰু ডিজেলত ২১ পইচাকৈ বৃদ্ধি পাইছে।

উল্লেখ্য যে সম্পূৰ্ণ ১৮ দিনৰ পিছত যোৱা মংগলবাৰে দেশত পেট্ৰল আৰু ডিজেলৰ মূল্য বৃদ্ধি কৰা হৈছে।

যোৱা ১৫ এপ্ৰিলৰ পৰা মংগলবাৰ অৰ্থাৎ ৪ মে’লৈকে পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি কৰা হোৱা নাছিল। ১৫ এপ্ৰিলত প্ৰতি লিটাৰ পেট্ৰলত ১৪ পইচা আৰু ডিজেলত ১৬ পইচাকৈ বৃদ্ধি কৰা হৈছিল।

অৱশ্যে চলিত বছৰৰ ২৪ মাৰ্চত প্ৰতি লিটাৰ পেট্ৰলত ৭৭ পইচা আৰু ডিজেলত ৭৪ পইচাকৈ মূল্য হ্ৰাস কৰা হৈছিল।

ইফালে চলিত বৰ্ষত দেশত অভিলেখসংখ্যক ২৬ বাৰকৈ পেট্ৰল আৰু ডিজেলৰ মূল্য বৃদ্ধি কৰা হৈছে।

যোৱা জানুৱাৰীৰ পৰা বৰ্তমানলৈকে প্ৰতি লিটাৰ পেট্ৰলত ৭.৪৬ টকা আৰু ডিজেলত মূল্য ৭.৬০ টকাকৈ মূল্য বৃদ্ধি পাইছে।