NORTHEAST NOW (Assamese)

হ্ৰাস পালে পেট্ৰ’ল-ডিজেলৰ দাম; গ্ৰাহকলৈ সামান্য সকাহ!

September 18, 2020 8:44 am · এন ই নাও নিউজ

পেট্ৰ’লিয়ম কোম্পানীসমূহে শুকুৰবাৰে পেট্ৰ’ল আৰু ডিজেলৰ দাম হ্ৰাস কৰিছে। পেট্রল’ৰ দাম প্ৰতি লিটাৰত ২৬ পইচা আৰু ডিজেলৰ দাম প্ৰতি লিটাৰত ৩৭ পইচা হ্ৰাস কৰা হৈছে।

এই হ্ৰাসৰ ফলত দিল্লীত আজি ডিজেলৰ দাম ৭২.০২টকালৈ হ্ৰাস পাইছে। সেইদৰে পেট্ৰ’লৰ দামো দিল্লীত ৮১.১৪টকালৈ হ্ৰাস পাইছে।

দিল্লীৰ বাহিৰে বাকী মহানগৰসমূহৰ ভিতৰত মুম্বাইত পেট্ৰ’ল ৮৭.৮২টকা লিটাৰ আৰু ডিজেল ৭৮.৪৮টকা লিটাৰ হৈছে।

চেন্নাইত পেট্ৰ’ল ৮৪.২১ টকা লিটাৰ আৰু ডিজেল ৭৭.৪০টকা লিটাৰ হৈছে। সেইদৰে কলকাতাত পেট্ৰ’ল ৮২.৬৭টকা লিটাৰ আৰু ডিজেল ৭৫.৫২টকা লিটাৰলৈ হ্ৰাস পাইছে।

উল্লেখ্য যে তেল কোম্পানীসমূহে বুধবাৰে পেট্ৰ’লৰ দামৰ কোনো সালসলনি ঘটোৱা নাছিল।

আনহাতে, গুৱাহাটীত আজি পেট্ৰ’লৰ দাম হৈছে ৮৫.৩৫টকা প্ৰতি লিটাৰ আৰু ডিজেলৰ দাম প্ৰতি লিটাৰত ৭৯.১৪ টকা।

Related News