NORTHEAST NOW (Assamese)

টীয়ক জগদুৱাৰৰ শৰ্মা পাঠক পৰিয়ালৰ ঐতিহাসিক ফাকুৱা পূজা

March 29, 2021 6:39 pm · নিৰ্মলেন্দু পাঠক

টীয়কৰ জগদুৱাৰত প্ৰায় ১৫০ বছৰ  অতিবাহিত এক ঐতিহাসিক ফাকুৱা পূজা।

অঞ্চলটোৰ শৰ্মা পাঠক পৰিয়ালে আজি বছৰ বছৰ ধৰি সম্পূৰ্ণ বৈদিক নীতি নিয়ম অৱলম্বন কৰি স্থানীয় ৰাইজৰ সহযোগত উদযাপন কৰি আহিছে এই ফাকুৱা পূজা।

তিনিদিনীয়াকৈ উদযাপন হৈ অহা এই পূজাভাগ চতুৰ্দশী তিথিত মেষদাহৰ পৰা পূৰ্ণিমাৰ দিনা পূৰ্ণ আহুতিৰে হোম যজ্ঞ তথা ঐতিহ্যসম্পন্ন গোসাঁইৰ বিগ্ৰহত ফাকু প্ৰদানৰ লগতে শেষৰ দিনা বৈদিক নিয়ম,আয়তীৰ আই নামৰ লগতে  নাম কীৰ্ত্তনেৰে অঞ্চলবাসীৰ চোতালে চোতালে গোঁসাই  ফুৰাই আশীৰ্বাদ প্ৰদান কৰি বিসৰ্জন দিয়ে।

উল্লেখযোগ্য যে উজনি অসমৰ অন্যতম পুৰণি এই পূজাভাগ জগদুৱাৰৰ শৰ্মা পাঠক পৰিয়ালে  আজি পৰ্যন্ত সম্পন্ন কৰি আহিছে আৰু অনাগত দিনতো উত্তৰ প্ৰজন্মই ঐতিহ্য পৰম্পৰা জীয়াই ৰখাবলৈ সংকল্পবদ্ধ হৈছে।

Related News