প্ৰথম পৰ্য্যায়ত ৰাজ্যত ভোটদানৰ হাৰ ৭৮.২৩ শতাংশ; কলিয়াবৰত সৰ্বাধিক হাৰ

Duliajan-casting vote

দুলীয়াজানৰ এটা ভোটকেন্দ্ৰৰ দৃশ্য। ১১ এপ্ৰিলত।

দেশৰ সপ্তদশ লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্য্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছে ২০খন ৰাজ্যৰ ৯১টা সমষ্টিত। অসমতো পাঁচটা সমষ্টি ক্ৰমে তেজপুৰ, কলিয়াবৰ, যোৰহাট, ডিব্ৰুগড় আৰু লখিমপুৰত অনুষ্ঠিত হৈছে প্ৰথম পৰ্য্যায়ৰ ভোটগ্ৰহণ। পুৱা ৭ বজাৰ পৰা বিয়লি ৫ বজালৈকে অনুষ্ঠিত হয় ভোটগ্ৰহণ।

ৰাজ্যিক নিৰ্বাচন আয়োগে প্ৰকাশ কৰা তথ্য অনুসৰি পাঁচোটা সমষ্টিৰ সামগ্ৰিক ভোটদানৰ হাৰ ৭৮.২৩ শতাংশ। পাঁচোটা সমষ্টিৰে সৰ্বমুঠ ভোটাৰ ৭৬,০৩,৪৫৮ গৰাকী। সৰ্বমুঠ ভোটাৰৰ ৫৯,৪৮,১৮৫গৰাকী ভোটাৰে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে।

৯ নং তেজপুৰ লোকসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ১৪,৯৪,৮৭৮গৰাকী। ভোটদান কৰা ভোটাৰ ১১,৮৩,১৯৬গৰাকী। হাৰ ৭৯.১৫ শতাংশ। সমষ্টিটোৰ ১৮৮০টা ভোটকেন্দ্ৰত অনুষ্ঠিত হৈছিল ভোটগ্ৰহণ। বিগত লোকসভা নিৰ্বাচনত সমষ্টিটোত ভোটৰ হাৰ আছিল ৭৭.৮৬ শতাংশ।

১১ নং কলিয়াবৰ লোকসভা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা ১৭,৩১,৬১০গৰাকী। ইয়াৰে ৮২.০৯ শতাংশ ভোটাৰে ভোটদান কৰিলে। সংখ্যা হিচাপত উক্ত সমষ্টিত মুঠ ১৩,৭২,৪৩০গৰাকী ভোটাৰে ভোটদান কৰিলে। সমষ্টিটোৰ ২১৭৪টা ভোটকেন্দ্ৰত অনুষ্ঠিত হৈছিল ভোটগ্ৰহণ। বিগত লোকসভা নিৰ্বাচনত সমষ্টিটোত ভোটৰ হাৰ ৮০.০১ শতাংশ আছিল।

১২ নং যোৰহাট লোকসভা সমষ্টিত মুঠ ভোটাৰ ১৩,৬০,৩২৮গৰাকী। ইয়াৰে ৭৭.৪৯ শতাংশ ভোটাৰে ভোটদান কৰিলে। সংখ্যা হিচাপত ১০,৫৪,১১৮ গৰাকী ভোটাৰে সমষ্টিটোত ভোটদান কৰিলে। সমষ্টিটোৰ ১৭৫৩টা ভোটকেন্দ্ৰত অনুষ্ঠিত হৈছিল ভোটগ্ৰহণ। বিগত লোকসভা নিৰ্বাচনত সমষ্টিটোত ভোটৰ হাৰ ৭৫.৪৫ শতাংশ আছিল।

১৩ নং ডিব্ৰুগড় লোকসভা সমষ্টিটোত মুঠ ভোটাৰ ১৩,১২,১৯৫গৰাকী। ভোটাধিকাৰ সাব্যস্ত কৰে ১০,১৩,৮০২ গৰাকী ভোটাৰে। হাৰ ৭৭.২৬ শতাংশ। সমষ্টিটোত মুঠ ১৬৫৭টা ভোটকেন্দ্ৰত ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল। বিগত লোকসভা নিৰ্বাচনত সমষ্টিটোত ভোটৰ হাৰ ৭৯.২৫ শতাংশ আছিল।

আনহাতে, ১৪ নং লখিমপুৰ লোকসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ১৭,০৪,৪৪৭গৰাকী। এই সংখ্যাৰ ৭৪.৮১ শতাংশই ভোটাধিকাৰ সাব্যস্ত কৰে। সংখ্যা হিচাপত ভোট দিয়া লোক ১২,৭৬,১১৯গৰাকী। সমষ্টিটোৰ মুঠ ২১১০টা ভোটকেন্দ্ৰত অনুষ্ঠিত হৈছিল ভোটগ্ৰহণ। বিগত লোকসভা নিৰ্বাচনত সমষ্টিটোত ভোটৰ হাৰ ৭৭.৭১ শতাংশ আছিল।