প্ৰথম পৰ্য্যায়ৰ ভোটগ্ৰহণ : বোকাখাত মহকুমাত ১, ৪১,০০৭জন ভোটাৰ, ১৮১টা ভোটগ্ৰহণ কেন্দ্ৰ

Bokakhat Polling

লোকসভাৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে সাজু হৈ উঠিছে বোকাখাত মহকুমা প্রশাসন৷ নিৰ্বাচনৰ বাবে গঠন কৰা বিভিন্ন কোষৰ জৰিয়তে নির্বাচনৰ কাম-কাজ ইতিমধ্যে সম্পূর্ণ কৰি তুলিছে বোকাখাত মহকুমা প্ৰশাসনে।

প্রিজাইডিং-প’লিং বিষযা আৰু মাইক্ৰ অৱজাৰভাৰসকলৰ প্ৰশিক্ষণ প্রদান কার্য ইতিমধ্যেই সম্পূর্ণ কৰিছে প্ৰশাসনে।

মহকুমা প্ৰশাসনে জনোৱা মতে বোকাখাত নির্বাচনী জিলাৰ ১৮১টা ভোটগ্রহণ কেন্দ্ৰৰ বাবে ১৭টা ছেক্টৰত বিভক্ত কৰি ১৭গৰাকী ছেক্টৰ বিষযাক দায়িত্ব দিয়াৰ উপৰি ব্ৰহ্মপুত্ৰৰ মাজৰ লহৰে  চাপৰিত ১গৰাকী ছাবছেক্টৰ বিষযাক নিযুক্তি দিয়া হৈছে।

বোকাখাত নির্বাচনী জিলাৰ বাবে ২০৮গৰাকী প্রিজাইডিং ৬২৪ গৰাকী প’লিং বিষযা আৰু ১১গৰাকী মাইক্ৰ অৱজাৰভাৰ নিযুক্তি দিয়া হৈছে। উল্লেখযোগ্য যে, বোকাখাত নিৰ্বাচনী জিলাত ১৬টা ভোটগ্রহণ কেন্দ্র কেৱল মহিলা বিষযাৰ দ্বাৰা পৰিচালিত হ’ব। ইয়াৰ উপৰি ২টা ভোটগ্রহণ কেন্দ্র ম’ডেল ভোটগ্রহণ কেন্দ্র হিচাপে গঠন কৰা হৈছে।

বোকাখাত নিৰ্বাচনী জিলাৰ বাবে বিভিন্ন ভোটগ্রহণ কেন্দ্ৰলৈ বিষযা-কৰ্মচাৰীসকল যাবৰ বাবে সৰু-বৰ প্রায় ২০০খন গাড়ী অধিগ্রহণ কৰিছে মহকুমা প্ৰশাসনে।

আনহাতে এইবাৰ নিৰ্বাচনত ই ভি এমৰ লগত নতুনকৈ সংযোজন হোৱা ভি পি পেট সম্পর্কতো বোকাখাত নিৰ্বাচনী জিলাৰ অন্তৰ্গত বিভিন্ন এলেকাত সজাগতা সভা অনুষ্ঠিত কৰি ভোটাৰক প্রশিক্ষণ প্রদান কৰিছে প্ৰশাসনে।

উল্লেখ্য যে কাইলৈ অথাৎ ১০ এপ্রিল,২০১৯ তাৰিখে পুৱা ৮-০০ বজাৰ পৰা বিভিন্ন ভোটগ্রহণ কেন্দ্ৰলৈ যাবলগীয়া প্রিজাইডিং আৰু প’লিং বিষযাসকলক নিবার্চনৰ সা-সামগ্ৰী মহকুমাধিপতি কার্যালয় চৌহদত বিতৰণ কৰিব প্ৰশাসনে।

প্ৰশাসনৰ তথ্য মতে, ১১ নং-কলিয়াবৰ লোকসভা সমষ্টিৰ অন্তৰ্গত ৯৩ নং-বোকাখাত বিধানসভা সমষ্টিৰ মুঠ ১৮১টা ভোটগ্রহণ কেন্দ্রত নিবার্চন অনুষ্ঠিত হব। ইয়াৰে ৮টা ভোটগ্রহণ কেন্দ্ৰ নগৰাঞ্চলত আৰু ১৭৩টা গ্ৰাম্যাঞ্চলত অৱস্থিত। বোকাখাতৰ মুঠ ভোটাৰৰ সংখ্যা ১,৪১,০০৭গৰাকী। ইয়াৰে পুৰুষ ভোটাৰ হৈছে ৭১,৩৯৯ জন আৰু মহিলা ভোটাৰ হৈছে  ৬৯, ৬০৮গৰাকী ।