NORTHEAST NOW (Assamese)

কালঘূৰ্ণী ‘নালগাই’ৰ সংহাৰত বিধ্বস্ত ফিলিপাইনছ, ৫০ টা মৃতদেহ উদ্ধাৰ

October 29, 2022 8:23 pm · এন ই নাও নিউজ,গুৱাহাটী

ভাৰত আৰু বাংলাদেশত ছত্ৰং ধুমুহাই কালান্তক ৰূপ লোৱাৰ সময়তে ফিলিপাইনছতো ঘূৰ্ণীবতাহ ‘নালগাই’ই সংহাৰ চলাইছে। ঘূৰ্ণীবতাহ ‘নালগাই’ৰ প্ৰভাৱত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত ফিলিপাইনছৰ বিভিন্ন স্থানত বান পানী আৰু ভূমিস্খলন হৈছে।

এতিয়া ধুমুহা আৰু বানত কমেও ৫০ জন লোকৰ মৃত্যু হৈছে। বহু লোক সন্ধানহীন হৈ আছে। উদ্ধাৰকাৰীসকলে সন্ধানহীন লোকসকলক উদ্ধাৰ কৰিবলৈ যুদ্ধকালীন পৰতাৰে অভিযান চলাই আছে। এগৰাকী স্থানীয় লোকে কয় যে বান পানী আৰু ভূমিস্খলনত ৭২ জন লোকৰ মৃত্যু হোৱা বুলি সন্দেহ কৰা হৈছে।

এতিয়া ঘূৰ্ণীবতাহ ‘নালগাই’ উপকূলৰ ফালে আগবাঢ়িছে। কৰ্তৃপক্ষই ঘূৰ্ণীবতাহৰ সম্ভাৱ্য গতিপথৰ পৰা হাজাৰ হাজাৰ বাসিন্দাক স্থানান্তৰ কৰি আছে। দুৰ্যোগ ব্যৱস্থাপনা বিষয়াসকলে কৈছে যে ঘূৰ্ণীবতাহে মধ্য ফিলিপাইনছৰ চামাৰ প্ৰদেশৰ উপকূলত আঘাত কৰিব পাৰে। মিন্দানাওৰ বাংচামোৰো স্বায়ত্তশাসিত অঞ্চলৰ আভ্যন্তৰীণ মন্ত্ৰী নাগাইব চিনাৰিম্বোৱে কয় যে আগতীয়াকৈ সাৱধান হোৱাৰ বাবেক্ষতি বহু কম হৈছে।

ফিলিপাইন সাগৰ পাৰ হোৱাৰ লগে লগে ঘূৰ্ণীবতাহ নালগাই তীব্ৰতৰ হোৱাৰ সম্ভাৱনা আছে, প্ৰতি ঘণ্টাত ৯৫ কিলোমিটাৰ পৰ্যন্ত গতিৰে ধুমুহাজাক উপকূলৰ ফালে আগবাঢ়িছে। ধুমুহাৰ ফলত বিমান যোগাযোগ ব্যাহত হৈ পৰিছে। শিক্ষানুষ্ঠানসমূহ বন্ধ কৰি দিয়া হৈছে। কিছুমান বন্দৰত কাম-কাজ স্থবিৰ হৈ পৰিছে।

Related News