ৰাষ্ট্ৰই পৃষ্ঠপোষকতা কৰা হেকাৰে হেক কৰিবলৈ চেষ্টা কৰিছে কেইবাগৰাকীও বিৰোধী নেতা আৰু সাংবাদিকৰ আইফোন। এই বাৰ্তা বিৰোধী নেতা আৰু সাংবাদিক সকললৈ প্ৰেৰণ কৰিছে খোদ আইফোন নিৰ্মাতা কোম্পানী এপ’লে।
তৃণমূলৰ সাংসদ মহুৱা মৈত্ৰাই মঙলবাৰে এই বিস্ফোৰক দাবী উত্থাপন কৰিছে। কংগ্ৰেছ নেতা ৰাহুল গান্ধী, আপৰ সাংসদ ৰাঘৱ চাধা, শিৱসেনাৰ সাংসদ প্ৰিয়ংকা চতুৰ্বেদীয়েও মহুৱা মৈত্ৰৰ এই দাবী সমৰ্থন কৰি তেওঁলোকেও এপ’লৰ পৰা এই বাৰ্তা লাভ কৰাৰ কথা সদৰী কৰে। আটাইকেইজনেই আইফোনত হেকিঙৰ সতৰ্কবাণী পোৱা বুলি দাবী কৰে।
এই কথা নাকচ কৰি কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱালে কয় যে ৰাষ্ট্ৰৰ পৃষ্ঠপোষকতাত কোনো হেকাৰে তেওঁলোকৰ আইফোন হেক কৰিবলৈ চেষ্টা কৰা নাই। এয়া নিশ্চয় কোনোবাই প্ৰেংক বা ধেমালি কৰিছে।
মঙলবাৰে সংবাদ সংস্থা এএনআইক দিয়া এক সাক্ষাৎকাৰত কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেলে কয়, ‘মই ভাবো কোনোবাই বিৰোধী নেতাসকলৰ লগত প্ৰেংক খেলিলে। ইয়াৰ বাবে চৰকাৰী অভিযোগ দাখিল কৰিব লাগে। অভিযোগৰ ভিত্তিত চৰকাৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব।”
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে, “বৰ্তমান বিৰোধীয়ে অতি দুৰ্বল হৈ পৰিছে, সেইবাবেই তেওঁলোকে সকলোতে দুৰ্নীতি দেখিছে। আচল সত্যটো হ’ল এপলে নিজেই ৰিপ’ৰ্ট কৰিছে যে কিছুমান কাৰিকৰী সমস্যাৰ বাবী বিশ্বৰ ১৫০খন দেশৰ বহু লোকে এই বাৰ্তা লাভ কৰিছে। ইয়াৰ তদন্ত কৰা হ’ব। এপলকো তদন্তত যোগদান কৰিবলৈ কোৱা হৈছে।”
পীয়ুষ গোৱালে আৰু কয়, ‘বিৰোধীয়ে যিকোনো দাবী কৰিব পাৰে, তেওঁলোকৰ পৰিস্থিতি সমগ্ৰ দেশেই জানে। তেওঁলোক নিজৰ মাজতে কাজিয়াত ব্যস্ত। তেওঁলোকে আমাৰ ওপৰত মন্তব্য কৰাৰ পৰিৱৰ্তে নিজৰ দুৰ্বলতাৰ ওপৰত গুৰুত্ব দিব লাগে। ইয়াত চৰকাৰৰ কোনো ভূমিকা নাই।”