গোলাঘাটত পুনৰ পিষ্টল সহ সজীৱ গুলী উদ্ধাৰ, দুজনক গ্রেপ্তাৰ

মঙলবাৰে এৰেঙাপাৰাত এজন যুৱকৰ হাতত এটা ৰিভলভাৰ উদ্ধাৰ হোৱাৰ পিছতে পুনৰ বুধবাৰে নিশা এটা ৯এম এম পিষ্টল উদ্ধাৰ হোৱা ঘটনাই এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে।

এক গোপন সূত্ৰৰ পম খেদি গোলাঘাট আৰক্ষীয়ে কছাৰীহাটত দুই যুৱকৰ পৰা উদ্ধাৰ কৰিছে এটা ৯ এম এম পিষ্টলসহ সজীৱ গুলী। জানিব পৰা মতে কছাৰীহাটৰ ৰফিকুল হুছেইন আৰু আখতাৰ হুছেইন নামৰ দুই ভাতৃয়ে নিজৰ ব্ৰয়লাৰ বিক্ৰী কৰা দোকানত লুকুৱাই ৰাখিছিল পিষ্টলটো।

গোলাঘাটৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অঞ্জন পণ্ডিতৰ নেতৃত্বত গোলাঘাট আৰক্ষীৰ এটা দলে উদ্ধাৰ কৰিবলৈ সক্ষম হয় এই পিষ্টলটো।

উল্লেখযোগ্য যে পিষ্টলটোৰ সৈতে ২ জাই সজীৱ ৯ এম এম গুলী আৰু ১০ জাই সজীৱ ২২ গুলী উদ্ধাৰ হৈছে।নিশাই এই দুই ভাতৃ ৰফিকুল আৰু আখতাৰক আৰক্ষীয়ে নিজৰ জিম্মাত লৈ জে’ল হাজোতলৈ প্ৰেৰণ কৰিছে।

গোলাঘাটত ক্ৰমাগতভাৱে এনেকৈ মাৰণাস্ত্ৰ উদ্ধাৰ হোৱা ঘটনাই এতিয়া শংকিত কৰি তুলিছে গোলাঘাটবাসীক।

দৈনিক অপৰাধজনিত ঘটনা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত নিজৰ সন্তানক লৈও চিন্তিত হৈ পৰিছে অভিভাৱক সকল।

ইয়াৰোপৰি ড্ৰাগছৰ তুমুল অভিযানৰ পিছতো বিভিন্ন সময়ত ড্ৰাগছৰ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰা ঘটনাই অধিক চিন্তিত কৰি তুলিছে সচেতন মহলক।

বহুজনে মত প্ৰকাশ কৰা মতে লকডাউনৰ প্ৰভাৱত নিৰাশ হৈ পৰা যুৱ প্ৰজন্মই নিজক ব্যস্ত ৰাখিবলৈ এনেধৰণৰ নৈতিক,অপৰাধজনিত কামত নিয়োজিত হৈ পৰিছে।