মাজ আকাশত দুই বিমানৰ মুখা-মুখী সংঘৰ্ষ, হতাহত বহুজন

mid-air-crash

দুখন বিমান। দুয়োখন বিমানৰে লক্ষ্য স্থান বেলেগ বেলেগ। কিন্তু পথ ভুল কৰি যেন বিমান দুখনে ক্ৰমাৎ ইখনে সিখনৰ দিশে দুৰন্ত গতিত ধাৱমান হৈছে।

আকাশৰ প্ৰায় ৮০০ ফুট উচ্চতাত এনেদৰে ইখন বিমানে সিখনৰ পিনে গতি কৰি থকাৰ কথা তৎ ধৰিব পাৰিছিল দুয়োখন বিমানৰে চালকে।

কিন্তু তেতিয়ালৈ বহু পলম হৈ গৈছিল।  দুয়োখন বিমানৰ চালকে  বহু চেষ্টা কৰিও সাম্ভাৱ্য দুৰ্ঘটনাৰ পৰা বিমান দুখনক ৰক্ষা কৰিব নোৱাৰিলে।

পৰিণতিত প্ৰচণ্ড শব্দ কৰি মাজ আকাশতে দুই বিমানৰ মুখা-মুখী সংঘৰ্ষ। এখন বিমানৰ পাংখা সোমাই গ’ল আন খনৰ ককপিটত।

চকুৰ পচাৰতে দুয়ো খন বিমান খণ্ড- বিখণ্ড হৈ তলৰ হ্ৰদত পৰি গ’ল।  বিমান দুখনৰ টুকুৰাবোৰ মূহুৰ্তৰ ভিতৰতে পানীত বুৰ গ’ল।  ঘটনাটো আমেৰিকাৰ ইডাহৰ।

দেওবাৰে দুপৰীয়া প্ৰায় ২-৩০ সংঘটিত এই বিমান দুৰ্ঘটনাই জোকাৰি গৈছে সমগ্ৰ দেশ খনকে।

প্ৰাথমিক ভাবে লাভ কৰা তথ্য অনুসৰি দুৰ্ঘটনাটোত মৃত্যু ঘটিছে বহু কেইজন লোকৰ। হ্ৰদৰ পানীত ওপঙি উঠিছে ৮ টাকৈ মৃতদেহ।

উদ্ধাৰকাৰীৰ দলে চলাই আছে উদ্ধাৰ অভিযান। হতাহতৰ সংখ্যা নিশ্চিত ভাবে বঢ়াৰ আশংকা কৰিছে বহুজনে।