• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আমেৰিকাৰ আদালতৰ পিছত এইবাৰ ভাৰতৰ উচ্চতম ন্যায়ালয়তো আদানিৰ বিৰুদ্ধে নতুন গোচৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 25, 2024 9:13 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিপদে যেন লগ এৰা নাই গৌতম আদানিৰ। ইয়াৰ পূৰ্বে ছেবি আৰু উচ্চতম ন্যায়ালয়ৰ পৰা হিণ্ডেনবাৰ্গ বিতৰ্কত ‘ক্লিন চিট’ পাইছিল। অৱশ্যে নতুনকৈ আমেৰিকাৰ ন্যায় বিভাগৰ গোচৰত স্বয়ং গৌতম আদানিৰ নাম জড়িত হৈ পৰিছে। এনে পৰিপ্ৰেক্ষিতত ভাৰতৰ উচ্চতম ন্যায়ালয়তো আদানিৰ বিৰুদ্ধে নতুন গোচৰ ৰুজু হ’ল। খবৰ অনুসৰি এই গোচৰটো দাখিল কৰিছে অধিবক্তা বিশাল তিৱাৰীয়ে। ইয়াৰ পূৰ্বে তেওঁ আদানি-হিণ্ডেনবাৰ্গ বিতৰ্কৰ সময়তো উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু কৰিছিল।

ইফালে, ভাৰত চৰকাৰৰ বিষয়াক উৎকোচ দিয়াৰ গোচৰত ইতিমধ্যে আমেৰিকাৰ ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ কমিছনে গৌতম আদানি আৰু সাগৰ আদানিলৈ চমন জাননী প্ৰেৰণ কৰিছে। আহমেদাবাদৰ শান্তিভান ফাৰ্মৰ গৌতম আদানিৰ ঘৰ আৰু বৰাকেভৰ সাগৰ আদানিৰ ঘৰলৈ প্ৰেৰণ কৰা হৈছে চমন জাননী।

উল্লেখ্য যে আদানিয়ে ভাৰত চৰকাৰৰ বিষয়াক ২ কোটি ৬৫ লাখ ডলাৰৰ উৎকোচ দিয়াৰ অভিযোগ উত্থাপন হৈছে। এনে পৰিপ্ৰেক্ষিতত কোটিপতি গৌতম আদানি আৰু তেওঁৰ ভতিজাককে ধৰি কেইবাজনো ভাৰতীয় ব্যৱসায়ীক আমেৰিকাত এক গোচৰত অভিযুক্ত কৰা হৈছে।

খবৰ অনুসৰি আমেৰিকাৰ ন্যায় বিভাগ আৰু আমেৰিকাৰ ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ কমিছনে আদানি গ্ৰুপৰ প্ৰতিষ্ঠাপক তথা অধ্যক্ষ কোটিপতি গৌতম আদানিক আমেৰিকাৰ বিনিয়োগকাৰীক প্ৰতাৰণা কৰাৰ লগতে বিষয়াসকলক উৎকোচ দিয়াৰ অভিযোগ উত্থাপন কৰিছে।

জানিব পৰা মতে, গৌতম আদানিৰ লগতে আদানি গ্ৰীণ এনাৰ্জি লিমিটেডৰ কাৰ্যবাহী সাগৰ আদানি আৰু এজুৰ পাৱাৰ গ্ল’বেল লিমিটেডৰ কাৰ্যবাহী চাইৰিল কেবানেছকো এই গোচৰত অভিযুক্ত কৰা হৈছে।

অৱশ্যে এই সকলোবোৰ অভিযোগ ভিত্তিহীন বুলি দাবী কৰিছে আদানি গ্ৰুপে। এই গোচৰৰ সন্দৰ্ভত আদানিৰ মুখপাত্ৰই ইতিমধ্যে কৈছে যে, ‘আদানি গ্ৰীণৰ বিৰুদ্ধে আমেৰিকাৰ ন্যায় বিভাগ আৰু আমেৰিকাৰ ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ কমিছনে যি অভিযোগ উত্থাপন কৰিছে সেয়া ভিত্তিহীন আৰু আমি সেইবোৰ অস্বীকাৰ কৰিছো। আনকি সেই বিবৃতিত আমেৰিকাৰ ন্যায় বিভাগে কৈছিল – এই অভিযোগসমূহ কেৱল অভিযোগ আৰু দোষী প্ৰমাণ নোহোৱালৈকে অভিযুক্তক নিৰ্দোষী বুলি ধৰা হ’ব।’

আদানিয়ে কোটি কোটি টকাৰ চুক্তি নিশ্চিত কৰিবলৈ ভাৰতীয় বিষয়াসকলক উৎকোচ দিয়াৰ অভিযোগ উত্থাপন হৈছে। এইদৰে তেওঁলোকে আমেৰিকান আৰু আন্তঃৰাষ্ট্ৰীয় বিনিয়োগকাৰীক বিপথে পৰিচালিত কৰি বজাৰৰ পৰা ধন উলিয়াই আনিছিল।

দাবী কৰা হৈছে যে ২০২১ চনৰ জুলাইৰ পৰা ২০২২ চনৰ ফেব্ৰুৱাৰী মাহৰ ভিতৰত আদানি গোটে ভাৰত চৰকাৰৰ বিষয়াক উৎকোচ দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। ভাৰতীয় বিষয়াসকলক ২৫ মিলিয়ন ডলাৰৰ ওপৰত উৎকোচ দি আদানিয়ে সৌৰশক্তি যোগান ধৰাৰ লাভজনক চুক্তি লাভ কৰিছিল। এই চুক্তিসমূহে ২০ বছৰত ২০০ বিলিয়ন ডলাৰৰ অধিক লাভৰ সৃষ্টি কৰিব বুলি আশা কৰা হয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শ্যামকানু মহন্তৰ বিৰুদ্ধে ক্ষোভত ফাটি পৰিছে জুবিন অনুৰাগী : মহন্তৰ নিৰাপত্তাক লৈ উদ্বিগ্ন সচেতন মহল

শ্যামকানু মহন্তৰ বিৰুদ্ধে ক্ষোভত ফাটি পৰিছে জুবিন অনুৰাগী : মহন্তৰ নিৰাপত্তাক লৈ উদ্বিগ্ন সচেতন মহল

September 19, 2025 9:20 pm
নিৰ্বাচন আয়োগৰ চাফাই অভিযান! আঁতৰালে ৮০৮টা নিষ্ক্ৰিয় ৰাজনৈতিক দল

নিৰ্বাচন আয়োগৰ চাফাই অভিযান! আঁতৰালে ৮০৮টা নিষ্ক্ৰিয় ৰাজনৈতিক দল

September 19, 2025 8:51 pm
জুবিন গাৰ্গৰ আকস্মিক বিয়োগত কংগ্ৰেছ দলৰ গভীৰ শোক প্ৰকাশ

জুবিন গাৰ্গৰ আকস্মিক বিয়োগত কংগ্ৰেছ দলৰ গভীৰ শোক প্ৰকাশ

September 19, 2025 8:13 pm
মণিপুৰত অসম ৰাইফলছৰ ওপৰত আক্ৰমণ, এজন জোৱান নিহত, কেইজনো আহত

মণিপুৰত অসম ৰাইফলছৰ ওপৰত আক্ৰমণ, এজন জোৱান নিহত, কেইজনো আহত

September 19, 2025 8:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শ্যামকানু মহন্তৰ বিৰুদ্ধে ক্ষোভত ফাটি পৰিছে জুবিন অনুৰাগী : মহন্তৰ নিৰাপত্তাক লৈ উদ্বিগ্ন সচেতন মহল

শ্যামকানু মহন্তৰ বিৰুদ্ধে ক্ষোভত ফাটি পৰিছে জুবিন অনুৰাগী : মহন্তৰ নিৰাপত্তাক লৈ উদ্বিগ্ন সচেতন মহল

September 19, 2025 9:20 pm
নিৰ্বাচন আয়োগৰ চাফাই অভিযান! আঁতৰালে ৮০৮টা নিষ্ক্ৰিয় ৰাজনৈতিক দল

নিৰ্বাচন আয়োগৰ চাফাই অভিযান! আঁতৰালে ৮০৮টা নিষ্ক্ৰিয় ৰাজনৈতিক দল

September 19, 2025 8:51 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd