মছজিদ নে মন্দিৰ! এইবাৰ মথুৰাৰ শ্বাহি ইদগাহ মছজিদত নামাজ বন্ধ কৰাবলৈ আবেদন

Krishna Janmabhoomi case

দেশত এতিয়া মছজিদে মছজিদে মন্দিৰ সন্ধানৰ জোৱাৰ উঠিছে। দেশৰ সকলো সমস্যাৰ এতিয়া যতি পৰিছে। সমস্যা বুলিবলৈ এতিয়া এটাই মাথোন, চিন্তাও সেই এটাই মাথোন, কোনোবা মছজিদত মন্দিৰৰ সন্ধান পোৱা যায় নেকি !

হিন্দুত্ববাদী মহলে দেশৰ বিভিন্ন প্ৰান্তত মুছলমানসকলৰ উপাসনাথলী মছজিদৰ ভিতৰত কেনেবাকৈ হিন্দু মন্দিৰৰ অৱশিষ্ট উদ্ধাৰ কৰিব পাৰে নেকি, সেই চিন্তাতে প্ৰতিনিয়ত কাৰ্যপ্ৰণালী আৰম্ভ কৰিছে।

শেহতীয়াকৈ মোগল সাম্ৰাজ্যৰ অন্যতম শ্ৰেষ্ঠ স্থাপত্য তাজমহলক কেন্দ্ৰ কৰি গঢ়ি উঠা এটা বিতৰ্কত এলাহাবাদ উচ্চ ন্যায়ালয়ত মুখ থেকেচা খাইছে হিন্দুত্ববাদী মহলে।

সমান্তৰালভাৱে বাৰানসীৰ জ্ঞানৱাপী মছজিদত শিৱলিঙ্গ উদ্ধাৰৰ দাবীয়ে দেশৰ ৰাজনীতি তোলপাৰ লগাইছে।

এনে সময়তে এইবাৰ মথুৰাৰ শ্বাহি ইদগাহ মছজিদত নামাজ বন্ধ কৰিবলৈ আদালতত আবেদন দাখিল কৰিছে একাংশ অধিবক্তা আৰু আইনৰ শিক্ষাৰ্থীয়ে।

আবেদন যোগে তেওঁলোকে দাবী জনাইছে যে হিন্দুসকলৰ উপাস্য ভগৱান কৃষ্ণৰ জন্মস্থানত শ্বাহি ইদগাহ মছজিদ নিৰ্মাণ কৰা হৈছে। সেয়ে মুছলমানসকলক শ্বাহি ইদগাহ মছজিদত প্ৰাৰ্থনা কৰাৰ পৰা বিৰত ৰাখিব লাগে।

ইয়াৰ পূৰ্বেও বিভিন্ন হিন্দু গোটে মথুৰা আদালতত মছজিদটো আঁতৰাবলৈ বিচাৰি দহখন পৃথক আবেদন দাখিল কৰিছিল। তেওঁলোকে দাবী কৰিছিল যে কাটৰা কেশৱ দেৱ মন্দিৰৰ ১৩.৩৭ একৰ চৌহদৰ ভিতৰত কৃষ্ণৰ জন্মস্থানত এই মছজিদটো নিৰ্মাণ কৰা হৈছিল।

আনহাতে এতিয়া দাখিল কৰা নতুন আবেদনত কোৱা হৈছে যে মছজিদ থকা স্থানত ভগৱান কৃষ্ণৰ জন্ম হৈছিল বুলি হিন্দু সম্প্ৰদায়ৰ লোকসকলে বিশ্বাস কৰে।

আবেদনকাৰীসকলৰ ভিতৰত অন্যতম অধিবক্তা শৈলেন্দ্ৰ সিঙে দাবী কৰিছে যে পূৰ্বতে এটা মন্দিৰ থকা ঠাইত মছজিদটো নিৰ্মাণ কৰা হৈছে।

মুছলমান সম্প্ৰদায়ৰ দ্বাৰা মছজিদৰ ব্যৱহাৰৰ ওপৰত স্থায়ী আদেশ বিচাৰি আদালতৰ কাষ চাপিছে বুলি তেওঁ মন্তব্য কৰে।

অহা ২৫ মে’ত এই আবেদনৰ শুনানি গ্ৰহণ কৰা হ’ব বুলি জিলা চৰকাৰৰ পৰামৰ্শদাতা (অসামৰিক) সঞ্জয় গৌৰে জানিবলৈ দিছে।