NORTHEAST NOW (Assamese)

৫ এপ্ৰিল নিশা ৯ বজাত ৯ মিনিটৰ বাবে ঘৰৰ লাইট বন্ধ কৰি মমবাতি, চাকি, টৰ্চ অথবা মোবাইলৰ ফ্লাচ লাইট জ্বলাওক; ক’ৰ’নাৰ বিৰুদ্ধে ঐক্যবদ্ধ হোৱাৰ বাবে প্ৰধান মন্ত্ৰীৰ আহ্বান

April 3, 2020 9:29 am · এন ই নাও নিউজ
Updated: April 3, 2020 11:11 am
প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী। ফাইল ফটো

আজি ৰাতিপুৱা ৯ বজাত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীৰ বাবে এটা ভিডিঅ’ বাৰ্তা প্ৰেৰণ কৰে।

ভিডিঅ’টোত প্ৰধান মন্ত্ৰীয়ে ভাৰতবৰ্ষৰ সকলো নাগৰিকক তথা পৰিয়ালক ৫ এপ্ৰিল ৰবিবাৰে নিশা ৯ বজাত ৯ মিনিটৰ বাবে ঘৰৰ লাইট বন্ধ কৰি ঘৰৰ চৌহদত অথবা বেলকনিত মমবাতি, চাকি, টৰ্চ লাইট অথবা মোবাইলৰ ফ্লাচ জ্বলাবলৈ আহ্বান জনায়।

দেশৰ ১৩০ কোটি ভাৰতীয়ই এনেদৰে মমবাতি, চাকি অথবা টৰ্চ লাইট জ্বলাই ক’ৰ’নাক পৰাস্ত কৰি একেলগে আগবাঢ়ি যোৱাৰ বাবে সংকল্পবদ্ধ হ’বৰ বাবেও আহ্বান জনায় প্ৰধান মন্ত্ৰী গৰাকীয়ে।

মমবাতি অথবা চাকি জ্বলোৱাৰ সময়ত নাগৰিক সকল কোনোকাৰণতে যাতে ঘৰৰ বাহিৰলৈ ওলাই নাহে তাৰ বাবেও মোদীয়ে অনুৰোধ কৰে।

আনহাতে, ল’কডাউনৰ সময়ত দেশৰ দুখীয়া লোকসকলে আটাইতকৈ প্ৰভাৱিত হৈছে বুলি উল্লেখ কৰি তেওঁলোকৰ মনত ভৱিষ্যতে কেনেদৰে আগবাঢ়িব পৰা যাব সেই সম্বন্ধে শংকা হৈছে যদিও তেওঁলোক কেতিয়াও অকলশৰীয়া নহয় দেশৰ ১৩০ কোটি জনসাধাৰণ সদায় একলগে আছে বুলি প্ৰধান মন্ত্ৰীয়ে কয়।

‘‘আজি সমগ্ৰ বিশ্বই ক’ৰ’নাৰ বিৰুদ্ধে ভাৰতৰ ১৩০ কোটি নাগৰিকৰ অব্যাহত থকা সংগ্ৰামৰ শলাগ লৈছে। জনতা কাৰ্ফিউৰ পৰা ল’কডাউনলৈ ভাৰতৰ জনসাধাৰণৰ ক’ৰ’নাক পৰাস্ত কৰাৰ একাগ্ৰতা বিশ্বই প্ৰত্যক্ষ কৰিছে,’’ প্ৰধান মন্ত্ৰী গৰাকীয়ে লগতে কয়।

Related News