চাংসাৰিৰ জনসভাত অসমবাসীক উদ্দেশ্যি প্ৰধান মন্ত্ৰী মোদীৰ আবেগিক ভাষণ

PM-modi

চাংসাৰিৰ জনসভাত প্ৰধান মন্ত্ৰী মোদী

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আজি দিনৰ প্ৰায় ১ বজাত উত্তৰ গুৱাহাটীৰ চাংসাৰিত আহি উপস্থিত হয়। মোদী চাংসাৰিত উপস্থিত হোৱাৰ পাছতে ৰাজ্যিক বিজেপিৰ শীৰ্ষ নেতাসকলে তেওঁক গামোচা, চেলেং চাদৰেৰে সম্বৰ্দ্ধনা জনায়।

চাংসাৰিত বিশাল সমাৱেশত অসমীয়াতে ভাষণ আৰম্ভ কৰি ভূপেন হাজৰিকাৰ গীতৰ কলি আওৰাই প্ৰধান মন্ত্ৰী মোদীয়ে। মোদীয়ে ভূপেন হাজৰিকাৰ ‘অসম আমাৰ ৰূপহী, গুণৰো নাই শেষ’ গীতৰ পংক্তি আওৰায়।

প্ৰধান মন্ত্ৰী মোদীয়ে তেওঁৰ ভাষণত শংকৰদেৱ সংঘৰ অধিৱেশনৰ সফলতা কামনা কৰাৰ লগতে ভক্ত আৰু দৰ্শনাৰ্থীসকলক সভাৰ পৰাই অসমীয়াতে সম্ভাষণ জনায়।

মোদীয়ে ভূপেন হাজৰিকাই জীৱিত কালত কিয় ভাৰত ৰত্ন নাপালে সেই প্ৰশ্ন কৰি কয়, ‘’গোপীনাথ বৰদলৈক বাজপেয়ী চৰকাৰে ভাৰত ৰত্ন প্ৰদান কৰিছিল। কংগ্ৰেছে কিয় অসমৰ ৰত্নসমূহক চিনাক্ত কৰিব নোৱাৰিলে।‘’

প্ৰধান মন্ত্ৰীয়ে নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত অপপ্ৰচাৰৰ বাবে কংগ্ৰেছক সমালোচনা কৰে। বিজেপিয়ে দেশ বিভাজনৰ বলি হোৱা তথা নিৰ্যাতনৰ বলি হোৱা লোকসকলকহে নাগৰিকত্ব প্ৰদান কৰিব বুলি কয়।

তেওঁ লগতে কয়, ‘’আমি দেশত সম্পদ আহৰণৰ বাবে অহা আৰু নিজ দেশত অত্যাচাৰৰ কবলতপৰি অহা লোকৰ মাজৰ পাৰ্থক্য বুজিব লাগিব।‘’ এই বিধেয়ক কেবল উত্তৰ-পূবৰ বাবে নহয়, সমগ্ৰ ভাৰতবৰ্ষৰ বাবে বুলিও তেওঁ দোহাৰে।

অসমৰ বাজেটক প্ৰশংসা কৰি মোদীয়ে বিজেপি চৰকাৰে অসম চুক্তি ৰূপায়ন কৰিব বুলি ব্যক্ত কৰি কংগ্ৰেছে অসম চুক্তিক লৈ কেৱল ৰাজনীতি কৰিলে বুলি সদৰী কৰে।

প্ৰধান মন্ত্ৰী মোদীয়ে লগতে বিজেপিয়ে অসমৰ ভাষা-সংস্কৃতি ৰক্ষা কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ বুলিও স্পষ্টকৈ উল্লেখ কৰে।

অৰুণাচল প্ৰদেশত কেইবাটাও প্ৰকল্প উদ্বোধন তথা আধাৰশিলা স্থাপন কৰাৰ পাছত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী গুৱাহাটীত উপস্থিত হৈ অসমতো কেইবাটাও প্ৰকল্প উদ্বোধন কৰে।

প্ৰধান মন্ত্ৰী মোদীয়ে ব্ৰহ্মপুত্ৰৰ ওপৰত এখন দলঙৰ আধাৰশিলা স্থাপন কৰে। এই ছয় লেন যুক্ত দলঙখনে গুৱাহাটী-উত্তৰ গুৱাহাটীক সংযোগ কৰিব।

প্ৰধান মন্ত্ৰীয়ে লগতে চাংসাৰিত ভূমি পূজনেৰে সৰ্ব ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান (এইমছ)ৰ নিৰ্মাণ কাৰ্যৰো শুভাৰম্ভ কৰে। তদুপৰি, প্ৰধান মন্ত্ৰী মোদীয়ে নুমলীগড় শোধনাগাৰৰ বায়’ ডিজেল প্ৰকল্প আৰু বাৰাউনি-গুৱাহাটী গেছ পাইপলাইনৰো উদ্বোধন কৰে।

প্ৰধান মন্ত্ৰীৰ আজিৰ এই বিশাল জন সভাখনত অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখী, মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসকে ধৰি বিজেপিৰ নেতা-মন্ত্ৰীসকল উপস্থিত থাকে।