NORTHEAST NOW (Assamese)

৭ ফেব্ৰুৱাৰিত হ’ব বড়ো চুক্তি উদযাপন অনুষ্ঠান; উপস্থিত থাকিব প্ৰধান মন্ত্ৰী মোদী

January 27, 2020 4:09 pm · এন ই নাও নিউজ
ফটো উৎস : ইণ্টাৰনেট

আজি নতুন দিল্লীত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ, মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত বড়ো নেতৃত্বই স্বাক্ষৰ কৰে ঐতিহাসিক শান্তি চুক্তিত।

কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ত স্বাক্ষৰিত চুক্তিখনত এন ডি এফ বিৰ আটাইকেইটা গোটৰ লগতে বি পি এফৰ মুৰব্বী প্ৰধান হাগ্ৰামা মহিলাৰী আৰু এবছুৰ সভাপতি প্ৰমোদ বড়োৱেও স্বাক্ষৰ কৰে।

এই চুক্তি স্বাক্ষৰ হোৱাৰ দিন হিচাপে অহা ৭ ফেব্ৰুৱাৰিত বি টি এ ডিত এক উৎসৱৰ আয়োজন কৰিছে। বিশেষভাৱে আয়োজিত উৎসৱ কাৰ্যসূচীত উপস্থিত থাকিব দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহ মন্ত্ৰী অমিত শ্বাহ।

ইফালে দীৰ্ঘদিনীয়া বড়ো সমস্যা সমাধানৰ লক্ষ্যৰে স্বাক্ষৰিত হোৱা শান্তি চুক্তিক লৈ বি টি এ ডিত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে। বড়ো সংগঠনৰ নেতৃত্বৰ লগতে সাধাৰণ লোকসকলে ফটকা ফুটাই এই শান্তি চুক্তিক আদৰণি জনাইছে।

আনহাতে শান্তি চুক্তি স্বাক্ষৰিত কৰিবলৈ নতুন দিল্লীলৈ যোৱা বড়ো সংগঠনৰ নেতৃত্বক মঙলবাৰে কোকৰাঝাৰত বিপুল আদৰণি জনোৱা হ’ব বুলিও জানিব পৰা গৈছে।

উল্লেখ্য যে নতুনকৈ গঠন হ’বলগীয়া বি টি আৰ অৰ্থাৎ বড়ো টেৰিটৰিয়েল ৰিজনত সুকীয়া বিশ্ববিদ্যালয়, কিছু ৰাজনৈতিক ক্ষমতা, বড়ো ভাষাৰ সম্প্ৰসাৰণ আদি কৰা হ’ব।

তদুপৰি, ভৌগোলিক তথা ৰাজনৈতিক অধিকাৰসমূহৰ বিষয় চূড়ান্ত কৰাৰ বাবে এখন নিৰীক্ষণ কমিটি গঠন কৰা হ’ব।

Related News