অৰ্থনৈতিক কাম কাজ কেনেকৈ চলিব; ১৫ মে’ৰ ভিতৰত মুখ্য মন্ত্ৰীসকলৰ পৰামৰ্শ বিচাৰিলে মোদীয়ে

pm_505_030420083031_050420093326_270420092859 new

সোমবাৰে মুখ্য মন্ত্রীসকলৰ সৈতে প্রধান মন্ত্রীৰ বৈঠক।

তৃতীয় পৰ্যায়ৰ লকডাউনৰ মাজতে সোমবাৰে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যসমূহৰ মুখ্য মন্ত্ৰীসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে মিলিত হয়।

প্ৰধান মন্ত্ৰী মোদীয়ে মুখ্য মন্ত্ৰীসকলৰ পৰা ১৭মে’ৰ পাছত লকডাউনৰ স্থিতি সম্পৰ্কত মতামত গ্ৰহণ কৰে।

কেইবাঘন্টা ধৰি চলা বৈঠকৰ অন্তত প্ৰধান মন্ত্ৰীয়ে তেওঁৰ বক্তৱ্য আগবঢ়ায়।

জানিব পৰা মতে, বৈঠকত প্ৰধান মন্ত্ৰী মোদীয়ে কয় যে যিসকলে সম্পূৰ্ণ মতামত আগবঢ়াব নোৱাৰিলে তেওঁলোকে ১৫মে’ পৰ্যন্ত তেওঁলোকৰ পৰামৰ্শ প্ৰেৰণ কৰক।

তেওঁ কয় কেন্দ্ৰীয় চৰকাৰে কেনেদৰে অৰ্থনৈতিক কামকাজবোৰ চলাই নিব পাৰি সেই বিষয়ে বিবেচনা কৰি আছে।

বৈঠকত প্ৰধান মন্ত্ৰী মোদীয়ে কয় যে কৰ’নাৰ পাছত এক নতুন জীৱনশৈলী আৰম্ভ হ’ব। দেশৰ পৰ্যটনৰ সম্ভাৱনাসমূহকো নতুন দৃষ্টিৰে চাব লাগিব।

তেওঁ প্ৰযুক্তিৰ ওপৰত গুৰুত্ব দি শিক্ষাৰ ক্ষেত্ৰত নতুন পদ্ধতি গ্ৰহণ কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।

নিজৰ বক্তৱ্যত প্ৰধান মন্ত্ৰীয়ে জনসেৱাৰ প্ৰয়াসক উৎসাহিত কৰাৰ প্ৰয়োজনীয়তা সম্পৰ্কেও মন্তব্য আগবঢ়ায়।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন শ্ল’গান এটাও দিয়ে। তেওঁৰ নতুন শ্ল’গানটো হৈছে ‘জন চে জগ তক’।

তেওঁ নতুন শ্ল’গানটোৰ আঁৰৰ যুক্তি দাঙি ধৰি কয় যে যিদৰে প্ৰথম বিশ্ব যুদ্ধ আৰু দ্বিতীয় বিশ্ব যুদ্ধৰ পাছত বিশ্ব সলনি হৈ গৈছে ঠিক তেনেদৰে কৰ’নাৰ পাছতো পৰিস্থিতিৰ সলনি হৈ যাব।

সূত্ৰসমূহে জানিব দিয়া মতে প্ৰধান মন্ত্ৰীয়ে এইবাৰ ৰাজ্যসমূহকো লকডাউনৰ নিয়ম শিথিল কৰাৰ অধিকাৰ দিয়াৰ কথা চিন্তা কৰিছে যাতে তেওঁলোকৰ ইচ্ছানুসাৰে নিয়মসমূহ বলবৎ কৰিব পাৰে।

প্ৰধান মন্ত্ৰীৰ কাৰ্যালয়ৰ সূত্ৰ অনুসৰি ৰাজ্যসমূহে লকডাউন সৰল কৰি তুলিবলৈ ৰণকৌশল সম্পৰ্কে চিন্তা কৰা উচিত।

কিয়নো ৰাজ্যসমূহে প্ৰধান মন্ত্ৰীক অৱগত কৰি আহিছে যে লকডাউন দীৰ্ঘসময়লৈকে চলিলে তেওঁলোকৰ অৰ্থনৈতিক অৱস্থাৰ চৰম অৱনতি ঘটিব।