স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰি লালকিল্লাত প্ৰধানমন্ত্ৰী ক’লে, ‘মণিপুৰলৈ শান্তি ঘুৰি আহিছে’
স্বাধীনতা দিৱসত আনন্দত মতলীয়া সমগ্ৰ দেশ। আজি পুৱাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লালকিল্লাৰ পৰা জাতীয় পতাকা উত্তোলন কৰি দেশবাসীক সম্বোধন কৰে। প্ৰধানমন্ত্ৰীয়ে পৰাধীনতাৰ শিকলি ভাঙি দেশ মুক্ত কৰাৰ বাবে চৰম আত্মত্যাগ কৰা সংগ্ৰামীসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
তাৎপৰ্যপূৰ্ণভাৱে আজি প্ৰধানমন্ত্ৰীৰ ভাষণৰ আৰম্ভণিতে মণিপুৰৰ হিংসাৰ বিষয়টো তুলি ধৰা হয়। লালকিল্লাত থিয় হৈ প্ৰধানমন্ত্ৰীয়ে কয়, “মণিপুৰত ব্যাপক হিংসা সংঘটিত হৈছে। বহু লোকৰ মৃত্যু হৈছে। বিগত কেইবা সপ্তাহমানৰ পৰা মণিপুৰ উত্তপ্ত হৈ আছে। মাতৃ-ভগ্নীসকলৰ সন্মান হানি হৈছে। কিন্তু দেশ মণিপুৰৰ লগত আছে। লাহে লাহে তাত শান্তি ঘূৰি আহিছে। আমাৰ বৈচিত্ৰ্যই আমাৰ শক্তি।”
নিজৰ ভাষণত প্ৰধানমন্ত্ৰীয়ে বিশ্ব মঞ্চত ‘ডিজিটেল ইণ্ডিয়া’ৰ সফলতাৰ ওপৰত আলোকপাত কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰযুক্তিয়ে কেৱল দিল্লী বা মুম্বাইৰ দৰে বৃহৎ চহৰতে নহয়, ভাৰতৰ দূৰ্গম প্ৰান্ততো স্থান পাইছে।
তেওঁ কয়, ‘আজি লাখ লাখ শিশু প্ৰযুক্তিৰ দ্বাৰা পৰিচালিত। আজি সৰু চহৰৰ ল’ৰা-ছোৱালীয়ে চমক দি আছে।”
প্ৰধানমন্ত্ৰীয়ে কয়, “আজি ১৪ৰ কোটি ভাৰতবাসীয়ে শ্ৰমিক, মজদুৰসকলক সন্মান জনাইছে।” তেওঁলোকেই দেশক প্ৰগতিৰ পথত আগুৱাই লৈ গৈছে। আজি আমি এনে এটা সন্ধিক্ষণত থিয় দিছো যিয়ে অহা হাজাৰ বছৰৰ গতিপথ গঢ় দিব।”
তাৎপৰ্যপূৰ্ণভাৱে, ‘ৰাইজিং ইণ্ডিয়া’ৰ বাৰ্তাৰে প্ৰধানমন্ত্ৰীয়ে কয় যে, “দ্বিতীয় বিশ্বযুদ্ধৰ পিছত বিশ্বত এক নতুন পৰিৱৰ্তন আহিল৷ কৰ’ণাৰ পিছৰ পৰিস্থিতিতো একেদৰে বিশ্বত কৌশলগতভাৱে শক্তিৰ নতুন ভাৰসাম্যৰ সৃষ্টি হৈছে।”