বৃদ্ধি পাব ইন্টাৰনেটৰ গতি! দেশত 5G সেৱা মুকলি কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

PM Modi launches 5G services in India শনিবাৰে ভাৰতত 5G প্ৰযুক্তি মুকলি কৰা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই অত্যাধুনিক মোবাইল প্ৰযুক্তিৰ শুভাৰম্ভ কৰে। আৰম্ভণিতে দেশৰ কিছুমান চহৰত 5G সেৱা আৰম্ভ কৰা হ’ব। কেন্দ্ৰীয় চৰকাৰ আশাবাদী যে অহা দুবছৰৰ ভিতৰত সমগ্ৰ দেশতে 5G আৰম্ভ কৰা হ’ব।

টেলিকম বিভাগে জানিবলৈ দিছে যে প্ৰথম পৰ্যায়ত ভাৰতৰ কেইবাখনো চহৰত 5G সেৱা উপলব্ধ হ’ব। কলকাতা, দিল্লী, মুম্বাই, চেন্নাই আৰু আন কেইবাখনো চহৰ এই তালিকাত আছে। অৱশ্যে সম্পূৰ্ণ তালিকাখন এতিয়াও ৰাজহুৱা কৰা হোৱা নাই।

লগতে পঢ়ক: জয়শংকৰৰ ভ্ৰমণৰ পিছতেই ভাৰতীয় তেল কোম্পানীৰ ওপৰত নিষেধাজ্ঞা আৰোপ আমেৰিকাৰ

নতুন দিল্লীৰ প্ৰগতি ময়দানত ১ ৰ পৰা ৪ অক্টোবৰলৈ অনুষ্ঠিত হ’ব ইণ্ডিয়া ম’বাইল কংগ্ৰেছ। ইয়াৰ পৰাই প্ৰধানমন্ত্ৰীয়ে দেশত 5G প্ৰযুক্তি উদ্বোধন কৰে। দেৱালীৰ পৰা চহৰসমূহত 5G সেৱা আৰম্ভ কৰা হ’ব।

টেলিকম খণ্ডৰ বিশেষজ্ঞসকলে দাবী কৰিছে যে 5G প্ৰযুক্তি ভাৰতৰ বাবে যথেষ্ট লাভজনক প্ৰমাণিত হ’ব। ২০২৩ ৰ পৰা ২০৪০ চনৰ ভিতৰত ভাৰতৰ অৰ্থনীতিত কেৱল 5G প্ৰযুক্তিৰ বাবে অতিৰিক্ত ৫০ কোটি ডলাৰ আহিব।

লগতে পঢ়ক: এবছৰত খাইছিল ৬২খন চামুচ; অস্ত্ৰোপচাৰ কৰিবলৈ লৈ চকু কপালত উঠিল চিকিৎসকৰ!

মুকেশ আম্বানীৰ কোম্পানী ৰিলায়েন্স জিঅ’ই  5G স্পেকট্ৰামৰ সৰ্বাধিক আৱন্টন লাভ কৰিছে। তেওঁলোকে ফিফ্থ জেনেৰেশ্যন বা  5G স্পেকট্ৰামৰ বাবে ৮৮ হাজাৰ ৭৮ কোটি চুক্তি লাভ কৰিছে।

বিশেষজ্ঞসকলৰ মতে 5G সেৱাত ইণ্টাৰনেটৰ গতি যথেষ্ট বৃদ্ধি হ’ব। ফলস্বৰূপে যিকোনো ডাঙৰ ফাইল, চিনেমা বা গান কেইটিমান মুহূৰ্তৰ ভিতৰতে ডাউনলোড হ’ব।