• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এবছৰত খাইছিল ৬২খন চামুচ; অস্ত্ৰোপচাৰ কৰিবলৈ লৈ চকু কপালত উঠিল চিকিৎসকৰ!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 1, 2022 11:06 am
167
VIEWS
Share on FacebookShare on Twitter

Doctors remove 62 steel spoons from man’s stomach চিকিৎসকসকলে প্ৰায়ে অদ্ভুত ঘটনাৰ সাক্ষী হ’ব লগা হয়। এইবাৰ উত্তৰ প্ৰদেশৰ মুজাফ্ফৰনগৰৰ চিকিৎসকসকলে পুনৰ এবাৰ আন এক আচৰিত ঘটনাৰ সাক্ষী হ’ব লগা হ’ল। সেই জিলাৰ এখন চিকিৎসালয়ত অস্ত্ৰোপচাৰৰ পিছত এজন ৰোগীৰ পেটৰ পৰা ওলাল ৬২খন চামুচ। সেয়া দেখি স্বাভাৱিকতে চকু কপালত উঠিল চিকিৎসকৰ।

জানিব পৰা গৈছে যে অস্ত্ৰোপচাৰৰ পিছত বিজয় নামৰ ব্যক্তিজনক বৰ্তমান আইচিইউত ৰখা হৈছে।

অস্ত্ৰোপচাৰ কৰা চিকিৎসক ডাঃ ৰাকেশ খুৰানাই কয় যে ৰোগীজনে যোৱা বছৰত প্ৰায় ৬২খন ষ্টীলৰ চামুচ খাইছিল। ডাঃ খুৰানাই লগতে জনায় যে ৰোগীজনক যেতিয়া  এই বিষয়ে সোধা হৈছিল তেওঁ কৈছিল যে তেওঁ এই চামুচবোৰ নিজে খাইছিল।

জানিব পৰা মতে, যুৱকজন দীৰ্ঘদিন ধৰি পেটৰ বিষত ভুগি আছিল। পিছত তেওঁৰ স্বাস্থ্যৰ অৱস্থা অধিক অৱনতি হোৱাত তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয়। অৱস্থাটো সংকটজনক দেখি চিকিৎসকে বিজয়ক চিকিৎসালয়ত ভৰ্তি কৰায়।

চিকিৎসকসকলে অনুমান কৰিছিল যে তেওঁৰ পেটত কিবা এটা আছে যাৰ ফলত এই অৱস্থা হৈছে। তাৰ পিছত অস্ত্ৰোপচাৰৰ সিদ্ধান্ত লোৱা হয়। অস্ত্ৰোপচাৰৰ পিছত তেওঁৰ পাকস্থলীৰ পৰা ৬২ চামুচ ওলায়।

চিকিৎসকসকলে জানিবলৈ দিয়ে যে অস্ত্ৰোপচাৰটো কৰিবলৈ প্ৰায় ২ ঘণ্টা সময় লৈছে। ডাঙৰ ডাঙৰ চামুচবোৰ কেনেকৈ খালে সেই বিষয়ে ভাবি চিকিৎসকসকলো আচৰিত হৈছে।

এক সূত্ৰৰ মতে, বিজয়ৰ পৰিয়ালে দাবী কৰিছে যে যুৱকজনক নিচা-মুক্তি কেন্দ্ৰত বলপূৰ্বক চামুচ খুৱাই দিয়া হৈছিল। অভিযোগ অনুসৰি বিজয় প্ৰায় এমাহ ধৰি নিচা-মুক্তি কেন্দ্ৰত চিকিৎসাধীন হৈ আছিল। তাৰ পিছত তেওঁৰ অৱস্থা অধিক অৱনতি হোৱাত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। অৱশ্যে পৰিয়ালটোৰ ফালৰ পৰা কোনো অভিযোগ কৰাৰ কথা জানিব পৰা হোৱা নাই।

এনে ঘটনা ভাইৰেল হ’বলৈ বেছি সময় নালাগিল। খবৰটো মানুহৰ মুখত পৰি বিয়পি পৰিছে। যুৱকজনে কিয় চামুচ খাবলৈ আৰম্ভ কৰিছিল সেয়া বহুতৰ বাবে এক সাঁথৰ হৈ পৰিলেও অপাৰেচন টেবুলৰ পৰা লোৱা চামুচৰ ছবি এতিয়া ভাইৰেল হৈ পৰিছে।

Recent News

গুৱাহাটীৰ বন্ধ কোঠাত উদ্ধাৰ মহিলাৰ মৃতদেহ, হত্যাৰ সন্দেহ

গুৱাহাটীৰ বন্ধ কোঠাত উদ্ধাৰ মহিলাৰ মৃতদেহ, হত্যাৰ সন্দেহ

মুম্বাইত আশ্চৰ্যকৰ ঘটনাঃ এবছৰ ধৰি ১৬ বছৰীয়া ছাত্ৰক পঞ্চতাৰকাযুক্ত হোটেললৈ নি ধৰ্ষণ শিক্ষয়িত্ৰীৰ

মুম্বাইত আশ্চৰ্যকৰ ঘটনাঃ এবছৰ ধৰি ১৬ বছৰীয়া ছাত্ৰক পঞ্চতাৰকাযুক্ত হোটেললৈ নি ধৰ্ষণ শিক্ষয়িত্ৰীৰ

গুৱাহাটীৰ পানীযোগান সমস্যা সমাধানৰ দাবীত ধৰ্ণা কাৰ্যসূচী পালন নাগৰিক ঐক্য মঞ্চৰ

গুৱাহাটীৰ পানীযোগান সমস্যা সমাধানৰ দাবীত ধৰ্ণা কাৰ্যসূচী পালন নাগৰিক ঐক্য মঞ্চৰ

বৰ্ধিত অকাল মৃত্যুৰ বাবে দায়ী নেকি ক’ভিড ভেকচিন? কি উন্মোচিত হ’ল গৱেষণা কেন্দ্ৰ আইচিএমআৰ আৰু এইমছৰ যৌথ প্ৰতিবেদনত…

বৰ্ধিত অকাল মৃত্যুৰ বাবে দায়ী নেকি ক’ভিড ভেকচিন? কি উন্মোচিত হ’ল গৱেষণা কেন্দ্ৰ আইচিএমআৰ আৰু এইমছৰ যৌথ প্ৰতিবেদনত…

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd