বিতৰ্কৰ মাজতে নতুন সংসদ ভৱনৰ ভূমি পূজন প্ৰধানমন্ত্ৰী মোদীৰ

a PM-Modi_new-parliament

বিশাল ধনৰাশি ব্যয় কৰি নতুন সংসদ ভৱন নিৰ্মাণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা প্ৰস্তাৱকলৈ বিতৰ্ক চলি থকাৰ মাজতে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন সংসদ ভৱনৰ ভূমি পূজন কৰে।

আজি দুপৰীয়া ১২.৫৫ বজাত মোদীয় আনুষ্ঠানিক ভাবে ভূমি পূজনৰ জৰিয়তে নতুন সংসদ ভৱনৰ আধাৰশিলা স্থাপন কৰে।এই অনুষ্ঠানত উপস্থিত থাকে লউপ-ৰাষ্ট্ৰপতি তথা ৰাজ্যসভাৰ অধ্যক্ষ ভেংকয়া নাইডু,লোকসভাৰ অধ্যক্ষ ওম বিৰলা আদি বিশিষ্ঠ ব্যক্তিসকল।

ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে অনুষ্ঠানত ভাগ লয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ লগতে আন বহু কেইগৰাকী কেন্দ্ৰীয় মন্ত্ৰীয়ে।

উল্লেখ্য ৯৭১ কোটি টকা ব্যয় কৰি নিৰ্মাণ কৰি উলিয়াবলগীয়া সংসদ ভৱনটো ২০২২ চনৰ ভিতৰত সম্পূৰ্ণ কৰি তোলাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে

নতুন সংসদ ভৱনত লোকসভাত ৮৮৮ গৰাকী আৰু ৰাজ্যসভাত ৩৮৪ গৰাকী সাংসদে বহিব পাৰিব।

সংসদ ভৱন নিৰ্মাণৰ বাবে লাৰ্ছেন এণ্ড টুব্ৰ’কে ধৰি সাতটা প্ৰতিষ্ঠানে নিবিদা দাখিল কৰিছে।

ক’ৰ’ণাই দেশৰ অৰ্থনীতি বিধ্বস্ত কৰাৰ সময়তে এনেদৰে বিশাল পৰিমাণৰ ধন ব্যয় কৰি নতুন সংসদ ভৱন নিৰ্মাণ কৰিবলৈ লোৱা প্ৰস্তাৱৰ বিৰুদ্ধে বিৰোধী দল সমূহে তীব্ৰ আপত্তি দৰ্শাই আছে।

বিষয়টো আনকি উচ্চতম ন্যায়ালয়ৰ মজিয়ালৈও গৈছে।