NORTHEAST NOW (Assamese)

অৱশেষত সকলো জল্পনা কল্পনাৰ অৱসান : ১৬ জানুৱাৰীৰ পৰা দেশত আৰম্ভ হ’ব ক’ৰ’ণাৰ টিকাকৰণৰ

January 14, 2021 11:42 am · এন ই নাও নিউজ

সকলো জল্পনা কল্পনাৰ অৱসান। দেশত অহা ১৬ জানুৱাৰীৰ পৰা আৰম্ভ কৰাৰ হ’ব কোবিড১৯ৰ টিকাকৰণ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিব দেশজোৰা এই কোভিড টিকাকৰণ। প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰ্চুৱেলি উদ্বোধন কৰিবলগীয়া এই কাৰ্যসূচীৰ লগতে ‘কো-উইন’ নামৰ এটি এপ আনুষ্ঠানিকভাৱে মুকলি কৰা হ’ব।

ইতিমধ্যে দেশৰ বিভিন্ন প্ৰান্তলৈ কোভিড ভেকিচন প্ৰেৰণ কৰা হৈছে। দেশৰ প্ৰতিখন ৰাজ্যই টিকাকৰণ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে যোৱা ৩ জানুৱাৰীত দেশত জৰুৰী টিকাকৰণৰ বাবে দুটা কোভিড ভেকচিনক অনুমোদন জনাইছিল ভাৰতে।

ইয়াৰ পিছতে সমগ্ৰ দেশতে কোভিড টিকাকৰণৰ বাবে সমগ্ৰ দেশতে যুদ্ধসদৃশ তৎপৰতা পৰলিক্ষিত হয়।

সোমবাৰে ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে অনুষ্ঠিত ভাৰ্চুৱেল বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, “সমগ্ৰ বিশ্বৰ তুলনাত ভাৰতৰ পৰিস্থিতি অনেক ভাল। দেশত দুটা ভেকচিন অনুমোদন দিয়া হৈছে। এই দুইটা ভেকচিনেই বিশ্বৰ সকলো ভেকচিনৰ তুলনাত অধিক কাৰ্যকৰী। আৰু ভেকচিন অনুমোদনৰ অপেক্ষাত আছে। কিন্তু ভেকচিনকলৈ অপ্ৰচাৰ বন্ধ কৰিব লাগিব।”

ইফালে মংগলবাৰে কেন্দ্ৰীয় স্বাস্থ্য সচিব ৰাজেশ ভূষণে জনাইছিল যে দেশৰ ৩৩ খন ৰাজ্যৰ লগতে ৮ খন কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৭৩৬ খন জিলাত টিকাকৰণ আৰম্ভ কৰা হ’ব।

Related News