শংকৰ সংঘৰ অধিৱেশনলৈ আহিলে প্ৰধান মন্ত্ৰী মোদীয়ে দেখিব পাৰে ক’লা পতাকা

কাৰ হেলিকপ্টাৰ নামিবলৈ হেলিপেড নিৰ্মাণ হৈ আছে অধিৱেশনথলীত?

pm-modi-at-85th-annual-conference-of-srimanta-sankaradeva-sangha-in-assam

সংঘৰ ৮৫ সংখ্যক শিৱসাগৰ অধিৱেশনত প্ৰধান মন্ত্ৰী মোদী। সৌজন্য-- narendramodi.in

সমাগত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৮ সংখ্যক মৰিগাঁও অধিৱেশনলৈ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আহিব বুলি পুনৰ খবৰ ওলোৱাৰ সময়তে ইয়াক লৈ সতৰ্ক হৈ উঠিছে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আন্দোলনকাৰী দল-সংগঠন। ফলত অধিৱেশনলৈ আহিলেও মোদীৰ এই ভ্ৰমণ সুখকৰ নহ’ব পাৰে।

অধিৱেশনলৈ মোদীৰ আগমনৰ বিৰোধিতা কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিকে ধৰি ৭০টা জাতীয়-জনগোষ্ঠীয় তথা সামাজিক সংগঠনে। নতুন দিল্লীত এখন সংবাদমেল পাতি এই কথা প্ৰকাশ কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈয়ে।

‘‘৭০টা সংগঠনৰ কেন্দ্ৰীয় সমিতি, জিলা সমিতি আৰু আঞ্চলিক সমিতিসমূহৰ প্ৰতিনিধিয়ে অহা ৮ বা ৯ ফেব্ৰুৱাৰিত প্ৰধান মন্ত্ৰী শংকৰ সংঘৰ অধিৱেশনলৈ অহাৰ সময়ত ক’লা পতাকা প্ৰদৰ্শন কৰি প্ৰতিবাদ সাব্যস্ত কৰিব’’, অখিল গগৈয়ে কয়।

তেওঁ এটা জাতীয় অনুষ্ঠান হিচাপে শ্ৰীমন্ত শংকৰদেৱ সংঘই ‘অসমীয়া জাতিৰ বিপক্ষে’ বিজেপি দল থিয় দিয়াৰ সময়ত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক অধিৱেশনলৈ নিমন্ত্ৰণ কৰাটো ৭০টা সংগঠনে বিৰোধিতা কৰা বুলিও মন্তব্য কৰে। লগতে মোদীৰ নিমন্ত্ৰণ বাতিল কৰিবলৈও গগৈয়ে আহ্বান জনায়।

উল্লেখ্য যে, ৯ ফেব্ৰুৱাৰিত কেইবাটাও কাৰ্যসূচী লৈ প্ৰধান মন্ত্ৰী অসম ভ্ৰমণলৈ অহাৰ কথা আছে। ইয়াৰ মাজতেই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনতো মোদীয়ে অংশ ল’ব পাৰে বুলি চৰ্চিত হৈ আছে।

কিন্তু মোদীৰ আগমনৰ বিষয়ে অসম আৰক্ষীয়ে আনুষ্ঠানিকভাৱে কোনো খবৰ পোৱা নাই বুলি ২ ফেব্ৰুৱাৰিত দিচপুৰত অনুষ্ঠিত এখন সংবাদমেলত আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়াই জানিবলৈ দিয়ে।

ইপিনে অধিৱেশন থলীত হেলিকপ্টাৰ অৱতৰণৰ বাবে হেলিপেডৰ নিৰ্মাণকাৰ্য পূৰ্ণগতিত চলি আছে বুলি জানিব পৰা গৈছে। কাৰ হেলিকপ্টাৰ নামিবৰ বাবে এই হেলিপেড বনোৱা হৈছে সেয়া জনাব বিচৰা নাই আদৰণি সমিতিয়ে।

আনহাতে নৰেন্দ্ৰ মোদীক অধিৱেশনলৈ নহাটো কামনা কৰা বুলি পূৰ্বে সংঘৰ নৱনিৰ্বাচিত পদাধিকাৰ কমলাকান্ত গগৈয়ে নৰ্থ-ইষ্ট নাওৰ আগত মন্তব্য প্ৰকাশ কৰিছিল। ‘মোদী আজি আছে কাইলৈ নাই, কিন্তু শ্ৰীমন্ত শংকৰদেৱ সংঘ অসমৰ ৰাইজৰ লগত সদায় থাকিব লাগিব’ বুলিও নৱনিৰ্বাচিত পদাধিকাৰজনে মন্তব্য কৰিছিল।

ইয়াৰ পিছতো মোদী অহাটো কামনা কৰিছে নেকি এটা অংশই? এইবাৰৰ অধিৱেশনত মন্ত্ৰী হিমন্ত ওতপ্ৰোতভাৱে জড়িত হৈ থকালৈ চাই মন্ত্ৰীজনে মোদীক অনাৰ বাবে চেষ্টা অব্যাহত ৰাখিব পাৰে বুলিও একাংশই মন্তব্য কৰিছে।