PM Modi, কিয় আফগানিস্তানৰ নতুন চৰকাৰক স্বীকৃতি দিবলৈ খৰধৰ নকৰাৰ কথা ক’লে প্ৰধানমন্ত্ৰী মোদীয়ে?

Modi on Afghanistan at SCO meet

PM Modi, আফগানিস্তানত তালিবানে গঠন কৰা নতুন চৰকাৰখনক স্বীকৃতি দিবলৈ খৰধৰ নকৰিবলৈ বিশ্ব সম্প্ৰদায়ক আহ্বান জনাইছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আফগানিস্তানৰ নতুন চৰকাৰখনে সকলোকে সামৰি ল’ব পৰা নাই বুলি মন্তব্য কৰে মোদীয়ে।

PM Modi, বিশ্বই এইটো নিশ্চিত কৰা উচিত যে আফগানিস্তানৰ ভূমি ব্যৱহাৰ কৰি যাতে সন্ত্ৰাসবাদ বিয়পি নপৰে। শুকুৰবাৰে ছাংহাই কৰ্পোৰেশ্যন অৰ্গেনাইজেশ্যনৰ সন্মিলনত এই বাৰ্তা দিয়ে প্ৰধানমন্ত্ৰী মোদীয়ে।

মোদীয়ে কয় যে আফগানিস্তানত মৌলবাদ বৰ্তি থাকিলে সেইটো সমগ্ৰ বিশ্বৰ বাবে সমস্যাজনক হ’ব। মৌলবাদৰ বিৰুদ্ধে সকলোকে একত্ৰিত হোৱাৰ কথাও উল্লেখ কৰি মোদীয়ে কয় যে অঞ্চলটোত শান্তি অটুট ৰাখিবলৈ, নিৰাপত্তা নিশ্চিত কৰিবলৈ তথা বিশ্বাস অক্ষুণ্ণ ৰাখিবলৈ এয়া জৰুৰী।

প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয় যে আমি ইতিহাসৰ পিনে উভতি চালে দেখা পাও যে মধ্য এছিয়া আধুনিক তথা প্ৰগতিশীল সংস্কৃতিৰ লগতে নীতিবোধৰ দুৰ্গ আছিল। ইয়াৰ পৰাই ছুফীবাদৰ সৃষ্টি হৈ শতিকাৰ পাছত শতিকা ধৰি বিশ্বজুৰি বিয়পি পৰিছে। এতিয়াও তাৰ প্ৰভাৱ সাংস্কৃতিক ঐতিহ্যত পৰিস্ফুট। সেই মধ্য এছিয়াৰ ঐতিহাসিক ঐতিহ্যৰ বাবেই এছ চি অ’(ছাংহাই কৰ্পোৰেশ্যন অৰ্গেনাইজেশ্যন)ই মৌলবাদ আৰু উগ্ৰপন্থাৰ বিৰুদ্ধে ঐক্যমত গঢ়ি তুলিব লাগিব।

Also read : Mira Borthakur ,গো সুৰক্ষাতকৈ নাৰী সুৰক্ষাত গুৰুত্ব দিয়ক চৰকাৰে : মীৰা বৰঠাকুৰ

এই সমস্ত বিষয় চালিজাৰি বৰ্তমান আফগানিস্তানৰ চৰকাৰখন যে মৌলবাদ আৰু সন্ত্ৰাসবাদৰ দ্বাৰা পৰিচালিত তাৰ ইংগিত দাঙি ধৰে প্ৰধানমন্ত্ৰী মোদীয়ে। সেয়ে, আফগানিস্তানৰ নতুন চৰকাৰখনক স্বীকৃতি দিয়াৰ ক্ষেত্ৰত বিশ্বসম্প্ৰদায়ে খৰধৰ নকৰাৰ বাবে আহ্বান জনাইছে।