NORTHEAST NOW (Assamese)

কাইলৈ পুৱা ন বজাত দেশবাসীলৈ ভিডিঅ’ বাৰ্তা প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

April 2, 2020 6:36 pm · এন ই নাও নিউজ
প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে পুৱা দেশবাসীৰ সৈতে এক ভিডিঅ’ বাৰ্তা বিনিময় কৰিব।

কিছু সময় পূৰ্বে প্ৰধান মন্ত্ৰীজনে চ’চিয়েল মিডিয়াত এই কথা সদৰী কৰিছে।

কৰ’নাভাইৰাছৰ আতংকৰ মাজতে প্ৰধান মন্ত্ৰীগৰাকীয়ে পূৰ্বে দুবাৰ দেশবাসীক সম্বোধন কৰিছিল।

কৰ’নাভাইৰাছ প্ৰতিহত কৰাৰ বাবে মোদীয়ে যোৱা ২৪ মাৰ্চত সমগ্ৰ দেশজুৰি ২১ দিনৰ লকডাউন ঘোষণা কৰিছিল।

প্ৰধান মন্ত্ৰীয়ে দেশৰ প্ৰত্যেকজন লোককে মহামাৰীবিধক গুৰুত্বসহকাৰে লৈ ঘৰতে থাকিবলৈ আহ্বান জনাইছিল।

দেশৰ বহু অংশত তাৰ পূৰ্বেও লকডাউন ঘোষণা কৰা হৈছিল। কিন্তু প্ৰধান মন্ত্ৰীগৰাকীৰ ঘোষণাৰ পিছত সমগ্ৰ দেশতে এই লকডাউন বলৱৎ হৈছিল।

ভাৰতত কৰ’নাভাইৰাছত আক্ৰান্তৰ সংখ্যাই ২০০০ৰ সীমা চোৱাৰ ফালে আগবাঢ়িছে।

বিশ্বজুৰি এই সংখ্যা ১ মিলিয়ন হোৱাৰ দিশে আগবাঢ়িছে।

Related News