যোগীৰ ৰাজ্যত কিয় ধৰ্ণাত বহিল প্ৰধানমন্ত্ৰী মোদীৰ ভাতৃ?

prahlad modi

প্ৰধানমন্ত্ৰীৰ ভাতৃ প্ৰহ্লাদ মোদী।

মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ ৰাজ্য উত্তৰ প্ৰদেশত ধৰ্ণাত বহিবলগীয়া হ’ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাতৃ প্ৰহ্লাদ মোদী! লক্ষ্ণৌ বিমানবন্দৰত বুধবাৰে ঘটে এই ঘটনা।

প্ৰহ্লাদ মোদীয়ে কেবল ধৰ্ণাই নহয়, একে সময়তে অনশনত বহাৰ কথাও কয়। কিন্তু তেওঁৰ দাবী মানি লোৱাৰ পাছতে তেওঁ ধৰ্ণা তথা অনশন প্ৰত্যাহাৰ কৰে।

বাতৰি অনুসৰি, প্ৰহ্লাদ মোদীয়ে অভিযোগ কৰে যে তেওঁৰ সমৰ্থকসকলে তেওঁক লক্ষ্ণৌ বিমানবন্দৰত আদৰণি জনাবলৈ অহাৰ সময়ত আৰক্ষীয়ে বিনা কাৰণে তেওঁলোকক গ্ৰেপ্তাৰ কৰে।

ইয়াৰ পাছতে তেওঁলোকৰ মুক্তিৰ দাবীত ধৰ্ণাত বহে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাতৃ প্ৰহ্লাদ মোদী।

প্ৰহ্লাদ মোদীয়ে জানিবলৈ দিয়ে যে কিছু সামাজিক অনুষ্ঠানৰ বাবে তেওঁ উত্তৰ প্ৰদেশ আহিছিল। তাত তেওঁ প্ৰয়াগৰাজ, প্ৰতাপগড়, চুলতানপুৰ আৰু জৌনপুৰত যোৱাৰ কথা আছিল। তেওঁক প্ৰয়াগৰাজলৈ নিবৰ বাবে অহা লোকসকলক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আৰু তেওঁলোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ প্ৰয়াস কৰে।

তেওঁ নিজৰ সমৰ্থকসকলৰ মুক্তিৰ বাবে বুধবাৰপে বিমানবন্দৰতে ধৰ্ণা দিয়াৰ লগতে অনশনত বহে।

প্ৰহ্লাদ মোদীয়ে জানিবলৈ দিয়ে যে তেওঁ যেতিয়া আৰক্ষীক এই সন্দৰ্ভত প্ৰশ্ন কৰে তেতিয়া তেওঁলোকে হেনো প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ নিৰ্দেশ থকা বুলি কৈছিল। কিন্তু তেওঁ সেই নিৰ্দেশ চাব বিচৰাত আৰক্ষীয়ে সেয়া দেখুৱাব নোৱাৰিলে। প্ৰহ্লাদ মোদীয়ে এইটো প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ক বদনাম কৰাৰ চেষ্টা হ’ব পাৰে বুলি ব্যক্ত কৰে।

জানিব পৰা মতে, ১৪৪ ধাৰা অনুসৰি প্ৰহ্লাদ মোদীৰ সেই সমৰ্থকসকলক গ্ৰেপ্তাৰ কৰা হৈছিল। সমৰ্থকসকলৰ মুক্তিৰ পাছত মোদীয়ে প্ৰতিবাদ প্ৰত্যাহাৰ কৰে।