দাতাকৰ্ণ মোডী: নিজৰ জমা ধনৰ পৰা দান কৰিলে ১০৩ কোটি টকা

modi1233

এক লাখ, দুই লাখ নহয়, নিজৰ সঞ্চিত ধনৰ পৰা ১০৩ কোটি টকা দান কৰি এতিয়া দাতাকৰ্ণত পৰিণত হৈছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।

বহুতে হয়তো ভাবিব পাৰে যিটো সময়ত দেশৰ গৰিষ্ঠ সংখ্যক সাধাৰণ নাগৰিকেই দুবেলা দুমুঠি ভাতৰ বাবে চিন্তা কৰিবলগীয়া হৈছে সেই সময়তে প্ৰধানমন্ত্ৰী মোডীয়ে দান কৰিবলৈ ইমান টকা ক’ত পালে বাৰু?

দৰাচলতে মোডীয়ে বিভিন্ন সময়ত কৰা বিদেশ ভ্ৰমণৰ সময়ত পোৱা মূল্যৱান উপহাৰ নিলাম কৰি  লাভ কৰিছে বহু ধন।

পুৰস্কাৰৰ নামতো তেওঁ পাইছে অনেক ধন।

দক্ষিণ কোৰিয়াৰ ছোল পীচ পুৰস্কাৰতেই তেওঁ লাভ কৰা ধনৰ পৰিমাণ হৈছে ১ কোটি ৩০ লাখ টকা।

তদুপৰি উপহাৰ হিচাবে পোৱা সামগ্ৰী নিলাম কৰিও তেওঁ লাভ কৰিছে কোটি কোটি টকা।

গুজৰাটৰ  মুখ্যমন্ত্ৰী হৈ থাকোতে তেওঁ উপহাৰৰ সামগ্ৰী নিলাম কৰি পাইছিল ৯০ কোটি টকা ।

এই সমুদায় ধন তেওঁ কন্যা শিশুৰ শিক্ষাৰ বাবে কন্যা কেলাবনি ফাণ্ডলৈ দান কৰিছিল।

এইবাৰ তেওঁ পি এম কেয়াৰ  পূঁজিলৈ পোনপ্ৰথমেই দান কৰিছিল ২ কোটি ২৫ লাখ টকা।

কেৱল সেয়াই নহয়,ছোল পীচ পুৰস্কাৰৰ ১ কোটি ৩০ লাখ টকা তেওঁ দান কৰিছে গংগা নদীৰ পৰিস্কৰণৰ বাবে।

২০১৫ চনতো উপহাৰৰ সামগ্ৰী নিলাম কৰি পোৱা ৮ কোটি ৩৫ লাখ টকা তেওঁ দান কৰিছিল নমামী গংগা অভিযানৰ বাবে।

এনেদৰে আজিৰ তাৰিখত মোডীয়ে সামাজিক কল্যাণৰ বাবে দান কৰা ধনৰ পৰিমাণ হৈছেগৈ ১০৩ কোটি টকা।