NORTHEAST NOW (Assamese)

OLX ৰ বিক্ৰীৰ তালিকাত প্ৰধানমন্ত্ৰী মোডীৰ বাৰাণসীৰ কাৰ্যালয়; ৪জনক গ্ৰেপ্তাৰ

December 19, 2020 8:48 am · এন ই নাও নিউজ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বাৰাণসীৰ কাৰ্যালয় বিক্ৰীৰ বিজ্ঞাপন OLX ৰ ৱেবছাইটত প্ৰকাশ পোৱাৰ পাছতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়।

প্ৰধানমন্ত্ৰী বাৰণসীৰ কাৰ্যালয়টো ৭.৫কোটি টকাত বিক্ৰীৰ বিজ্ঞাপন প্ৰকাশ পোৱা এই ঘটনাত চাৰিজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

অভিযোগ অনুসৰি, বিজ্ঞাপনটোত নৰেন্দ্ৰ মোদীৰ কাৰ্যালয়ৰ ছবিসহ বিশদ তথ্য দিয়া হৈছিল।

আৰক্ষীৰ নিৰ্দেশত  OLX ৰ ৱেবছাইটৰ পৰা বিজ্ঞাপনটো অঁতৰাই পেলোৱা হৈছে। লগতে এই সন্দৰ্ব এখন এজাহাৰো দাখিল কৰা হয়।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে তদন্ত চলাই থকা হৈছে আৰু তাৰ মাজতে যিজন লোকে ছবিখন তুলিছিল তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে।

OLX ৰ ৱেবছাইটৰ সেই বিজ্ঞাপনটোত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সংসদীয় কাৰ্যালয়টো এটা চাৰিটা বেডৰুম আৰু চাৰিটা টয়লেটসহ মুঠ ৬৫০০বৰ্গফুটৰ ভিলা হিচাপে বিক্ৰীৰ বিজ্ঞাপন দিয়া হৈছে।

ঘটনাটোত জড়িত থকাৰ সন্দেহত বাৰাণসী আৰক্ষীয়ে আৰু চাৰিজন লোকক গ্ৰেপ্তাৰ কৰিছে। বিজ্ঞাপনত বিক্ৰেতাৰ নাম লক্ষ্মীকান্ত ওজা বুলি উল্লেখ কৰা হৈছে। এই সন্দৰ্ভতো বিতং তদন্ত চলাই থকা হৈছে।

OLX ৰ দৰে ই-কমাৰ্ছ ৱেবছাইটত ভুৱা বিজ্ঞাপন ইয়াৰ পূৰ্বেও কেইবাবাৰো প্ৰকাশিত হৈছিল। যোৱা ছেপ্টেম্বৰ মাহত  কেইবাজনৰো বিৰুদ্ধে সেনাবাহিনীত কৰ্মৰত বুলি ভুৱা পৰিচয় ব্যৱহাৰ কৰি গ্ৰাহকৰ সৈতে প্ৰবঞ্চনা কৰাৰ অভিযোগো উঠিছিল।

Related News