PM Modi’s Wealth rises: সম্পত্তি বাঢ়িল প্ৰধানমন্ত্ৰীৰ; এবছৰত আৰু কিমান ধনী হ’ল মোদী?

2021_5$largeimg_252692641

PM Modi’s Wealth rises: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ যোৱা বছৰৰ তুলনাত এইবছৰ মুঠ সম্পত্তিৰ পৰিমান বৃদ্ধি পাইছে ২২লাখ টকা।

যোৱা বছৰ প্ৰধানমন্ত্ৰীৰ মুঠ সম্পত্তিৰ পৰিমান আছিল ২কোটি ৮৫লাখ টকা। এইবাৰ সম্পত্তিৰ পৰিমান বৃদ্ধি পাই হ’লগৈ ৩কোটি ৭লাখ ৬৮হাজাৰ ৮৮৫টকা।

যোৱা ৩১ মাৰ্চলৈ প্ৰধানমন্ত্ৰীৰ বেংক একাউন্টত জমা ধনৰ পৰিমান হৈছে ১লাখ ৫২হাজাৰ ৪৮০ টকা।মোদীৰ হাতত নগদ ধন আছে ৩৬হাজাৰ ৯০০টকা।

এছ বি আইৰ গান্ধীনগৰ শাখাত থকা মোদীৰ ফিক্সড ডিপ’জিটৰ সুতৰ হাৰৰ ফলত সম্পত্তিৰ পৰিমান বহুখিনি বৃদ্ধি পাইছে।

প্ৰধানমন্ত্ৰীৰ ফিক্সড ডিপ’জিটৰ পৰিমান হৈছে ১কোটি ৮৩লাখটকা। বিগত বৰ্ষত ইয়াৰ পৰিমান ১.৬কোটি টকা আছিল।

আৰু পঢ়ক: হ্ৰাস পাইছে দেশত কৰ’নাৰ দৈনিক সংক্ৰমণ; ডেৰ বছৰৰ ভিতৰত সৰ্বোচ্চ সুস্থতাৰ হাৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেশ্যনেল ছেভিংছ চাৰ্টিফিকেটত গচ্ছিত আছে ৮লাখ ৯৩হাজাৰ ২৫১টকা। সেইদৰে, জীৱন বীমাত সঞ্চয় আছে ১লাখ ৫০হাজাৰ ৯৫৭টকা।

ইয়াৰ উপৰি এল এণ্ড টি ইনফ্ৰা বণ্ডত প্ৰধানমন্ত্ৰীয়ে বিনিয়োগ কৰিছিল।

ইপিনে, নৰেন্দ্ৰ মোদীৰ নামত কোনো ঋণ নাই। মোদীৰ লগত আছে ১লাখ ৪৮হাজাৰ ৩৩১টকা মূল্যৰ চাৰিটা সোণৰ আঙুঠি।

লগতে পঢ়ক: তামিলনাডুৰ মন্দিৰ আৰু ব্যক্তিৰ জিম্মাত অসম-অৰুণাচলৰ ৬৩টা হাতী; কাৰ হাতত অনুজ্ঞাপত্ৰ?

প্ৰধানমন্ত্ৰীৰ ১.১ কোটি টকাৰ এটি স্থাৱৰ সম্পত্তি আছে য’ত সম্পত্তিৰ মাত্ৰ ২৫ শতাংশৰ মালিকানা তেওঁৰ। এই সম্পত্তিটো হৈছে ৩,৫৩১ বৰ্গফুটৰ।

মোদীয়ে ২০০২ চনত গুজৰাটৰ মুখ্যমন্ত্ৰী হোৱাৰ দুমাহ পূৰ্বে ১.৩লাখ টকাৰ বিনিময়ত এইটো ক্ৰয় কৰিছিল। কিন্তু প্ৰধানমন্ত্ৰী হোৱাৰ পাছত মোদীয়ে কোনো সম্পত্তিৰ বিনিয়োগ কৰা নাই।