NORTHEAST NOW (Assamese)

আমফানত বিধ্বস্ত পশ্চিমবংগলৈ প্ৰধান মন্ত্ৰীৰ ১০০০ কোটি টকাৰ সাহায্য পেকেজ

May 22, 2020 6:29 pm · এন ই নাও নিউজ
নৰেন্দ্ৰ মোদী

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আমফানৰ ফলত বেয়াকৈ ক্ষতিগ্ৰস্ত হোৱা পশ্চিমবংগ আৰু ওড়িশা ভ্ৰমণ কৰে।

নৰেন্দ্ৰ মোদীয়ে ৰাতিপুৱাই বিশেষ বিমানেৰে পশ্চিমবংগত উপস্থিত হৈ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীৰ সৈতে হেলিকপ্তাৰত কলকাতা আৰু পশ্চিমবংগৰ বিভিন্ন প্ৰান্তৰ পৰিস্থিতি পৰিদৰ্শন কৰে।

পশ্চিমবংগৰ পৰিস্থিতি পৰিদৰ্শন কৰি প্ৰধান মন্ত্ৰীয়ে তাৎক্ষণিকভাৱে ১০০০ কোটি টকাৰ সাহায্য পেকেজ ঘোষণা কৰে।

আনহাতে, আমফানত মৃত্যু হোৱাৰ লোক সকলৰ পৰিয়াললৈ পৃথকভাৱে মোদীয়ে ২ লাখ টকা আৰু আঘাতপ্ৰাক্ত সকললৈ ৫০,০০০ টকাকৈ আগবঢ়োৱাৰ কথা ঘোষণা কৰে।

‘‘এই পৰিস্থিতিত আমি সকলোৱে পশ্চিমবংগৰ সৈতে একেলগে আছো,’’ প্ৰধান মন্ত্ৰীয়ে কয়।

প্ৰধান মন্ত্ৰী মোদীয়ে মমতা বেনাৰ্জীৰ নেতৃত্বত পশ্চিমবংগই ক’ৰ’না আৰু আমফান দুটা দুৰ্যোগৰ সৈতে একেলগে যুদ্ধ কৰি আছে বুলিও লগতে কয়।

পশ্চিমবংগৰ পৰিস্থিতি পৰিদৰ্শনৰ পাছতে নৰেন্দ্ৰ মোদী ওড়িশাত উপস্থিত হৈ ৰাজ্যখনৰ সামগ্ৰিক পৰিস্থিতি পৰিদৰ্শন কৰে।

বিমান বন্দৰত ওড়িশাৰ মুখ্য মন্ত্ৰী নবীন পাটনায়কে প্ৰধান মন্ত্ৰীক আদৰণি জনায়।

Related News